অসম

assam

Assam assembly building: অসম বিধানসভাৰ নতুন ভৱন মুকলি কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

By

Published : Jul 30, 2023, 8:24 AM IST

Updated : Jul 30, 2023, 9:34 AM IST

বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে অসম বিধানসভাৰ নতুন ভৱন । নতুন ভৱনৰ মুকলিৰ লগে লগে পুৰণি ভৱনটোৱে 50 বছৰীয়া বৰ্ণিল যাত্রা সামৰি ইতিহাস হৈ পৰিব । নতুন ভৱনৰ পৰাই অনুষ্ঠিত হ'ব অসম বিধানসভাৰ আগন্তুক অধিৱেশনসমূহ । মুঠ 351 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে নতুন স্থায়ী ভৱনটো । নতুন ভৱনত সদস্যৰ আসনৰ সংখ্যা 186 খন ।

Assam assembly building
অসম বিধানসভাৰ নতুন ভৱন

অসম বিধানসভাৰ নতুন ভৱন মুকলি কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

গুৱাহাটী,৩০ জুলাই: স্থায়ী ঠিকনাৰে ৰবিবাৰৰে পৰা নতুন ৰূপ পাব অসম বিধানসভাই । ইতিহাস হ'ব অসম বিধানসভাৰ পুৰণি ভৱনটো । শনিবাৰে মুকলি কৰা হ'ব অসম বিধানসভাৰ নতুন ভৱনটো । লোকসভাৰ অধ্যক্ষ ওম বিৰলাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব বিধানসভাৰ নতুন ভৱনটো । ইয়াৰ লগে লগে ইতিহাস হ'ব অসম বিধানসভাৰ পুৰণি ভৱনটোৰ 50 বছৰীয়া গৌৰৱোজ্বল ইতিহাস ।

উল্লেখ্য যে, 2009 চনতেই বিধানসভাৰ নতুন ভৱন নিৰ্মাণৰ কাম আৰম্ভ কৰা হৈছিল । বহু মহলীয়া এই ভৱনটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত । পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত হিতেন্দ্র নাথ গোস্বামী অধ্যক্ষ হৈ থকাৰ সময়ত এদিনৰ বাবে নতুন ভৱনত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হৈছিল । কিন্তু নৱ নিৰ্মিত ভৱনটোত কেতবোৰ কাৰিকৰী খুঁত ৰৈ যোৱাৰ বাবে পৰৱৰ্তী সময়ত পুনৰ পুৰণি ভৱনৰ পৰাই বিধানসভাৰ অধিৱেশন অনুষ্ঠিত কৰা হয় আৰু নতুন ভৱনৰ বাকী থকা কাম-কাম আগবঢ়াই নিয়া হয় ।

অসম বিধানসভাৰ নতুন ভৱন

পূর্বে এই ভৱনটো নিৰ্মাণৰ বাবে 234 কোটি টকা ধার্য কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত ৰৈ যোৱা খুঁত দূৰ কৰি আন্তঃগাঁথনিৰ কিছু পৰিৱৰ্তন কৰা বাবে নিৰ্মাণ ব্যয় 351 কোটি টকালৈ বৃদ্ধি পায় । উল্লেখ্য যে, 1972 চনত শ্বিলঙৰ পৰা ৰাজধানী দিছপুৰলৈ স্থানান্তৰিত হোৱাৰ পাছৰে পৰা সুদীর্ঘ 50 টা বছৰে অসম বিধানসভাৰ কাম-কাজ বৰ্তমানৰ ভৱনটোৰ পৰা অব্যাহত আছিল । অসম বিধানসভাৰ দিছপুৰৰ পুৰণি ভৱনটোতে 13 গৰাকী অধ্যক্ষ, 17 গৰাকী উপাধ্যক্ষই কাৰ্যনিৰ্বাহ কৰাৰ লগতে 17 গৰাকী ৰাজ্যপাল আৰু 11 গৰাকী মুখ্যমন্ত্ৰীৰ স্মৃতি জড়িত হৈ আছে ।

অসম বিধানসভাৰ নতুন ভৱন মুকলি

তথ্য অনুসৰি, দিছপুৰৰ বৰ্তমানৰ এই বিধানসভা ভৱনত বিধানসভাৰ অধ্যক্ষৰূপে 1972 চনৰ 22 মাৰ্চৰ পৰা 1978 চনৰ 20 মাৰ্চলৈ ৰমেশ চন্দ্ৰ বৰুৱাই, 1979 চনৰ 4 ছেপ্টেম্বৰলৈ যোগেন্দ্ৰ নাথ হাজৰিকাই, 1986 চনৰ 7 জানুৱাৰীলৈ শেইখ চান্দ মহম্মদ, 1991 চনৰ 27 জুলাইলৈ পুলকেশ বৰুৱা, 1992 চনৰ 9 ডিচেম্বৰলৈ জীৱকান্ত গগৈ, 1996 চনৰ 11 জুনলৈ দেৱেশ চন্দ্র চক্ৰৱৰ্তী, 2001 চনৰ 24 মে’লৈ গণেশ কুটুম, 2006 চনৰ 19 মে’লৈ পৃথিৱী মাঝি, 2011 চনলৈ টংক বাহাদুৰ ৰায়, 2016 চনলৈ প্ৰণৱ কুমাৰ গগৈ, 2017 চনলৈ ৰঞ্জিত কুমাৰ দাস, 2021 চনলৈ হিতেন্দ্র নাথ গোস্বামীয়ে অধ্যক্ষ ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ।

অসম বিধানসভাৰ নতুন ভৱন

আনহাতে 2021 চনৰ 21 মে'ৰ পৰা বিধানসভাৰ অধ্যক্ষ ৰূপে বিশ্বজিৎ দৈমাৰীয়ে কাৰ্যনিৰ্বাহ কৰি আছে । উল্লেখ্য যে, অসম বিধানসভাৰ বৰ্তমানৰ পুৰণি ভৱনটোত 1973 চনৰ পৰা বৰ্তমানলৈ 11 গৰাকী মুখ্যমন্ত্ৰীৰ 50 বছৰীয়া স্মৃতি বিজড়িত হৈ আছে । মুখ্যমন্ত্ৰীৰূপে শৰং চন্দ্ৰ সিংহৰ পৰা আৰম্ভ কৰি গোলাপ বৰবৰা, হিতেশ্বৰ শইকীয়া, প্রফুল্ল কুমাৰ মহন্ত, তৰুণ গগৈ, সর্বানন্দ সোণোৱালকে ধৰি বৰ্তমানৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ এই পুৰণি ভৱনতে এক গৌৰৱময় অধ্যায় সম্পূর্ণ কৰিছে । 30 জুলাই দেওবাৰে মুকলি হ'বলগীয়া নতুন ভৱনটোৰ মাংগলিক কাৰ্য ইতিমধ্যে শুকুৰবাৰে সম্পন্ন কৰা হৈছে ।

মুঠ 351 কোটি টকাৰ ব্যয় সাপেক্ষে বৃন্দাৱনী বস্ত্ৰৰ আৰ্হিৰে নতুন স্থায়ী ভৱনটো নিৰ্মাণ কৰা হৈছে । উল্লেখ্য যে, দিনৰ ভাগত বিদ্যুৎ নাথাকিলেও সূৰ্যৰ ৰশ্মিৰ পোহৰত বিধানসভা পৰিচালিত কৰিব পৰাকৈ অত্যাধুনিক ব্যৱস্থাৰে এই নতুন ভৱনটো নিৰ্মাণ কৰি উলিওৱা হৈছে । সম্পূর্ণ ডিজিটেল ব্যৱস্থাৰে নতুন ভৱনত কাম-কাজ পৰিচালিত হ’ব । বহু মহলীয়া এই ভৱনটোত মুঠ 7 খন লিফট সংযোগ কৰা হৈছে ।

অসম বিধানসভাৰ নতুন ভৱন

একেদৰে লাইটকে ধৰি বহু উন্নত প্রযুক্তিৰ ব্যৱহাৰ কৰা হৈছে । ভৱিষ্যতৰ দিশটোৰ ওপৰত চিন্তা কৰি এই ভৱনত সদস্যৰ আসনৰ সংখ্যা 186 খন কৰা হৈছে । ইফালে বিধানসভাৰ সচিবালয়ৰ নতুন ভৱনৰ নিৰ্মাণ কার্য সম্পূর্ণ হৈ নুঠা পর্যন্ত পুৰণি ভৱনতে সচিবালয়ৰ কাম-কাজ অব্যাহত থাকিব ।

লগতে পঢ়ক :INDIA opposition: বিৰোধী মিত্ৰজোঁটৰ INDIA নাম অবৈধ নহয়; বিজেপিয়ে INDIA দ্বাৰা ভীতিগ্ৰস্ত হৈছে; কংগ্ৰেছ

Last Updated :Jul 30, 2023, 9:34 AM IST

ABOUT THE AUTHOR

...view details