ETV Bharat / bharat

INDIA opposition: বিৰোধী মিত্ৰজোঁটৰ INDIA নাম অবৈধ নহয়; বিজেপিয়ে INDIA দ্বাৰা ভীতিগ্ৰস্ত হৈছে; কংগ্ৰেছ

author img

By

Published : Jul 29, 2023, 8:16 PM IST

ৰাষ্ট্ৰীয় বিৰোধী ঐক্যৰ নাম INDIA ৰখাক লৈ অব্যাহত আছে বিতৰ্ক ৷ বিজেপিয়ে বিৰোধী দলসমূহক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাচতে প্ৰত্য়ুত্তৰ দিছে কংগ্ৰেছে ৷

INDIA opposition
INDIA opposition

নেশ্যনেল ডেস্ক, 29 জুলাই: ৰাষ্ট্ৰীয় বিৰোধীৰ ঐক্যৰ নাম INDIA ৰখাক লৈ কংগ্ৰেছকে ধৰি সকলো বিৰোধীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিয়ে ৷ ইয়াৰ প্ৰত্যুত্তৰত শনিবাৰে বিজেপিক সমালোচনা কৰি কয় যে বিৰোধীৰ ঐক্যৰ নাম INDIA ৰখাটো কোনো অবৈধ কথা নহয় ৷ কংগ্ৰেছৰ ৰাজ্যসভাৰ সদস্য তথা উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বিবেক তানখাই (Vivek Tankha) ইটিভি ভাৰতৰ আগত এই সন্দৰ্ভত মত প্ৰকাশ কৰে ৷

তেওঁ কয়, ‘‘বিজেপিয়ে নতুন বিৰোধী মিত্ৰজোঁটৰ নাম INDIAক লক্ষ্য কৰি সস্তীয়া প্ৰচাৰত লিপ্ত হৈছে ৷ তেওঁলোক বিৰোধী ঐক্যৰ দ্বাৰা বিচলিত হৈছে ৷ INDIA নামটো অবৈধ বুলি কোৱাৰ সময়ত তেওঁলোকৰ আইনৰ বিষয়ে কোনো জ্ঞান নাই ৷ মই স্পষ্ট কৰিব বিচাৰো যে মিত্ৰজোঁটৰ নাম INDIA হোৱাটো অবৈধ নহয় ৷ এইটো এটা সম্প্ৰসাৰিত নামৰ সংক্ষিপ্ত ৰূপ ৷ তদুপৰি, ই কোনো প্ৰকাৰে প্ৰতীক আৰু নাম (অনুচিত ব্যৱহাৰ প্ৰতিৰোধ) আইন ১৯৫০ উলংঘা নকৰে ৷’’

উল্লেখ্য যে ইণ্ডিয়ান নেচনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্সৰ (Indian National Developmental Inclusive Alliance) সংক্ষিপ্ত ৰূপ INDIA নামটো 26 টা বিৰোধী দলে বেংগালুৰুত অনুষ্ঠিত এক বৈঠনক চূড়ান্ত কৰিছিল ৷ একেদিনাই, বিজেপি মহাৰাষ্ট্ৰৰ ছ'চিয়েল মিডিয়া আইনী আৰু পৰামৰ্শদাতা বিভাগৰ মুৰব্বী বোম্বাই উচ্চ ন্যায়ালয়ৰ অধিবক্তা আশুতোষ জে ডুবেই নিৰ্বাচন আয়োগলৈ পত্ৰ লিখি মিত্ৰজোঁটৰ নামক লৈ তেওঁৰ আপত্তি পঞ্জীয়ন কৰে ৷

‘‘মই ভাৰতৰ নিৰ্বাচন আয়োগৰ ওচৰত দেশৰ মৰ্যাদাক অসন্মান কৰি ৰাজনৈতিক লাভৰ বাবে INDIA নাম ব্যৱহাৰ কৰাৰ সন্দৰ্ভত আপত্তি পঞ্জীয়ন কৰিছো । নিৰপেক্ষ আৰু স্বচ্ছ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে ভাৰতৰ নিৰ্বাচন আয়োগৰ ওপৰত মই বিশ্বাস কৰো । মই বিশ্বাস কৰোঁ যে এই ক্ষেত্ৰত আয়োগৰ হস্তক্ষেপে আমাৰ ৰাষ্ট্ৰৰ মৰ্যাদা বজাই ৰখাত সহায় কৰিব আৰু আমাৰ দেশখন যি গণতান্ত্ৰিক নীতিৰ ওপৰত থিয় দিছে তাক সংৰক্ষণ কৰাত সহায় কৰিব ৷’’ ডুবেই টুইট কৰি কয় ৷

ইয়াৰ প্ৰত্যুত্তৰ কংগ্ৰেছ সাংসদ বিবেক তানখাই কয়, ‘‘‘এই ব্যক্তিজনৰ আইন বা বিচাৰৰ কোনো জ্ঞান নাই ৷ বিষয়টোত কেৰালা উচ্চ ন্যায়ালয়ৰ দুটা পোনপটীয়া ৰায় আছে ৷ এটা ডিচেম্বৰৰ আৰু আনটো জুলাইৰ । জুলাইৰ আদেশত কোৱা হৈছে যে ৰাজনৈতিক দলসমূহৰ একতাই কেৰালাকে (Kerala) ধৰি যিকোনো সংক্ষিপ্ত শব্দ ব্যৱহাৰ কৰিব পাৰে ৷’’

কংগ্ৰেছ নেতাজনে আৰু কয় যে বিৰোধীক ৰাজনৈতিকভাৱে আক্ৰমণ কৰা আৰু তথ্যৰ সৈতে মোকাবিলা কৰাৰ মাজত পাৰ্থক্য আছে । ‘‘মই সাধাৰণতে আশা কৰোঁ যে এটা ৰাষ্ট্ৰীয় দলে দলৰ লোকসকলক এনে কথা ক’বলৈ দিব নালাগে, যিবোৰ তথ্য আৰু আইনৰ বিপৰীত । তেওঁলোকে এতিয়া INDIA নামটোক লৈ আক্ৰমণ কৰি আছে ।’’

লগতে পঢ়ক: Rahul Gandhi: ৰাহুল গান্ধীৰ বিয়া; ছোনিয়া গান্ধীয়ে বিচাৰিছে কইনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.