অসম

assam

Majuli By election: বিজেপি প্ৰাৰ্থী ভুৱন গামৰ বিৰুদ্ধে তদন্তৰ দাবী

By

Published : Mar 1, 2022, 7:06 PM IST

মাজুলীৰ উপ-নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভুৱন গাম (BJP candidate Bhuban Gam)ক ভূ-মাফিয়া আখ্যা । তেওঁৰ বিৰুদ্ধে সোণাপুৰ আৰক্ষী থানাত আছে মাটি দালালৰ গোচৰ । আনহাতে আই এছ বিষয়াৰ পত্নী-কন্যা, এ চি এছ বিষয়া ব্যৱসায়ীক সহযোগী কৰি দুৰ্নীতিৰে ভুৱন গামে গঢ়ি তুলিছিল ব্যৱসায়িক সাম্ৰাজ্য । বিজেপি প্ৰাৰ্থীগৰাকীৰ বিৰুদ্ধে চি বি আই তদন্তৰ দাবী ৰাইজৰ দলৰ ।

Majuli By election
বিজেপি প্ৰাৰ্থী ভুৱন গামৰ বিৰুদ্ধে তদন্তৰ দাবী

গুৱাহাটী, ১ মাৰ্চ: দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি প্ৰদৰ্শন কৰি অহা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰি অহাৰ পিছতো ৰহস্যজনকভাৱে মাজুলী উপ-নিৰ্বাচনৰ বিজেপিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ভুৱন গামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই । অথচ এইগৰাকী বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে সোণাপুৰ থানাত আছে মাটিৰ দালাল সংক্ৰান্তীয় গোচৰ । মঙলবাৰে মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্য্যালয়ত ৰাইজৰ দলৰ এখন সংবাদমেল সংবোধন কৰি মাজুলীৰ গেৰুৱা দলৰ প্ৰাৰ্থী ভুৱন গাম বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধি আৰু ৰাছেল হুছেইনে ।

ৰাইজৰ দলৰ নেতা দুইগৰাকীয়ে একমাত্ৰ চৰকাৰে ৰক্ষণাবেক্ষণ দিয়াৰ লগতে শাসক দলৰ নেতা হোৱা বাবেই মাটিৰ দালালত অভিযুক্ত হোৱাৰ পিছতো আজিৰ তাৰিখলৈ ভুৱন গাম(BJP candidate Bhuban Gam)ক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই বুলি ব্যক্ত কৰে । সেইগৰাকী ভূ-মাফিয়া তথা দুৰ্নীতিপৰায়ণ ব্যক্তি ভুৱন গামক বিজেপিয়ে মাজুলীৰ উপনিৰ্বাচনৰ প্ৰাৰ্থী দিয়াটো দুৰ্ভাগ্যজনক আখ্যা দিয়ে । সেয়ে গামৰ বিৰুদ্ধে থকা এজাহাৰ কি হ’ল তাৰ উত্তৰ ৰাইজৰ দলক দিবলৈ চৰকাৰক আহ্বান জনায় ।

ৰাইজৰ দলৰ নেতাদুগৰাকীয়ে লগতে কয় যে, সোণাপুৰস্থিত উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীৰ সংগ্ৰাহালয় আৰু সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণৰ ঠিকা লাভ কৰিছিল Bhuvan Construction Private Limited য়ে । Bhuvan Construction Private Limited নামৰ এই কোম্পানীটোৰ সঞ্চালক হিচাপে নিযুক্তি দিছিল এজন IAS বিষয়া লক্ষ্মী নাৰ্জাৰীক । তাৰোপৰি সাংস্কৃতিক কেন্দ্ৰটোৰ চোৱাচিতাৰ দায়িত্ব লাভ কৰিছিল ভুৱন গামৰ গাম লিগেচী নামৰ প্ৰতিষ্ঠানটোৱে ।

বিজেপি প্ৰাৰ্থী ভুৱন গামৰ বিৰুদ্ধে তদন্তৰ দাবী

এই প্ৰতিষ্ঠানটোৰ সঞ্চালকৰ দায়িত্ব লাভ কৰিছিল IAS বিষয়া স্বপ্ননীল বৰুৱাৰ কন্যা অংগীনা বৰুৱাই । কিন্তু 2018 চনত এই সাংস্কৃতিক কেন্দ্ৰটোত ৰহস্যজনকভাৱে অগ্নিকাণ্ড সংঘটিত হৈছিল । ৰাইজৰ দলৰ প্ৰশ্ন, এই বিয়াগোম কেলেংকাৰীটো সংঘটিত কৰাৰ বাবে সাংস্কৃতিক কেন্দ্ৰটোত ৰহস্যজনক অগ্নিকাণ্ড সংঘটিত হল নেকি ?

সেয়ে মাজুলী উপ-নিৰ্বাচন(Majuli By election)ৰ বিজেপি প্ৰক্ষেপিত প্ৰাৰ্থী ভুৱন গামৰ বিৰুদ্ধে CBI আৰু ED ৰ দ্বাৰা তদন্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনায় ৰাইজৰ দলে (Demand probe against Bhuban Gam) । ৰাইজৰ দলে এইবাৰ মাজুলীৰ উপনিৰ্বাচনাত এজন যোগ্য প্ৰাৰ্থীক নিৰ্বাচিত কৰিবলৈ মাজুলীবাসীক আহ্বান জনোৱা লগতে ভুৱন গাম প্ৰকৃততে কোন তাৰ বিচাৰ বিবেচনা কৰি ভোট দিবলৈ অনুৰোধ জনায় ৰাইজৰ দলে ।

লগতে পঢ়ক:Encounter in Morigaon : মৰিগাঁৱত গুলীচালনা, গুলীবিদ্ধ এজন অপৰাধী

ABOUT THE AUTHOR

...view details