অসম

assam

Jhan Jhan Jhan: গুঃ বিঃৰ লক্ষ্মীনাথ বেজবৰুৱা ছাত্ৰাবাসৰ অনন্য প্ৰয়াস ঝন্ ঝন্ ঝন্ ৰ শুভমুক্তি

By

Published : Apr 8, 2023, 5:23 PM IST

শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত মুকলি কৰা হয় ঝন্ ঝন্ ঝন্ শীৰ্ষক সমৱেত সংগীতৰ ভিডিঅ’ (video released of Jhan Jhan Jhan song) ৷ 28 বছৰ শ্ৰেষ্ঠ আবাসৰ মুকুট পিন্ধি সোণালী ইতিহাস ৰচা গুৱাহাটী বিশ্ববিদ্যালয়ৰ AT4 ছাত্ৰাবাসৰ ন-পুৰণি আৱাসীসকলে বাণীবন্ধ কৰা সমৱেত সংগীতটোৰ শুভমুক্তি অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট গীতিকাৰ সুৰকাৰ জেপি দাস, অভিনেতা যতীন বৰা, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা আৰু বিশিষ্ট বিজ্ঞানী ড৹ পদ্মপাণি মহন্তকে ধৰি ছাত্ৰাবাসখনৰ ন-পুৰণি কেবাগৰাকীও আবাসী ।

video released of Jhan Jhan Jhan song
ঝন ঝন ঝন শীৰ্ষক সমবেত সংগীত

ঝন ঝন ঝন শীৰ্ষক সমবেত সংগীত

গুৱাহাটী, 8 এপ্ৰিল :অৱশেষত মুকলি কৰা হ’ল ঝন্ ঝন্ ঝন্ শীৰ্ষক সমৱেত সংগীতৰ ভিডিঅ’ ৷ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক অনুষ্ঠানত ঝন ঝন ঝন শীৰ্ষক সংগীতৰ ভিডিঅ’টো শুভমুক্তি দিয়া হয় (Video released of Jhan Jhan Jhan song)। গুৱাহাটী বিশ্ববিদ্যালয়ৰ লক্ষ্মীনাথ বেজবৰুৱা অসম আৰ্হিৰ চাৰি নং ছাত্ৰাৱাসৰ ন-পুৰণি আৱাসীসকলে বাণীবন্ধ কৰা সমৱেত সংগীতটোৰ শুভমুক্তি অনুষ্ঠানত বিশিষ্ট গীতিকাৰ সুৰকাৰ জেপি দাস, অভিনেতা যতীন বৰা, জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মা আৰু বিশিষ্ট বিজ্ঞানী ড৹ পদ্মপাণি মহন্তকে ধৰি ছাত্ৰাবাসখনৰ ন-পুৰণি কেইবাগৰাকীও আবাসী উপস্থিত থাকে ।

অৰূপজ্যোতি পাটগিৰিৰ (বাপী) সুৰ আৰু সংগীত পৰিচালনাৰে ড৹ নিৰ্মলপ্ৰভা বৰদলৈ ৰচিত কেইটামান বচা বচা সমবেত সংগীত ছাত্ৰাৱাসৰ ন-পুৰণি আৱাসীসকলৰ কণ্ঠত বাণীবন্ধ কৰা হৈছে ৷ এই সংগীত সংকলনটিৰ নাম দিয়া হৈছে ঝন্ ঝন্ ঝন্ ৷ শনিবাৰে ইয়াৰে ঝন্ ঝন্ ঝন্ শীৰ্ষক সংগীতটো শুভমুক্তি দিয়া হয় (Assamese song Jhan Jhan Jhan)। এই গীতসমূহ বিশ্ববিদ্যালয় সপ্তাহৰ সমবেত গংগীতৰ অনুষ্ঠানত পৰিবেশন কৰি শ্ৰেষ্ঠত্ব অৰ্জন কৰিছিল এই ছাত্ৰাবাসটোৱে ৷

বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জে পি দাসে আৱাসটোৰ লগত থকা সুমধুৰ সম্পৰ্কৰ কথা চমুকৈ ব্যাখ্যা কৰে । এই অনুষ্ঠানতে অংশ লৈ বিশিষ্ট অভিনেতা যতীন বৰাই কয়, ‘‘ছাত্ৰাবাসৰ ন পুৰণি আৱাসীৰ যি প্ৰচেষ্টা সেয়া আদৰ্শ হ’ব । মাইলৰ খুঁটি হৈ ৰওক এই গীতটো’’ ৷ অসমৰ আন বিশ্ব বিদ্যালয়ৰ ছাত্ৰাবাসৰ আবাসীসকলৰ বাবেও ঝন ঝন ঝন এক অনুপ্ৰেৰণা হ’ব বুলি মত প্ৰকাশ কৰে অভিনেতা যতীন বৰাই । ৰাজ্যৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা আবাসটোৰ প্ৰাক্তন আবাসী মৃগাংক শইকীয়াই আঁতধৰা অনুষ্ঠানটোত উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক গৌতম শৰ্মাই হোষ্টেলীয়া দিনত AT4 ৰ সৈতে থকা সম্পৰ্কৰ ৰোমন্থন কৰে ৷

বিশিষ্ট বিজ্ঞানী তথা আবাসটোৰ প্ৰাক্তন আবাসী ড৹ পদ্মপাণি মহন্তই এই প্ৰচেষ্টাৰ শলাগ লয় ৷ তেওঁ AT4 পৰিয়ালৰ প্ৰতিজন সদস্যৰে অতি মৰমৰ অভিভাৱক স্বৰূপ প্ৰয়াত লোম প্ৰসাদ শৰ্মাৰ (সকলোৰে মৰমৰ প্ৰসাদ জী) এই হোষ্টেললৈ থকা অৱদানৰ কথাও সোঁৱৰে ৷ গীতটিৰ মুকলিৰ পাচতেই প্ৰাক্তন আবাসী অনিৰ্বান মজুমদাৰে আঁতধৰা অনুষ্ঠানত জ্যেষ্ঠ-কণিষ্ঠ কেবাজনো প্ৰাক্তন আবাসীয়ে হোষ্টলৰ দিনৰ স্মৃতি ৰোমন্থন কৰে ৷

এইখিনিতে উল্লেখ কৰিব লাগিব যে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংগীত ক্ষেত্ৰখনত অৰূপজ্যোতি পাটগিৰিৰ আছে এক সুকীয়া পৰিচয় ৷ সমবেত সংগীত প্ৰতিযোগিতাত একেৰাহে 28 বছৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছিল অৰূপজ্যোতি পাটগিৰি (বাপী) ৷ ইয়াৰ লগতে বিশ্ববিদ্যালয়ত অনুষ্ঠিত বিশ্ববিদ্যালয় সপ্তাহত 26 বছৰ শ্ৰেষ্ঠ ছাত্ৰাবাস হোৱাৰ গৌৰৱ অৰ্জন কৰিছে AT4 ছাত্ৰাবাসে ৷ সাংস্কৃতিক দিশৰ সমান্তৰালকৈ ক্ৰীড়া জগতটো পাৰদৰ্শিতা দেখুৱাই আহিছে এই আবাসৰ কেবাজনো আবাসীয়ে ৷

উল্লেখ্য যে, 1998 চনতে অৰূপজ্যোতি পাটগিৰিয়ে ঝন ঝন ঝন শীৰ্ষক গীতটিৰ সংগীতৰ কাম কৰিছিল ৷ কোৰাছ সংকলনটোৰ গীতসমূহ বাণীবন্ধ কৰা হৈছে ষ্টুডিঅ’ অৰেঞ্জত । গীতৰ দৃশ্যাংশৰ নিৰ্দেশনা হৈছে অসমৰ যশস্বী অভিনেতা তথা AT4 হোষ্টেলৰ প্ৰাক্তন আবাসী পবিত্ৰ ৰাভাৰ ৷ TOK Vibes of AT4 ইউটিউব আৰু ফেচবুক পেজত উপলব্ধ হৈছে এই গীতটি ৷

লগতে পঢ়ক :Draupadi Murmu Assam visit: তেজপুৰৰ বায়ুসেনাৰ ঘাটিৰ পৰা চুখয়েৰে ৰাষ্ট্ৰপতিৰ উৰণ

ABOUT THE AUTHOR

...view details