ETV Bharat / state

Draupadi Murmu Assam visit: তেজপুৰৰ বায়ুসেনাৰ ঘাটিৰ পৰা চুখয়েৰে ৰাষ্ট্ৰপতিৰ উৰণ

author img

By

Published : Apr 8, 2023, 11:06 AM IST

Updated : Apr 8, 2023, 2:20 PM IST

দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে তেজপুৰ বায়ুসেনাৰ ঘাটিত দেশৰ অত্যাধুনিক যুঁজাৰো বিমান চুখয় ৩০ এম কে আই বিমানত উঠি অসম পৰিদৰ্শন কৰে (Draupadi Murmu travelled through sukhoi 30 mki) । উল্লেখ্য যে, চুখয় বিমানত পৰিভ্ৰমণৰ কৰা দেশৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হ’ল মূৰ্মু ৷

Draupadi Murmu Assam visit
Draupadi Murmu Assam visit

তেজপুৰৰ বায়ুসেনাৰ ঘাটিৰ পৰা চুখয়েৰে ৰাষ্ট্ৰপতিৰ উৰণ

তেজপুৰ, 8 এপ্ৰিল: আজি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ অসম ভ্ৰমণৰ তৃতীয় তথা অন্তিম দিন ৷ তৃতীয় দিনটোত তেজপুৰৰ বায়ু সেনাৰ ঘাটিত উপস্থিত হৈ চুখয় 30 এম কে আই যুদ্ধ জাহাজেৰে চফৰ কৰিলে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ উল্লেখ্য যে, তেজপুৰৰ বায়ুসেনা ঘাটিৰ পৰা চুখয় 30 এম কে আই যুদ্ধ জাহাজেৰে চফৰ কৰা দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতি হ’ল দ্ৰৌপদী মূৰ্মু ৷ ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা পাটিলে পুনেৰ বায়ুসেনাৰ এয়াৰ বেছৰ পৰা চুখয় বিমানত উঠি ভ্ৰমণ কৰিছিল (Draupadi Murmu travelled through sukhoi 30 mki) ৷

তেজপুৰৰ বায়ু সেনাৰ ঘাটিৰ পৰা যুদ্ধ বিমানেৰে ৰাষ্ট্ৰপতিগৰাকীয়ে পৰিভ্ৰমণ কৰা এই যাত্ৰা অতি তাৎপৰ্যপূৰ্ণ হিচাবে বিবেচিত হৈছে ৷ কাৰণ মাত্ৰ কেইদিনমান পূৰ্বে চীনে অৰুণাচল প্ৰদেশৰ 11 টা স্থানত নিজৰ বুলি নামকৰণ কৰিছিল আৰু আৰু সেই স্থানসমূহৰ ওপৰত নিজৰ সাৰ্বভৌমত্ব দাবী কৰিছল ৷

দেশৰ তিনিটা সেনা ক্ৰমে স্থল সেনা, বায়ুসেনা আৰু নৌসেনাৰ মুৰব্বীগৰাকীক আদৰণি জনায় ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ মুৰব্বী এ অ চি ইন চি, এছ পি ধানকাৰে ৷ লগতে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইয়ো ৰাষ্ট্ৰপতিগৰাকীক আদৰণি জনায় ৷

Draupadi Murmu Assam visit
উৰণৰ পূৰ্বে ৰাষ্ট্ৰপতি মূৰ্মু

উল্লেখ কৰা প্ৰয়োজন যে চুখয় যুদ্ধ বিমান দুজন পাইলটৰ আসন থকা এক অত্যাধুনিক বিমান ৷ শব্দতকৈ দুগুণ গতিবেগ থকা চুখয় বিমানত সহ পাইলটৰ আসনত বহি দেশৰ পঞ্চদশ ৰাষ্ট্ৰপতি মূৰ্মুয়ে গঢ়িলে এক অভিলেখ ৷ কেপ্টেইন নবীন কুমাৰ তিৱাৰীৰ সৈতে চুখয় বিমানত চফৰ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

মন কৰিব লগীয়া যে, তেজপুৰৰ বায়ুসেনা বাহিনীৰ ঘাটি দেশৰ ভিতৰতে এক অন্যতম যুঁজাৰো বিমান ঘাটি হিচাবে পৰিচিত ৷ এই বিমান ঘাটি 192-43 চনত প্ৰথমবাৰৰ বাবে ব্ৰিটিছে নিৰ্মাণ কৰিছিল যদিও পৰৱৰ্তী সময়ত 1959 চনৰ 29 ছেপ্টেম্বৰত বায়ুসেনাৰ পূৰ্ণাংগ ঘাটিত পৰিণত হয় ৷ দেশৰ 60খন বায়ুসেনা ঘাটিৰ ভিতৰতে অন্যতম যুঁজাৰো বিমান প্ৰশিক্ষণ কেন্দ্ৰ হৈছে তেজপুৰৰ বায়ুসেনাৰ ঘাটি ৷ বৰ্তমান দেশৰ প্ৰথম শাৰীৰ যুদ্ধ জাহাজ চুখয় ৩০ এম কে আইৰ বৃহৎ ঘাটি আন্তঃৰাষ্ট্ৰীয় সীমান্ত তিব্বত, চীন , ম্যানমাৰ আৰু বাংলাদেশে আগুৰি আছে (Tezpur Air Force Base) ৷

চীন-ভাৰত সীমান্তৰ ওচৰৰ তেজপুৰ বিমান ঘাটিত ৰাছিয়াত নিৰ্মিত চুখয়-30 MKI যুঁজাৰু বিমানৰ দুটা স্ক্ৱাড্ৰন প্ৰথম অৱস্থাত নিয়োগ কৰিছিল চীনৰ ওপৰত আকাশী পথৰে নিখুঁত আক্ৰমণ চলোৱাৰ লক্ষ্যৰে ৷ ভাৰতৰ যুঁজাৰু বিমানসমূহ শেহতীয়াকৈ ব্ৰহ্মছ এয়াৰ টু গ্ৰাউণ্ড ছুপাৰছ’নিক মিছাইলেৰে সজ্জিত কৰা হৈছে আৰু ইয়াৰ ৰেঞ্জ ১৮০ মাইল (President Draupadi Murmu Assam visit)।

লগতে পঢ়ক : Weaver Hemprabha Chutia : মৰাণত পদ্মশ্ৰী বঁটা প্ৰাপক হেমপ্ৰভা চুতীয়াক উষ্ম আদৰণি

Last Updated : Apr 8, 2023, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.