অসম

assam

Jayanta Malla Baruah slams Congress: কংগ্ৰেছৰ নেতাসকলে ডাঙৰ ডাঙৰ আকাংক্ষা লৈ জীয়াই আছে: জয়ন্ত মল্ল

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 6:28 PM IST

Jayanta Malla Baruah slams Congress
কংগ্ৰেছৰ নেতাসকলে ডাঙৰ ডাঙৰ আকাংক্ষা লৈ জীয়াই আছে; জয়ন্ত মল্ল

মঙলবাৰে জনতা ভৱনৰ অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ পিচতে কংগ্ৰেছ দলৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া -" কংগ্ৰেছ দলত এতিয়া এনে কিছুমান মানুহ আছে যি বেলেগ দললৈ আহিব নোৱাৰে নাইবা কোনো দলে তেওঁলোকক আকোঁৱালি নলয়। "

কংগ্ৰেছৰ নেতাসকলে ডাঙৰ ডাঙৰ আকাংক্ষা লৈ জীয়াই আছে; জয়ন্ত মল্ল

গুৱাহাটী, ১৭ অক্টোবৰ: "অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই চৰৰ মিঞাই লুঙী আৰু টুপী ক'ত পিন্ধে ভালদৰে জানে। যদিও অসমৰ মিচিং মানুহে কোনখন কাপোৰ ক'ত লয় তেওঁ নাজানে । এইটো অসমৰ বাবে দুৰ্ভাগ্যজনক ৷ এনেবোৰ কাৰণতে কংগ্ৰেছত কোনো ৰাষ্ট্ৰবাদী অসমীয়া খিলঞ্জীয়া লোক থাকিব নোৱাৰে।" শেহতীয়াকৈ চাঙে চাঙে কংগ্ৰেছ যাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই জোনাইত মিচিংসকলৰ ৰিবি গাচেং ভৰিৰে গচকা সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ৷

মঙলবাৰে জনতা ভৱনৰ অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেট বৈঠকৰ পিচত সংবাদ মাধ্যমক সাক্ষাৎ কৰি মন্ত্ৰী বৰুৱাই লগতে কয় যে কংগ্ৰেছ দলত এতিয়া এনে কিছুমান মানুহ আছে যি বেলেগ দললৈ আহিব নোৱাৰে নাইবা কোনো দলে তেওঁলোকক আকোঁৱালি নলয়। সেইসকল লোকক বেলেগ দলে আকোঁৱালি ল’লে কংগ্ৰেছত এজনো মানুহ নাথাকিব । এতিয়া কংগ্ৰেছত একমাত্র সেইসকল লোক আছে যাৰ আন দললৈ যোৱাৰ উপায় নাই নাইবা আন দলে ল'ব নোখোজে । যাৰ বাবে কংগ্ৰেছত নিজৰ মাজত সন্দেহৰ বাতাবৰণ থাকিবই । এজনে আনজনক দোষাৰোপ কৰিবই ৷

প্ৰদেশ কংগ্ৰেছক কটাক্ষ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকৰ প্ৰত্যেকেই বহুত ডাঙৰ ডাঙৰ আকাংক্ষা লৈ জীয়াই আছে । কিন্তু কংগ্ৰেছত তেওঁলোকৰ আকাংক্ষা পূৰণ কৰাৰ ঠাই নাই ৷ আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে দহখন আসন পাব নে নাই তাৰো সন্দেহ আছে । যাৰ বাবে তেওঁলোকৰ মাজত খোৱা-কামোৰা হ'বই । লোকসভাত এখনো আসনত জয়ী নহয় কংগ্ৰেছ । এটা সমষ্টিকে প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক লাগে। মিঞা মুছলমান লোক থকা বাবেই সেই সমষ্টিটোকে সকলোৱে বিচাৰিছে। খিলঞ্জীয়া অসমীয়া মানুহ থকা ঠাইত তেওঁলোক যাব নোৱাৰে বুলি তেওঁলোকে জানে ৷

নগাঁও সমষ্টিত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব বুলি ভাবিছে যদিও বিজেপিৰে জয় হ'ব বুলি দাবী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ আজিৰ তাৰিখত কংগ্ৰেছ দলটো ৰাইজৰ লগত নাই বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক:Assam cabinet meeting: পূজা কমিটী-ৰাস কমিটীলৈ চৰকাৰৰ অৰ্থ সাহায্য; খিলঞ্জীয়া ভূমিহীনলৈ মাটিৰ পট্টা

ABOUT THE AUTHOR

...view details