অসম

assam

Jatiya Yuva Bahini Press Meet : তৈল খেজুৰৰ খেতি কৰাৰ বাবে লোৱা সিদ্ধান্তক বিৰোধিতা জাতীয় যুৱ বাহিনীৰ

By

Published : Aug 10, 2023, 10:56 PM IST

গুৱাহাটীত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত সংবাদ মেল সম্বোধন জাতীয় যুৱ বাহিনীৰ ৷ অসমৰ ১৮ খন জিলাত পাম অইল অৰ্থাৎ তৈল খেজুৰৰ খেতি কৰাৰ বাবে লোৱা সিদ্ধান্তক বিৰোধিতা সংগঠনটোৰ ৷

Jatiya Yuva Bahini Press Meet in Guwahati
তৈল খেজুৰৰ খেতি কৰাৰ বাবে লোৱা সিদ্ধান্তক বিৰোধিতা

জাতীয় যুৱ বাহিনীৰ সংবাদ মেল সম্বোধন

গুৱাহাটী, ১০ আগষ্ট : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অসমৰ ১৮ খন জিলাত পাম অইল অৰ্থাৎ তৈল খেজুৰৰ খেতি কৰাৰ বাবে লোৱা সিদ্ধান্তক বিৰোধিতা কৰিছে ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীয়ে ৷ বৃহস্পতিবাৰে গুৱাহাটীত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এই সন্দৰ্ভত এক সংবাদ মেল সম্বোধন কৰে জাতীয় যুৱ বাহিনীৰ নেতৃবৃন্দই ৷

সংগঠনটোৰ নেতৃত্বই কয় যে, অসমৰ ১৮ খন জিলাত এই পাম খেতি কৰাৰ বাবে চৰকাৰে ইতিমধ্যে যাৱতীয় কাম-কাজ সম্পন্ন কৰিছে ৷ ২০২৫-২৬ চনৰ ভিতৰত কেৱল মাত্ৰ অসমতেই দুই লাখ হেক্টৰ ভূমিত পাম খেতি কৰিব চৰকাৰে ৷ ইণ্ডোনেছিয়া, শ্ৰীলংকাৰ দৰে দেশে পাম খেতি নিষিদ্ধ কৰিছে তেনে সময়ত ভাৰত তথা অসম চৰকাৰে পাম খেতিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলক নিৰ্বাচন কৰাৰ কাৰণ কি বুলি প্ৰশ্ন কৰে বিষয়ববীয়াসকলে ৷

পাম খেতি কৰাতকৈ ধান খেতি উৎপাদনত অধিক গুৰুত্ব দিবলৈ চৰকাৰলৈ আহ্বান জনায় সংগঠনটোৱে ৷ দলটোৰ নেতৃবৃন্দই লগতে কয় যে, চৰকাৰৰ এনে সিদ্ধান্তৰ বাবে অনাগত দিনত অসমে পানীৰ তীব্ৰ সংকটত ভোগাৰ লগতে জৈৱৰ বৈচিত্ৰৰ প্ৰতিও তীব্ৰ ভাবুকি নামি আহিব ৷ পানীৰ অভাৱত সকলো গছ শুকাই মৰুভূমি সদৃশ পৰিৱেশৰ সন্মুখীন হ'ব অসম ৷ তদুপৰি পাম খেতিয়ে মানুহৰ স্বাস্থ্যৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব বুলি কয় তেওঁলোকে ৷

এই কথা জনাৰ পিছতো বাবা ৰামদেৱৰ লগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মিতিৰালি কৰি অসমৰ মাটি পুঁজিপতিক গতাই দিব খুজিছে বুলি উল্লেখ কৰে সংগঠনটোৰ বিষয়ববীয়াই ৷ চৰকাৰৰ এই কাৰ্য সংগঠনটোৱে তীব্ৰ বিৰোধীতা কৰা বুলি কৈ, চৰকাৰে অতি সোনকালেই এই সিদ্ধান্ত বাতিল নকৰিলে অনাগত দিনত জাতীয় যুৱ বাহিনীয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ’ব বুলি সকীয়াই দিয়ে ৷

লগতে পঢ়ক :Seedling Planting at Bakaliaghat : বকলীয়াঘাটত বিলুপ্তপ্ৰায় ১২ টা প্ৰজাতিৰ পাহাৰীয়া ধানৰ কঠীয়াৰ সমূহীয়া ৰোপন

ABOUT THE AUTHOR

...view details