অসম

assam

জাগীৰোডৰ সূতা মিলৰ আবাসীক জোৰ জুলুম কৰাৰ অভিযোগ

By

Published : Jun 28, 2022, 10:21 PM IST

Jagiroad yarn mill

দোষে লগ এৰা নাই জাগীৰোডৰ সূতা মিলৰ কৰ্মচাৰীক (Jagiroad yarn mill) ৷ জাগীৰোডৰ সূতা মিলৰ আবাসত থকা আবাসীক জোৰ জুলুম কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ সংবাদ মেলযোগে এই অভিযোগ উত্থাপিত কৰিছে জাগীৰোডৰ সূতা মিলৰ কৰ্মচাৰী সিদ্ধেশ্বৰ হাজৰিকাৰ পুত্ৰ বৈকুন্ঠ হাজৰিকাই ৷

গুৱাহাটী, 28 জুন :জাগীৰোডৰ সূতা মিলৰ আবাসত থকা আবাসীক জোৰ জুলুম কৰাৰ অভিযোগ কৰ্মচাৰীৰ । স্থানীয় বিধায়ক পীযুষ হাজৰিকাৰ সাহসত ভাৰতীয় যুৱ মঞ্চৰ লক্ষ্মী প্ৰসাদ জয়চোৱাল, বিনোদন প্ৰসাদ, বদন সাহাই জোৰ জুলুম কৰাৰ আভিযোগ উত্থাপন হৈছে (Jagiroad yarn mill resident accused of being forcibly thrown out) ।

মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত মিলটোৰ কৰ্মচাৰী সিদ্ধেশ্বৰ হাজৰিকাৰ পুত্ৰ বৈকুন্ঠ হাজৰিকাই এই অভিযোগ উত্থাপন কৰে । সংবাদমেলতে তেওঁ কয় যে, 1962 চনত স্থাপন হোৱা সূতা মিলটো 1996 ৰ পৰা উৎপাদন বন্ধ হৈ আছিল । 2007 চনত অসম চৰকাৰে কেবিনেট সিদ্ধান্ত মৰ্মে মিলটো বন্ধ কৰি দিয়ে ।

বৰ্তমান ভাৰতীয় যুৱ মঞ্চৰ পৃষ্ঠপোষকতাত অবৈধ ঘৰ নিৰ্মাণ কৰি আবাসীক হাৰাশাস্তি কৰি আহিছে বুলি অভিযোগ কৰে । লগতে তেওঁ কয় যে, মিলটোত প্ৰায় 1,314 টা পৰিয়ালৰ আৱাস আছে । য’ত বৰ্তমান 6-7 টা পৰিয়ালে বাস কৰি আছে । কিন্তু আবাসীক উক্ত ঠাইৰ পৰা আঁতৰি যোৱাৰ কৌশলেৰে ভাবুকি প্ৰদান কৰিছে ভাৰতীয় যুৱ মঞ্চৰ কৰ্মীৰ ।

ইপিনে বন্ধ মিলৰ 383 গৰাকী কৰ্মচাৰীয়ে পাবলগীয়া পুঁজি নোপোৱাৰ অভিযোগ কৰে বৈকুন্ঠ হাজৰিকাই ৷ তেওঁ কয় যে, বৰ্তমানেও পুঁজি সংক্ৰান্তীয় গোচৰ আদালতত চলি আছে । বহু কৰ্মচাৰীৰ ইতিমধ্যে পুঁজি নোপোৱাকৈয়ে মৃত্যু হৈছে । সেয়ে অসম চৰকাৰ লগতে স্থানীয় বিধায়কক উক্ত বিষয়টো মীমাংসা কৰাৰ আহ্বান জনায় বৈকুন্ঠ হাজৰিকাই ৷

আনকি আবাসবোৰত আমাক শান্তিৰে থাকিবলৈ দিয়ক নহ’লে যাবলৈ দিয়ক বুলিও সংবাদমেলযোগে মন্তব্য কৰে জাগীৰোডৰ সূতা মিলৰ কৰ্মচাৰী সিদ্ধেশ্বৰ হাজৰিকাৰ পুত্ৰ বৈকুন্ঠ হাজৰিকাই ৷

লগতে পঢ়ক :ৰেডিশ্বনত বন্ধুৰ সৈতে চাহমেলত কি কথা পাতিলে মন্ত্ৰী অশোক সিংঘালে ?

ABOUT THE AUTHOR

...view details