অসম

assam

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক শান্তি দিৱস পালন

By

Published : Sep 22, 2021, 1:57 PM IST

International day of  peace observed

প্ৰতি বছৰে ২১ ছেপ্টেম্বৰৰ দিনটো আন্তৰ্জাতিক শান্তি দিৱস হিচাপে পালন কৰা হয় । মঙলবাৰে গুৱাহাটীস্থিত অসম ডাউন টাউন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক শান্তি দিৱস উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

গুৱাহাটী, ২২ ছেপ্টেম্বৰ: কৰ'ণাসৃষ্ট পৰিস্থিতিৰ মাজতে মঙলবাৰে সমগ্ৰ দেশ তথা বিশ্বত পালন কৰা হ'ল আন্তৰ্জাতিক শান্তি দিৱস । প্ৰতি বছৰে ২১ ছেপ্টেম্বৰৰ দিনটো আন্তৰ্জাতিক শান্তি দিৱস হিচাপে পালন কৰা হয় । আন্তৰ্জাতিক শান্তি দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে ।

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক শান্তি দিৱস পালন

মহানগৰীৰ অসম ডাউন টাউন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক শান্তি দিৱস উপলক্ষে গছপুলি ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ বিশ্ববিদ্যালয় চৌহদত ১০ ডাল ৰুদ্ৰাক্ষৰ, ৫০ ডাল ৰঙা চন্দন আৰু ৫০ ডাল বগা চন্দনৰ পুলি ৰোপণ কৰে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই । এই কাৰ্যসূচীৰ জৰিয়তে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যপুথিৰ সমান্তৰালকৈ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো সজাগ হোৱাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনায় ।

এই গছপুলি ৰোপণ কাৰ্যসূচীত উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য নাৰায়ণ চন্দ্ৰ তালুকদাৰ, ডিন অৱ ষ্টাডিজ প্ৰফেচৰ বন্দনা দত্ত, ৰিচাৰ্চ এডভাইজাৰ ধৰ্মেশ্বৰ দাস আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত আন্তৰ্জাতিক শান্তি দিৱস পালন

ইফালে আন্তৰ্জাতিক শান্তি দিৱসৰ লাইভ মেডিটেশ্বন কাৰ্যসূচীত অংশগ্ৰহণ কৰে হাৰ্টফুলনেছৰ গ্লৱেল শিক্ষক ডাজী, পিচ ওৱান ডেৰ উদ্ভাৱক জেৰেমী গিল, বেডমিণ্টন খেলুৱৈ পি ভি সিন্ধু আৰু বহুকেইগৰাকী গণ্য মান্য ব্যক্তি । এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰীৰ মাজত ''সহানুভূতিশীল কাৰ্য'' শীৰ্ষক ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

লগতে পঢ়ক: ডিব্ৰুগড়ত পালন আন্তৰ্জাতিক শান্তি দিৱস

ABOUT THE AUTHOR

...view details