ডিব্ৰুগড়ত পালন আন্তৰ্জাতিক শান্তি দিৱস

author img

By

Published : Sep 22, 2021, 1:26 PM IST

Dibrugarh

সমগ্ৰ বিশ্বৰ লগতে অসমৰ ডিব্ৰুগড় জিলাতো পালন কৰা হয় আন্তৰ্জাতিক শান্তি দিৱস । ক'ভিড পৰিস্থিতিৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা এই দিৱসত উপস্থিত থাকে জিলাখনৰ উপায়ুক্ত আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ।

মৰাণ, ২২ ছেপ্টেম্বৰ : ২১ ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ বিশ্বতে আন্তৰ্জাতিক শান্তি দিৱস (International Peace Day) হিচাপে পালন কৰা হয় । ক'ভিডৰ সংক্ৰমণ অব্যাহত আছে যদিও ঠায়ে ঠায়ে অনুষ্টুপীয়াকৈ পালন কৰা হৈছে আন্তৰ্জাতিক শান্তি দিৱসৰ । অসমৰ ভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো সাধাৰণভাৱে পালন কৰা হৈছে এই দিৱস ।

Dibrugarh
ডিব্ৰুগড়ত পালন আন্তৰ্জাতিক শান্তি দিৱস

জিলাখনৰ মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় সমাজ সেৱা গোট আৰু মহাবিদ্যালয়ৰ ‌২০২০-২১ বৰ্ষৰ ছাত্ৰী একতা সভাৰ উদ্যোগত উদযাপন কৰা হয় এই দিৱস । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ডিব্ৰুগড়ৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা । উক্ত অনুষ্ঠানত মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে মহাবিদ্যালয়ৰ আন প্ৰৱক্তা আৰু ছাত্ৰীসকলো উপস্থিত থাকে ।

উল্লেখ্য যে আন্তৰ্জাতিক শান্তি দিৱস প্ৰতি বছৰে ২১ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ (United Nation) অধীনৰ সকলো দেশে পালন কৰে । সমগ্ৰ বিশ্বত শান্তি প্ৰতিষ্ঠা কৰাই হৈছে এই দিৱসৰ মূল উদ্দেশ্য । হিংসা আৰু যুদ্ধৰ অৱনতি ঘটাই মানৱ সমাজক সজাগ কৰা এই দিৱসৰ অন্যতম লক্ষ্য ।

Dibrugarh
ডিব্ৰুগড়ত পালন আন্তৰ্জাতিক শান্তি দিৱস

এই দিৱস পোনপ্ৰথমে ১৯৮১ চনত পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । ২০১৩ চনৰ ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে শান্তি প্ৰতিষ্ঠাৰ বাবে এই দিৱস চৰকাৰীভাৱে পালন কৰিবলৈ ঘোষণা কৰে । ডিব্ৰুগড়ত পূৰ্বতে এই শান্তি দিৱস কেন্দ্ৰীয়ভাৱে বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হৈছিল যদিও এইবাৰ ক'ভিড পৰিস্থিতিৰ (Covid situation) বাবে কেৱল আনুষ্ঠানিকতা ৰক্ষা কৰি হে এই দিৱস পালন কৰা হৈছে ।

লগতে পঢ়ক : 25 ছেপ্তেম্বৰৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাসিকৰ পৰীক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.