অসম

assam

One day international match: গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ

By

Published : Nov 27, 2022, 5:00 PM IST

India Sri Langka One day international match in Barshapara stadium
One day international match: গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এদিনীয়া আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট মেচ ()

১২ জানুৱাৰীত গুৱাহাটীস্থিত বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ভাৰত-শ্ৰীলংকাৰ মাজত এদিনীয়া আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল(India Sri Langka One day international match) । যাৰ বাবে জানুৱাৰী মাহত ষ্টেডিয়াম পৰ্যবেক্ষণৰ বাবে আহিব বি চি চি আইৰ দল (Board of Control for Cricket in India) ।

গুৱাহাটী ,২৭ নৱেম্বৰ:ৰাজ্যৰ ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰ(Good news for cricket lover) । পুনৰ অসমত অনুষ্ঠিত হ'ব আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ(One day international match in Guwahati) ।

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ(One day international match in Barshapara stadium) । আনুষ্ঠানিকভাৱে এই কথা বিচিচিআয়ে ঘোষণা কৰা নাই যদিও ইতিমধ্যে এইক্ষেত্ৰত প্ৰায় চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা গৈছে(Board of Control for Cricket in India) ।

বিষয়টো সন্দৰ্ভত চূড়ান্ত ঘোষণা কৰাৰ পূৰ্বে বি চি চি আইৰ প্ৰতিনিধি দলে ষ্টেডিয়াম পৰ্যবেক্ষণ কৰিব ৷ পৰৱৰ্তী সময়তহে চূড়ান্ত ঘোষণা কৰিব বুলি বিচিচিআয়ে জানিবলৈ দিছে । জানিব পৰা মতে , ২০২৩ বৰ্ষৰ ১২ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচ অনুষ্ঠিত হোৱাৰ কথা ৷

আন্তঃৰাষ্ট্ৰীয় এদিনীয়া মেচখন ভাৰত আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ'ব বুলি বিচিচিআয়ে জানিবলৈ দিছে(India Sri Langka One day international match) । উল্লেখ্য যে ,দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকাই জানুৱাৰি মাহত এদিনীয়া শৃংখলাৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব(Sri Langka india tour) । এই মেচখন সন্দৰ্ভত বোৰ্ড অব কন্ট্ৰল ফৰ ক্ৰিকেট ইন ইণ্ডিয়া চমুকৈ বিচিচিআয়ে আনুষ্ঠানিক ঘোষণা কৰা নাই যদিও জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইৰ এটা প্ৰতিনিধি দল গুৱাহাটীলৈ আহি ষ্টেডিয়ামখন পৰ্যবেক্ষণ কৰিব বুলি জানিবলৈ পৰা গৈছে ।

ইফালে অসম ক্ৰিকেট সন্থাৰ তৰফৰ পৰা মেচখনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰা হৈছে (Assam cricket association)। উল্লেখ্য যে , বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত চলিত বছৰৰ ২ অক্টোবৰত অনুষ্ঠিত হৈছিল ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ মেচ(India And South Africa’s T20 match) । ইয়াৰ পূৰ্বে ২০২০বৰ্ষত ভাৰত-শ্ৰী লংকাৰ মাজত অনুষ্ঠিত হৈছিল T-20 ক্ৰিকেট মেচ ৷

লগতে পঢ়ক:Mukro violence update: মেঘালয়ত আবদ্ধ অসমৰ লোকসকলক উদ্ধাৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে

ABOUT THE AUTHOR

...view details