অসম

assam

Income Tax Raid : লোহিয়া গ্ৰুপৰ বিৰুদ্ধে আয়কৰ বিভাগৰ 200 জনীয়া দলৰ অভিযান

By

Published : Nov 16, 2021, 10:42 PM IST

কৰ ফাঁকি দি বিত্তীয় লেনদেন কৰাৰ অভিযোগৰ ভিত্তিত বিতৰ্কিত ব্যৱসায়ী লোহিয়া গ্ৰুপ তথা টপচেম চিমেণ্ট কোম্পানীৰ স্বত্বাধিকাৰী কৈলাশ লোহিয়াৰ বিৰুদ্ধে আয়কৰ বিভাগৰ এটা বৃহৎ দলে চলালে অভিযান ৷ 200 জনীয়া এটা দলে কৈলাশ লোহিয়াৰ বাসগৃহ-কাৰ্যালয়ত চলালে এই অভিযান ৷

Income tax department raid against Kailash lohia
লোহিয়াৰ গ্ৰুপৰ বিৰুদ্ধে আয়কৰ বিভাগৰ অভিযান

গুৱাহাটী, 16 নৱেম্বৰ :বৃহৎ পৰিমাণৰ কৰ ফাঁকি দি বিত্তীয় লেনদেন কৰাৰ অভিযোগৰ ভিত্তিত বিতৰ্কিত ব্যৱসায়ী লোহিয়া গ্ৰুপ তথা টপচেম চিমেণ্ট কোম্পানীৰ স্বত্বাধিকাৰী কৈলাশ লোহিয়াৰ বিৰুদ্ধে মঙলবাৰে আয়কৰ বিভাগৰ এটা বৃহৎ দলে অভিযান চলায় । আয়কৰ বিভাগৰ এটা 200 জনীয়া এটা দলে কৈলাশ লোহিয়াৰ গুৱাহাটীৰ আঠগাঁওস্থিত বাসভৱনৰ লগতে গুৱাহাটীৰ বিভিন্ন স্থানত থকা কাৰ্যালয় আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানত চলাই অভিযান ।

আয়কৰ বিভাগে কৈলাশ লোহিয়াৰ চিমেণ্ট কোম্পানীৰ কাৰ্যালয়তো অভিযান চলায় । দিল্লী, মুম্বাই আৰু হায়দৰাবাদত থকা কৈলাশ লোহিয়াৰ কাৰ্যালয় আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানবোৰতো আয়কৰ বিভাগৰ দলে অভিযান চলাই বুলি জানিব পৰা গৈছে । আয়কৰ বিভাগৰ সূত্ৰত প্ৰকাশ কৰা তথ্য মতে, কৈলাশ লোহিয়াই ভুৱা ফাৰ্মৰ নামত অনিয়মেৰে বিত্তীয় লেনদেন কৰি বৃহৎ পৰিমাণৰ আয়কৰ ফাঁকি দিয়াৰ তথ্যৰ ভিত্তিত আয়কৰ বিভাগে কৈলাশ লোহিয়াৰ বিৰুদ্ধে অভিযান চলাইছে ।

আয়কৰ বিভাগৰ অভিযানকাৰী দলে গুৱাহাটীত থকা কৈলাশ লোহিয়াৰ কেইবাটাও কাৰ্যালয় আৰু ব্যৱসায়ীক প্ৰতিষ্ঠানৰ গাণনিক বিষয়া আৰু শাখা প্ৰৱন্ধকক জেৰা কৰিছে । বৰ্তমানলৈ আয়কৰ বিভাগে কৈলাশ লোহিয়াক জেৰা কৰা নাই যদিও কৈলাশ লোহিয়া শীঘ্ৰে আয়কৰ বিভাগৰ জেৰাৰ সম্মুখীন হ'ব বুলি আয়কৰ বিভাগৰ সূত্ৰত প্ৰকাশ কৰিছে ।

উল্লেখ্য যে, কংগ্ৰেছ চৰকাৰৰ আমোলৰ সময়ত ব্যাপক বিত্তীয় অনিয়ম সংঘটিত কৰা কৈলাশ লোহিয়াৰ তলতীয়া কৰ্মচাৰীৰ পান কাৰ্ড ব্যৱহাৰ কৰি ধনৰ লেনদেন কৰাৰ অভিযোগতো সাঙুৰ খায় পৰিছিল । দীৰ্ঘদিন ধৰি অনিয়মেৰে বিত্তীয় লেনদেন কৰি ধনৰ কলা সাম্ৰাজ্য গঢ়ি তোলা কৈলাশ লোহিয়া এইবাৰ গ্ৰেপ্তাৰ হ'ব নেকি, তাক লৈ সৰ্বত্ৰে চলিছে চৰ্চা ৷

লগতে পঢ়ক:Income Tax Raid : কৈলাশ লোহিয়াৰ বাসগৃহ-কাৰ্যালয়ত চলিল অভিযান

ABOUT THE AUTHOR

...view details