অসম

assam

HSLC Exam 2023: মেট্ৰিকৰ আজি হ’বলগীয়া বিজ্ঞান পৰীক্ষা বাতিল, মাজনিশা ছেবাৰ ঘোষণা

By

Published : Mar 13, 2023, 8:06 AM IST

Updated : Mar 13, 2023, 9:28 AM IST

HSLC Exam Question Paper Leaked
বাতিল হ’ল মেট্ৰিকৰ বিজ্ঞান পৰীক্ষা

ফাদিল হ’ল চলিত বৰ্ষৰ মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্ন কাকত ৷ ইয়াৰ পিছতেই বাতিলৰ সিদ্ধান্ত মেট্ৰিকৰ বিজ্ঞান পৰীক্ষা ৷ ছেবাই স্বীকাৰ কৰা নাই প্ৰশ্ন কাকত ফাদিলৰ বাবে পৰীক্ষা বাতিল কৰা হ’ল বুলি ইয়াৰ বিপৰীতে সংবাদ মাধ্যমৰ দ্বাৰা প্ৰচাৰিত প্ৰশ্ন কাকত ফাদিলৰ বাতৰিয়ে পৰীক্ষাৰ্থীৰ মনত বিৰূপ প্ৰভাৱ পেলাব পাৰে বাবেহে বিজ্ঞান পৰীক্ষা বাতিল কৰা হৈছে বুলি নাভবত-নাশ্ৰুত যুক্তি শিক্ষা সংসদৰ (HSLC Exam Question Paper Leaked) ৷

গুৱাহাটী, 13 মাৰ্চ :বাতিল হ’ল মেট্ৰিকৰ বিজ্ঞান পৰীক্ষা ৷ প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে আজি সোমবাৰে পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’বলগীয়া মেট্ৰিকৰ বিজ্ঞান পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছে SEBA ই ৷ এক কথাত ল’ৰা-ছোৱালীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে ছেবা আৰু ৰাজ্য চৰকাৰে ৷ দেওবাৰৰ মাজনিশা বাৰ বজাত ছেবাই জাননী যোগে সোমবাৰৰ বিজ্ঞান পৰীক্ষা বাতিল কৰা হৈছে বুলি উল্লেখ কৰে (HSLC Exam Science Question Paper Leaked)৷

মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত ছেবাৰ জাননী

শনিবাৰে সন্ধিয়া অসমৰ বিভিন্ন প্ৰান্তত সোমবাৰে অনুষ্ঠিত হ’বলগীয়া মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছে বুলি অভিযোগ উঠে ৷ সংবাদ মাধ্যমতো বিষয়টো প্ৰচাৰিত হয় ৷ একাংশই অভিযোগ কৰা অনুসৰি হাতে হাতে বিয়পি পৰে হাতে লিখা মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্ন কাকত ৷ বিজ্ঞানৰ প্ৰশ্নকাকত সোমবাৰে পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই ফাদিল হোৱা বিষয়টোৱে ৰাজ্য জুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে ৷ ইয়াৰ পিছতে ছেবাই এই অভিযোগৰ ভিত্তিত পৰীক্ষা কৰাত হাতে লিখা প্ৰশ্ন কাকত আৰু ছপা প্ৰশ্ন কাকতৰ হুবহু মিলে ৷ যাৰ বাবে নিশা ১২ বজাত ছেবাই বিজ্ঞানৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে ( HSLC 2023 Science exam cancelled in Assam) ৷

মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত জি পি সিঙৰ টুইট

ছেবাৰ এই সিদ্ধান্ত টুইটাৰযোগে প্ৰকাশ কৰে শিক্ষামন্ত্ৰী ডা° ৰনোজ পেগুৱে ৷ লগে লগে হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰে উক্ত সময়লৈকে সাৰে থকা শিক্ষাৰ্থীসকলৰ মাজত ৷ পুৱালৈ খবৰটো বিয়পি পৰাৰ পিছতে ৰাজ্যৰ দুই লক্ষাধিক মেট্ৰিক পৰীক্ষাৰ্থীৰ একাংশ আৰু অভিভাৱক সকলৰ লগতে ৰাজ্যৰ সচেতন মহলত বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ আনহাতে ছেবাই পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বে বিজ্ঞান পৰীক্ষা বাতিল কৰিলেও কিন্তু আনুষ্ঠানিকভাৱে প্ৰশ্ন কাকত ফাদিল হোৱাৰ কথা ছেবাৰ জাননীখনত উল্লেখ কৰা নাই ৷ বৰঞ্চ ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক এন জে শৰ্মা স্বাক্ষৰিত জাননীখনত কোৱা হৈছে যে সংবাদ মাধ্যমত প্ৰচাৰিত প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাতৰিয়ে পৰীক্ষাৰ্থীৰ মনত বিৰূপ প্ৰভাৱ পেলাব পাৰে বাবেহে বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হৈছে ৷ লক্ষণীয়ভাৱে শিক্ষা মন্ত্ৰী ৰনোজ পেগুৱেও কৰিছে অনুৰূপ টুইট (HSLC 2023 question paper leaked before exam)।

লগতে পঢ়ক :HSLC Exam 2023: কটকটীয়া নিৰাপত্তাৰ মাজেৰে মাজুলীত আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা

লগতে, ছেবাই বিজ্ঞান পৰীক্ষা বাতিল ঘোষণা কৰাৰ পিছতে অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে বিষয়টো লৈ চিআইডি তদন্ত ঘোষণা কৰে ৷ এক অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে সমগ্ৰ ঘটনাটোৰ বিৰুদ্ধে । শীঘ্ৰেই দোষীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা কৰাৰ কথা টুইটাৰ যোগে সদৰি কৰে আৰক্ষী সঞ্চালকগৰাকীয়ে (GP Singh on HSLC Question Paper Leaked) ।

Last Updated :Mar 13, 2023, 9:28 AM IST

ABOUT THE AUTHOR

...view details