অসম

assam

MLA Post Rejection: ওলমি থাকিল শ্বেৰমান-শশীকান্তৰ বিধায়ক পদ খাৰিজৰ প্ৰসংগ

By

Published : Oct 28, 2022, 9:05 PM IST

বিধানসভাত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাসৰ বিধায়ক পদ খাৰিজৰ প্ৰসংগক লৈ শুনানি পৰ্ব (MLA Post Rejection Assam)। শাৰীৰিক অসুস্থতাৰ দোহাই দি নাহিল শশীকান্ত দাস । শ্বেৰমান আলী আহমেদ উপস্থিত হ'ল যদিও কোনো মীমাংসা নহ'ল । পুনৰ হ'ব শুনানি আৰু সাক্ষ্যগ্ৰহণ ।

MLA Post Rejection
ওলমি থাকিল শ্বেৰমান আলী আৰু শশীকান্ত দাসৰ বিধায়ক পদ খাৰিজৰ প্ৰসংগ

গুৱাহাটী, ২৮ অক্টোবৰ : কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাসৰ বিধায়ক পদ খাৰিজ হোৱা-নোহোৱাৰ প্ৰসংগটো আজিও অমীমাংসিত হৈ থাকিল (MLA Post Rejection Assam)।

উল্লেখ্য যে, বিতৰ্কিত কথাৰে কংগ্ৰেছক বিপদত পেলোৱা বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে(MLA Sherman Ali Ahmed) গৰুখুঁটিত চলা উচ্ছেদৰ(Garukhuti eviction) সময়ত অসম আন্দোলনৰ ছহিদসকলক অপমান কৰি চূড়ান্ত সীমা অতিক্ৰম কৰিছিল ।

ইয়াৰ পিছতে কংগ্ৰেছে তেওঁৰ বিৰুদ্ধে শ্ব'কজ জাৰি কৰি পৰিৱৰ্তী সময়ত দলৰ পৰা নিলম্বন কৰিছিল । একেদৰে ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে বিজেপিত যোগদান নকৰাকৈয়ে চৰকাৰৰ পক্ষত অৱস্থান কৰি এক প্ৰকাৰে ইতিমধ্যে বিজেপিত চামিল হৈছে । কংগ্ৰেছৰ পৰিৱৰ্তে বিজেপিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা এইগৰাকী বিধায়ককো ইতিমধ্যে কংগ্ৰেছে নিলম্বন কৰিছে ।

উল্লেখ্য যে, দুয়োগৰাকী নিলম্বিত বিধায়কৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আৱেদন দাখিল কৰিছিল (Opposition leader Debabrat saikia)। সেই আৱেদনৰ ভিত্তিতে আজি অসম বিধানসভাত শুনানি গ্ৰহণ কৰা হয় । অসম বিধানসভাৰ অধ্যক্ষৰ উপস্থিতিত পৃথকে পৃথকে শুনানি পৰ্বৰ আয়োজন কৰা হৈছিল । কিন্তু এই শুনানিত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাস(MLA Sashi Kanta Das) শাৰীৰিক অসুস্থাৰ বাবে উপস্থিত নহ'ল ৷

তেওঁৰ হৈ অধিবক্তা উপস্থিত হয় শুনানিত । আনহাতে শ্বেৰমান আলী আহমেদ উপস্থিত হয় যদিও কোনো মীমাংসা নহ'ল । পুনৰ পৰৱৰ্তী শুনানি গ্ৰহণ কৰা হ'ব । লগতে হ'ব সাক্ষ্যগ্ৰহণ । সমগ্ৰ বিষয়টো এতিয়াও ওলমি থাকিল । উল্লেখ্য যে ইয়াৰ পূৰ্বেও শুনানি অনুষ্ঠিত হৈছিল ।

লগতে পঢ়ক :Neel Pawan Baruah: অচ্যুৎ ভৱন চাবলৈ আৰু কেতিয়াও নাহে নীলপৱন বৰুৱা

ABOUT THE AUTHOR

...view details