অসম

assam

সম্পূৰ্ণ হ'বনে জাইকাৰ পানী যোগান আঁচনিৰ কাম?

By

Published : May 22, 2020, 7:38 PM IST

১৩৬৩.২৮ কোটি টকাৰ ঋণ আৰু চৰকাৰৰ ২৭৩ কোটিসহ মুঠ ১৬৩৬.২৮ কোটি টকীয়া জাপান ইন্টাৰনেচনেল কৰ্পোৰেচন এজেঞ্চিৰ আঁচনিৰ জৰিয়তে পশ্চিম গুৱাহাটীবাসীক প্ৰতিদিনে ১৯১ মিলিয়ন লিটাৰ পানী আৰু উত্তৰ গুৱাহাটীবাসীক প্ৰতিদিনে ৩৮ মিলিয়ন লিটাৰ পানী যোগান ধৰাৰ পৰিকল্পনা আছিল ।

Guwahati JAIKA water supply sceme
সম্পূৰ্ণ হ'বনে জাইকাৰ পানী যোগান আঁচনিৰ কাম?

গুৱাহাটী,22 মেঃবিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত গুৱাহাটীৰ মহানগৰীৰ বহু অঞ্চলৰ লোক। নিজৰা আৰু বৰষুণৰ পানী খাবলৈ বাধ্য হৈছে মহানহৰীৰ কেইবাটাও অঞ্চলৰ বাসিন্দাই। উল্লেখ্য যে, ২০১২ চনতে গুৱাহাটীবাসীক ২৪ ঘন্টাই পানী যোগান দিয়াৰ বাবে জাপান ইন্টাৰনেচনেল কৰ্পোৰেচন এজেঞ্চি চমুকৈ জাইকাৰ দ্বাৰা ১৩৬৩.২৮ কোটি টকাৰ ঋণ লাভ কৰি আৰম্ভ কৰা হৈছে এটা পানী যোগান আঁচনিৰ কাম ।

অসম্পূৰ্ণ জাইকাৰ পানী যোগান আঁচনিৰ কামক লৈ চিন্তিত মহানগৰবাসী

১৩৬৩.২৮ কোটি টকাৰ ঋণ আৰু চৰকাৰৰ ২৭৩ কোটিসহ মুঠ ১৬৩৬.২৮ কোটি টকীয়া এই আঁচনিৰ জৰিয়তে পশ্চিম গুৱাহাটীবাসীক প্ৰতিদিনে ১৯১ মিলিয়ন লিটাৰ পানী আৰু উত্তৰ গুৱাহাটীবাসীক প্ৰতিদিনে ৩৮ মিলিয়ন লিটাৰ পানী যোগান ধৰাৰ পৰিকল্পনা আছিল । ২০১৭ চনতে এই আঁচনিৰ কাম সম্পূৰ্ণ হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল কেন্দ্ৰীয় চৰকাৰে । কিন্তু আজিপৰ্যন্ত সম্পূৰ্ণ নহ'ল আঁচনিখনৰ কাম ।

আনহাতে, মুঠ ১২০০ কিলোমিটাৰ পানীৰ পাইপ লাইনৰ কামৰ ৮০০ কিলোমিটাৰৰ কামো সম্পূৰ্ণ কৰা হৈছে কিন্তু এই পাইপ লাইনেৰে এটুপাল পানীও ওলাই অহা নাই ৰাইজৰ বাবে । জাইকাৰ এই পানী যোগান আঁচনিৰ কাম অসম্পূৰ্ণ হৈ থকা ফলত পূৰ্বৰ দৰেই আছে মহানগৰবাসীৰ জল সংকট । কিয় বন্ধ হৈ আছে জাইকাৰ পানী যোগান অচিনৰ কাম এই সন্দৰ্ভত আজিপৰ্যন্ত কোনো ধৰণৰ মন্তব্য কৰা নাই চৰকাৰ তথা সংশ্লিষ্ট বিভাগে ।

লগতে পঢ়ক- চিটুৰ উদ্যোগত বঙাইগাঁও ৰিফাইনাৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতি প্ৰতিবাদ

ABOUT THE AUTHOR

...view details