অসম

assam

GU Folklore department Golden jubilee: গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা বিভাগৰ সোণালী জয়ন্তী বৰ্ষ অনুষ্ঠান

By

Published : Nov 4, 2022, 7:24 PM IST

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা বিভাগৰ সোণালী জয়ন্তী উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন (GU Folklore department Golden jubilee celebration)। অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী নন্দিতা গাৰ্লোছা । বিভাগটোৰ প্ৰসাৰৰ বাবে চৰকাৰে বিভিন্ন ধৰণে সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে ।

GU Folklore department
গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা বিভাগ

গুৱাহাটী,৪ নৱেম্বৰ : "অসমৰ লোক সংস্কৃতিৰ গৱেষণাৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয় লোক-সংস্কৃতি গৱেষণা বিভাগে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।" গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা বিভাগৰ সোণালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠানত (GU Folklore department Golden jubilee celebration) গুৱাহাটী বিশ্ববিদ্যালয়ৰ ফনীধৰ দত্ত প্ৰেক্ষাগৃহত শুকুৰবাৰে আয়োজিত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি শক্তি, সমবায়, খনি আৰু খনিজাত সম্পদৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই এই মন্তব্য কৰে (Nandita Garlosa at Gauhati University)। তেওঁ কয় যে এই বিভাগটো গঢ়ি তোলাৰ ক্ষেত্ৰত প্ৰফুল্ল দত্ত গোস্বামী, বিৰিঞ্চি কুমাৰ বৰুৱা, বীৰেন্দ্ৰ কুমাৰ দত্ত আৰু নবীন চন্দ্ৰ শৰ্মা আদিয়ে অহোপুৰুষাৰ্থ কৰি গৈছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা বিভাগ

এই বিভাগৰ পৰা লোক সংস্কৃতিৰ বহুত গৱেষণা হৈছে । তেওঁ উল্লেখ কৰা মতে এই গৱেষণাবোৰে অসমৰ লোক সংস্কৃতিৰ পথাৰখন চহকী কৰিছে । তেওঁ লগতে কয় যে বিভাগে লোক সংস্কৃতিৰ বিভিন্ন বিষয়ত কৰ্মশালা আয়োজন কৰিব লাগে ।

এই কৰ্মশালা কেৱল গুৱাহাটী বিশ্ববিদ্যালয়ত নকৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰতো কৰিব পাৰে বুলিও তেওঁ উল্লেখ কৰে । এইক্ষেত্ৰত চৰকাৰেও সহায় আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিয়ে । মন্ত্ৰী নন্দিতা গাৰ্লোছাই ভাষণ প্ৰসংগত কয় যে বিভাগে যিকোনো সহায় বিচাৰিলে চৰকাৰৰ তৰফৰ পৰা সহায় কৰিবলৈ সদায় সাজু আছে ।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি গৱেষণা বিভাগৰ মুৰব্বী অধ্যাপক অনিল বড়ো আৰু লোক সংস্কৃতিৰ গৱেষক পণ্ডিত অধ্যাপক কিশোৰ কুমাৰ ভট্টাচাৰ্য উপস্থিত থকা অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয় লোক-সংস্কৃতি গৱেষণা বিভাগৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে প্ৰকাশ কৰা সোণোৱালী সোঁৱৰণী শীৰ্ষক স্মৰণিকাখন উন্মোচন কৰা হয় । উল্লেখ্য যে লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক পণ্ডিত প্ৰফুল্ল দত্ত গোস্বামীৰ উদ্যোগত ১৯৭২ চনত আৰম্ভ হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় লোক-সংস্কৃতি গৱেষণা বিভাগটো । শুকুৰবাৰৰ এই অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে বিভাগটোৰ শিক্ষাৰ্থীসকল উপস্থিত থাকে ।

লগতে পঢ়ক :AMCH Maharajat Jayanti: AMCH ৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত পাপনৰ সংগীতানুষ্ঠান

ABOUT THE AUTHOR

...view details