গুৱাহাটী,৩ ডিচেম্বৰ: সাংসদ তথা AIUDFৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে হিন্দু সন্দৰ্ভত কৰা অশালীন মন্তব্যই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । হিন্দুৰ বিবাহ সম্পৰ্কে আৰু লাভ জেহাদৰ প্ৰসংগত মুখ্যমন্ত্রীক সাঙুৰি কৰা নিৰ্লজ্জ আৰু অশালীন মন্তব্যৰ বাবে আজমলৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন । বিভিন্ন দল-সংগঠনে আজমলক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰাৰ সময়তে শনিবাৰে অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে আজমলৰ বিৰুদ্ধে হাতীগাঁও থানাত দাখিল কৰে এখন এজাহাৰ(FIR lodged against Ajmal) ।
এজাহাৰত তেওঁ উল্লেখ কৰে যে AIUDF দলৰ সভাপতি তথা ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে(AIUDF chief Badruddin Ajmal) মুছলিম ধৰ্মালম্বী মহিলা-যুৱতী আৰু হিন্দু ধর্মালম্বী লোকসকলক উদ্দেশ্যি কিছু অশালীন আৰু সাম্প্ৰদায়িক মন্তব্য কৰিছে(Badaruddin Ajmal controversy) । সাংসদগৰাকীয়ে দিয়া উক্ত মন্তব্যৰ বিৰুদ্ধে সমাজত এক বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু যিকোনো মুহূৰ্তত সাম্প্রদায়িক সংঘৰ্ষৰ সৃষ্টি হোৱাৰ কথা নুই কৰিব নোৱাৰি(Dulu Ahmed slams Ajmal) ৷ এজাহাৰ যোগে তেওঁ সাংসদ আজমলৰ অশালীন আৰু সাম্প্রদায়িক মন্তব্যৰ বিৰুদ্ধে অতি সোনকালে অনুসন্ধান কৰি তেওঁৰ বিৰুদ্ধে আইন অনুযায়ী ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়(Badaruddin Ajmal controversial statement) ।