অসম

assam

DYFI against overlapping in ADR: নিযুক্তি পত্ৰ বিতৰণৰ পূৰ্বে অভাৰলেপিঙৰ সমস্যা সমাধানৰ দাবী

By

Published : May 7, 2023, 9:18 PM IST

নিযুক্তিৰ ক্ষেত্ৰত হোৱা অ'ভাৰ লেপিঙৰ বিৰুদ্ধে DYFI ৰ সংবাদমেল (DYFI PC at Hedayatpur) । সংবাদমেল যোগে নিযুক্তি পত্ৰ বিতৰণৰ পূৰ্বে অ'ভাৰ লেপিঙৰ সমস্যা সমাধান কৰাৰ দাবী উত্থাপন কৰে DYFI য়ে ।

DYFI Demand to resolve overlaping issue
নিযুক্তি পত্ৰ বিতৰণৰ পূৰ্বে অভাৰলেপিঙৰ সমস্যা সমাধানৰ দাবী

নিযুক্তি পত্ৰ বিতৰণৰ পূৰ্বে অভাৰলেপিঙৰ সমস্যা সমাধানৰ দাবী

গুৱাহাটী, ৭ মে':নিযুক্তি পত্ৰ বিতৰণৰ পূৰ্বে অ'ভাৰ লেপিঙৰ সমস্যা সমাধান কৰাৰ দাবী জনাইছে ডি ৱাই এফ আই আৰু এছ এফ আইয়ে(DYFI Demand to resolve overlaping issue)। পৰীক্ষাৰ্থীয়ে প্ৰাপ্ত নম্বৰসহ প্ৰাৰ্থী তালিকা ৱেটিং লিষ্টৰ ব্যৱস্থা কৰাৰ দাবী জনায় । অন্যাথা অন্যায়ৰ বলি হোৱা লাখ লাখ যুৱক যুৱতী আৰু তেওঁলোকৰ অভিভাৱকে শক্তিশালী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে (DYFI PC at Hedayatpur) ।

দেওবাৰে হেদায়াৎপুৰৰ ডি ৱাই এফ আইৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি ডি ৱাই এফ আইৰ অসম ৰাজ্যিক সম্পাদক ৰিতু ৰঞ্জন দাস আৰু এছ এফ আইৰ ৰাজ্যিক সম্পাদক সংগীতা দাসে সংবাদমেল সম্বোধন কৰি কয়, তৃতীয় বৰ্গৰ ঘোষিত ফলাফলে আৰু শিক্ষক নিযুক্তিৰ চূড়ান্ত তালিকাই প্ৰমাণ কৰিলে আশংকা কৰাৰ দৰেই হৈছে অ'ভাৰ লেপিং (DYFI against overlapping in recruitment) ।

তৃতীয় বৰ্গৰ বিভাগ বিতৰণ, স্নাতক স্নাতকত্তোৰ আৰু প্ৰাথমিক শিক্ষক নিযুক্তিৰ বাবে প্ৰকাশ কৰা চূড়ান্ত প্ৰাৰ্থী তালিকাই প্ৰমাণ কৰিছে ভয়াৱহ অ'ভাৰ লেপিঙৰ সমস্যা । হাইস্কুলৰ শিক্ষক পদৰ বাবে বাচনি হোৱা প্ৰাৰ্থীৰ নাম তৃতীয় বৰ্গৰ পদৰ বাবে বাচনিকৃত হৈছে । এটা কথা স্পষ্ট হৈছে যে তৃতীয় বৰ্গৰ বিভিন্ন পদৰ মাজতে ব্যাপক অ'ভাৰ লেপিঙৰ হোৱাৰ লগতে চতুৰ্থ বৰ্গৰ পদ আৰু হাইস্কুল হায়াৰ ছেকেণ্ডাৰী শিক্ষক পদ, বিজ্ঞান আৰু হিন্দী শিক্ষক পদৰ মাজতো অভাৰলেপিঙ হৈছে(Assam govt recruitment) ।

নিবনুৱাক প্ৰতাৰণা কৰা বিজেপি চৰকাৰক ধিক্কাৰ জনায় এটা ৱেব প'ৰ্টেলৰ যোগেদি অগ্ৰাধিক দিব পৰা ব্যৱস্থা কৰা আৰু ৱেটিংলিষ্টৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় । ১১ মে'ৰ পূৰ্বে ৱেটিংলিষ্ট প্ৰকাশ কৰিবলৈ চৰলাৰক দাবী জনায় । সংবাদমেলত তেওঁলোকে কয় আমি অশংকা কৰা ধৰণেই অ'ভাৰ লেপিং হৈছে । ইয়াৰ ফলত ২০-২৫ হাজাৰ মান পদহে পূৰণ হ'ব । ৫১ হাজাৰ নিযুক্তি বা গণি গণি এক লাখ নিযুক্তি দিয়াৰ চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণ নহ'ব ।

লগতে পঢ়ক:ADR controversy: নিযুক্তি প্ৰক্ৰিয়াকলৈ শৰ্মা চৰকাৰৰ বিৰুদ্ধে সৰৱ বিধায়ক অখিল গগৈ; তুলিলে বিস্ফোৰক অভিযোগ

ABOUT THE AUTHOR

...view details