অসম

assam

দুৰ্গাদেৱীৰ পূজা অৰ্চনাৰ বাবে সাজু মহানগৰবাসী

By

Published : Sep 24, 2022, 12:35 PM IST

ভক্তসকলক আকৰ্ষণ কৰিবলৈ ৰাজ্য়ৰ পূজা মণ্ডপসমূহত চলিছে অঘোষিত প্ৰতিযোগিতা । ইয়াৰ ব্যতিক্ৰম নহয় মহানগৰীৰ পূজা মণ্ডপসমূহো । মহানগৰীৰ লতাশিল খেলপথাৰত মীনাক্ষি মন্দিৰৰ আৰ্হিত(Puja pandal on pattern of Meenakshi Temple) নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ । ইপিনে, উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিয়ে এইবাৰ ৭৫ সংখ্যক দুৰ্গা পূজা উপলক্ষে হীৰক জয়ন্তী উদযাপনৰ আয়োজন কৰিছে ।

(Durga Puja 2022 in Guwahati city
দুৰ্গাদেৱীৰ পূজা অৰ্চনাৰ বাবে সাজু মহানগৰবাসী

গুৱাহাটী, ২৪ছেপ্টেম্বৰ:শাৰদীয় দুৰ্গা পূজালৈ মাজত মাথো (Durga Puja 2022 in Assam) কেইদিনমান বাকী । দুৰ্গাদেৱীৰ আগমণত পূজা-অৰ্চনাৰ বাবে সকলো সাজু হৈছে । জাক-জমকতাৰে ভৰি পৰিছে ৰাজ্যৰ বিভিন্ন পূজা মণ্ডপ । ব্যস্ততা বাঢ়িছে পূজা সমিতি, মৃন্ময় শিল্পী সকলৰ ।

ভক্তসকলক আকৰ্ষণ কৰিবলৈ পূজা মণ্ডপসমূহত এতিয়া অঘোষিত প্ৰতিযোগিতা চলিছে । ইয়াৰ ব্যতিক্ৰম নহয় মহানগৰীৰ পূজা মণ্ডপসমূহ (Durga Puja 2022 in Guwahati city)। গুৱাহাটী সাৰ্ব্বজনীন দুৰ্গাপূজা সমিতিয়ে লতাশিল খেলপথাৰত ৪৪ সংখ্যক শাৰদীয় দুৰ্গা পূজাৰ আয়োজন কৰিছে (Durga Puja at Latashil)। এইবাৰ ইয়াত মাদুৰাইৰ মীনাক্ষি মন্দিৰৰ আৰ্হিত (Puja pandal on pattern of Meenakshi Temple) নিৰ্মাণ কৰা হৈছে পূজা মণ্ডপ ।

দেৱীৰ মূৰ্তিটো ১৪ ফুট উচ্চতাৰ হ'ব বুলি আয়োজকসকলে সদৰি কৰিছে । বিগত ২০ দিনৰ পৰা মণ্ডত নিৰ্মাণৰ কাম আৰম্ভ কৰিছে । ইতিমধ্যে ৫০ শতাংশতকৈ অধিক কাম সম্পূৰ্ণ হৈছে । ১৪-১৫ লাখ টকা বাজেটেৰে আয়োজন কৰা হৈছে এইবাৰৰ পূজা ।

এইবাৰ ভক্তৰ সমাগম যথেষ্ঠ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰি সমিতিৰ সভাপতি ভৱেশ কলিতাই কয় যে ক'ভিড সৃষ্ট পৰিৱেশৰ বাবে দুবছৰৰ পিছত এইবাৰ কোনো ধৰণৰ ক'ভিড নীতি-নিয়ম নোহোৱাকৈ পূজাৰ আয়োজন কৰা হৈছে । সেয়েহে এইবাৰ পূজাত যথেষ্ঠ ভক্তৰ সমাগম হ'ব । পূজাৰ কেইদিনত নাম পাৰ্টি, বৰ ঢুলীয়া, ওজাপালি আদি কাৰ্যসূচী থাকিব । প্ৰশাসনে বান্ধি দিয়া সকলো নীতি নিয়ম পালন কৰি পূজাৰ আয়োজন কৰা হ'ব ।

দুৰ্গাদেৱীৰ পূজা অৰ্চনাৰ বাবে সাজু মহানগৰবাসী

পূজা মণ্ডপত ভক্তৰ সুৰক্ষাৰ বাবে চিচি কেমেৰা, স্বেচ্ছাসেৱক পৰ্যাপ্ত পৰিমাণে নিয়োগ কৰা হ’ব । তদুপৰি এইবাৰ পূজাত কোনো ধৰণৰ প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ কৰা নহ'ব বুলি তেওঁ কয় । ভোগৰ বাবে নলবাৰীৰ পৰা কলপাত আৰু কলংপাৰৰ পৰা মাটিৰ গ্লাছৰ অৰ্ডাৰ দিয়া হৈছে বুলিও সমিতিৰ সভাপতি ভৱেশ কলিতাই সদৰি কৰে ।

ইপিনে,উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা (Durga Puja at Ulubari) সমিতিয়ে এইবাৰ ৭৫ সংখ্যক দুৰ্গা পূজা উপলক্ষে হীৰক জয়ন্তী উদযাপনৰ আয়োজন কৰিছে । আহা ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ উলুবাৰী মহাদেৱ মন্দিৰ প্ৰাংগণত দুৰ্গা পূজাৰ আয়োজন কৰা হৈছে । ১০ লাখ টকা বাজেটেৰে আয়োজন কৰা পূজাখন (Puja pandal on pattern of Asuras) অসুৰ বধৰ আৰ্হিত মণ্ডপ নিৰ্মাণ কৰা হৈছে ।

এইবাৰ প্ৰায় ৫০ হাজাৰ ভক্তৰ সমাগম হ'ব বুলি আশা প্ৰকাশ কৰিছে সমিতিৰ সাধাৰণ সম্পাদক তিলক কলিতাই । তেওঁ কয় যে প্ৰশাসনৰ সকলো নীতি- নিয়ম মানি আয়োজন কৰা পূজাত নৱমীত আৰতি প্ৰতিযোগিতা,দশমীত নাগাৰা নাম থাকিব । প্ৰতিদিনে ভোগৰ ব্যৱস্থা থাকিব বুলিও তেওঁ কয় ।

লগতে পঢ়ক:পৰিৱেশ আৰু অৰ্থনীতিত ব্যাপক আঘাত হানিছে ৰহিংগীয়া শৰণাৰ্থীয়ে: শ্বেখ হাছিনা

ABOUT THE AUTHOR

...view details