অসম

assam

পৰিবহন খণ্ডৰ লোকৰ বাবে খানাপাৰাত ক'ভিড ভেকচিন শিবিৰ

By

Published : Jul 29, 2021, 9:34 PM IST

কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত খানাপাৰাত চালক, পৰিচালক, হেণ্ডিমেন আৰু তেওঁলোকৰ পৰিয়ালৰ লোকৰ বাবে বিশেষ ক'ভিড ভেকচিন শিবিৰ । চাৰি শতাধিক লোকক ভেকচিন প্ৰদান ।

Covid vaccination camp at Guwahati
গুৱাহাটীৰ খানাপাৰাত পৰিবহন খণ্ডৰ লোকৰ বাবে ক'ভিড ভেকচিন শিবিৰ

গুৱাহাটী, ২৯ জুলাই : ক'ভিড (Covid 19) মহামাৰীৰ প্ৰভাৱ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত লগতে পৰিবহন খণ্ডতো পৰিছে । এই খণ্ডটোৰ লগত জড়িত লোকসকলে ক'ভিড পৰিস্থিতিৰ বাবে যথেষ্ট সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে । এই সংকটৰ মাজত থকা পৰিবহন খণ্ডটোৰ লগত জড়িত লোকসকল বিশেষকৈ চালক, পৰিচালক আৰু হেণ্ডিমেনৰ লগতে তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ বাবে পৰিবহন বিভাগে বিভিন্ন স্বেচ্ছাসেৱী সংগঠন, বেচৰকাৰী সংস্থা তথা এন জি অ'ৰ সহযোগত ক'ভিড প্ৰতিষেধক শিবিৰ অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে । ইয়াৰ অংশ হিচাপে বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগে কুইৰেনছিয়া নামৰ এনজিঅ'ৰ সহযোগত জি এছ ৰোডৰ খানাপাৰাত এটা ক'ভিড ভেকচিন শিবিৰ অনুষ্ঠিত কৰে ।

গুৱাহাটীৰ খানাপাৰাত পৰিবহন খণ্ডৰ লোকৰ বাবে ক'ভিড ভেকচিন শিবিৰ

এই ভেকচিন শিবিৰটো মুকলি কৰে কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়া(পঞ্জীয়ন আৰু অনুজ্ঞা পত্ৰ) গৌতম দাসে । কামৰূপ মহানগৰ জিলাৰ জ্যেষ্ঠ যান-বাহন পৰিদৰ্শক কানাই মহন্তই আঁত ধৰা অনুষ্ঠানত জিলা পৰিবহন বিষয়া গৌতম দাসে ক'ভিড মহামাৰীয়ে সমগ্ৰ বিশ্বত প্ৰায় ডেৰ বছৰ ধৰি কেনে ধৰণৰ ভয়াৱহতাৰ সৃষ্টি কৰিছে তাৰ আলোকপাত কৰে আৰু ভেকচিন গ্ৰহণেই ইয়াৰ একমাত্ৰ বিকল্প বুলি সদৰী কৰে । অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহন বিষয়াদ্বয় ক্ৰমে ৰফিকুল ইছলাম আৰু হিমাংশু দাস, কুইৰেনছিয়াৰ অধ্যক্ষ জয়ন্ত মাধৱ দাসে চমু ভাষণত এনে ধৰণৰ শিবিৰত ভেকচিন গ্ৰহণ কৰাৰ বাবে আগবাঢ়ি আহিবলৈ চালক, পৰিচালক, হেণ্ডিমেন আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক আহ্বান জনায় । আজিৰ শিবিৰত প্ৰায় ৪০০ লোকক ভেকচিন প্ৰদান কৰা হয় ।

লগতে পঢ়ক :সুশান্তলৈ প্ৰদেশ কংগ্ৰেছৰ শ্ব'কজ : ৩১ জুলাইলৈকে সময়সীমা

ABOUT THE AUTHOR

...view details