অসম

assam

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

By

Published : Jul 9, 2022, 9:47 AM IST

শুক্ৰবাৰে মাছখোৱা প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান (Congratulations ceremony by All Assam Students Union )৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা, উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত স্থানপ্ৰাপক ছাত্ৰ-ছাত্ৰী সকলক আছুৰ অভিনন্দন আৰু সম্বৰ্ধনা ৷ অনুষ্ঠানত উপস্থিত থাকে অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল ভট্টাচাৰ্য, সভাপতি দীপাংক নাথ, সম্পাদক শংকৰ জ্যোতি বৰুৱা, অসম সাহিত্য সভা সভাপতি কুলধৰ শইকীয়া, বিশিষ্ট বৈজ্ঞানিক ড৹ জয়ন্তী চুতীয়া ।

Congratulations ceremony by Sado Assam Students Union
সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

গুৱাহাটী, 9 জুলাই: সদৌ অসম ছাত্ৰ সন্থাৰ (All Assam Students Union Initiative) উদ্যোগত গুৱাহাটীত আয়োজন কৰা হয় অভিনন্দন অনুষ্ঠান । শুকুৰবাৰে মাছখোৱা প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হয় এই অনুষ্ঠান । হাইস্কুল শিক্ষান্ত পৰীক্ষা, হাইমাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকৰ কলা, বাণিজ্য আৰু বিজ্ঞানৰ চূড়ান্ত পৰীক্ষাত স্থান পাবলৈ সক্ষম হোৱা ছাত্ৰ-ছাত্ৰী সকলক আছুৰ অভিনন্দন আৰু সম্বৰ্ধনা ।

সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অভিনন্দন অনুষ্ঠান

মুঠ ৩৫ খন শিক্ষানুষ্ঠানৰ ১১৫ গৰাকী স্থানপ্ৰাপকক সম্বৰ্ধনা জ্ঞাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই । এই অনুষ্ঠানতেই স্থানপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ মুৰব্বী সকলকো জনোৱা হয় সম্বৰ্ধনা । তদুপৰি UPSCত স্থান প্ৰাপ্ত সকলকো সম্বৰ্ধনা জনোৱা হয় ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (Dr. Samujjal Kumar Bhattacharya, Chief Advisor, All Assam Students Union), সভাপতি দীপাংক নাথ, সম্পাদক শংকৰ জ্যোতি বৰুৱা, অসম সাহিত্য সভা সভাপতি কুলধৰ শইকীয়া, বিশিষ্ট বৈজ্ঞানিক ড৹ জয়ন্তী চুতীয়া।

লগতে পঢ়ক:ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িওৱা চাইক্লিষ্ট চয়নিকা গগৈক বিশ্বনাথত উষ্ণ অভিনন্দন

ABOUT THE AUTHOR

...view details