গুৱাহাটী,২৭ জুন:মহাৰাষ্ট্ৰৰ শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দে(Shiv Sena rebel leader Eknath Shinde)ৰ নেতৃত্বত গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতি থকা বিধায়ককসকলে কি কল্পনা-জল্পনা কৰিছে সেই সন্দৰ্ভত জ্ঞাত নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । সোমবাৰে সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত এই বিষয়ে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে(CM Himanta Biswa Sarmah important remarks in the context of Radiation Blue) । তেঁও কয় যে এই বিষয়ত তেঁও কোনো খবৰ কৰা নাই আৰু এইবোৰ চিন্তা কৰিবলৈ তেঁওৰ সময়ো নাই ।
মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে তেঁও বৰ্তমান বানত ক্ষতিগ্ৰস্ত লোকৰ লগত আৰু চৰকাৰী কামতে ব্যস্ত আছে । এইবোৰ কৰিবলৈ তেঁওৰ সময় নাই, কাৰোবাৰ সময় আছে গতিকে গৈ আছে । স্বাধীন দেশত কোনোবা গ'লে মুখ্যমন্ত্ৰীয়ে বাধা দিব নোৱাৰে বুলিও উল্লেখ কৰে । কোন আহিছে কোন গৈছে সেই বিষয়েও তেঁও খবৰ ৰখা নাই বুলি মন্তব্য কৰে ।