অসম

assam

বাৰ্মিংহামৰ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব লাভলীনাই

By

Published : Jun 11, 2022, 9:02 PM IST

অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আৰু এটা ভাল খবৰ । বাৰ্মিংহামত জুলাইত অনুষ্ঠিত হ'বলগীয়া কমনৱেল্থ গেমছৰ বাবে লাভলীনা বৰগোঁহাইৰ লগতে চাৰিগৰাকী বক্সাৰে ভাৰতীয় মহিলা দলত স্থান লাভ কৰিছে ।

কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব বক্সাৰ লাভলীনা বৰগোঁহায়ে
কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব বক্সাৰ লাভলীনা বৰগোঁহায়ে

গুৱাহাটী, ১১ জুন: অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আৰু এটা ভাল খবৰ । প্ৰথমবাৰৰ বাবে কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিব অসম গৌৰৱ লাভলীনা বৰগোঁহায়ে (Boxer Lovlina Bargohain to represent India at Commonwealth Games)। নতুন দিল্লীত বাছনিৰ পৰীক্ষণ সমাপ্ত হোৱাৰ পিছত শনিবাৰে কমনৱেল্থ গেমছ ২০২২ ৰ বাবে ভাৰতৰ মহিলা বক্সিং দলটো নিশ্চিত কৰা হৈছে ।

২৮ জুলাইৰ পৰা ৮ আগষ্টলৈ বাৰ্মিংহামত অনুষ্ঠিত হ'বলগীয়া কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিবলগীয়া ৪ গৰাকী বক্সাৰৰ ভিতৰত বিশ্ব চেম্পিয়ন নিখাত জাৰিন আৰু টকিঅ' অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই অন্যতম (Birmingham Commonwealth) । শেহতীয়াকৈ বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ জয় কৰা নিখাত জাৰিনে হাৰিয়ানাৰ মিনাক্ষীক আৰু লাভলীনাই ৰে'লৱেৰ পূজাক পৰাস্ত কৰি কমনৱেল্থ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰি ভাৰতীয় মহিলা বক্সাৰ দলত স্থান লাভ কৰিছে ।

আনহাতে ৪৮ কেজি শাখাত নিতু আৰু ৬০ কেজি শাখাত জেচমিনে কমনৱেল্থ গেমছৰ বাবে ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিব । লাভলীনা বৰগোঁহায়ে ৭০ কেজি শাখাত ভাৰতীয় মহিলা বক্সাৰ দলৰ হৈ প্ৰতিনিধিত্ব কৰিব । ইফালে অসমৰ আন এগৰাকী বক্সাৰ শিৱ থাপাই (Boxer Siv Thapa) ইতিমধ্যেই কমনৱেল্থ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰি ভাৰতীয় পুৰুষ দলত স্থান লাভ কৰিছে । শিৱ থাপাই প্ৰতিযোগিতাখনত ৬৩.৫ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দিতা আগবঢ়াব । ইয়াৰ পূৰ্বে শিৱই ২০১৪ চনৰ গ্লাচগ’ কমনৱেল্থ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল ।

লগতে পঢ়ক:ইটালীৰ বিশ্বখ্যাত আলোচনী গ্ৰেজিয়াৰ বেটুপাতত লাভলীনা

ABOUT THE AUTHOR

...view details