ETV Bharat / state

ইটালীৰ বিশ্বখ্যাত আলোচনী গ্ৰেজিয়াৰ বেটুপাতত লাভলীনা

author img

By

Published : Jun 10, 2022, 10:22 PM IST

ট'কিঅ' অলিম্পিকত পদক জয়ৰে অসমীয়া জাতিৰ বুকুত আথেবেথে বহি লোৱা লাভলীনা বৰগোহাঁই এইবাৰৰ "গ্ৰেজিয়া" ৰ কভাৰ গাৰ্ল । উল্লেখযোগ্য যে ইটালিৰ এই বিখ্যাত ফেশ্চন আলোচনীখন বিশ্বৰ ২১ খন দেশৰ পৰা প্ৰকাশিত হয় ।

ইটালীৰ বিশ্বখ্যাত আলোচনী গ্ৰেজিয়াৰ বেটুপাতত লাভলীনা
ইটালীৰ বিশ্বখ্যাত আলোচনী গ্ৰেজিয়াৰ বেটুপাতত লাভলীনা

নিউজ ডেস্ক, ১০ জুনঃ সৰুপথাৰ, অসম, ভাৰতৰ সীমাৰ পৰিধি ভাঙি ইতিমধ্যেই বিশ্ববাসীৰ মাজত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হোৱা অসমললনা লাভলীনা বৰগোহাঁই আকৌ এবাৰ বিশ্ববাসীৰ নজৰত পৰিল । কিয়নো পৃথিৱীৰ আগশাৰীৰ সাপ্তাহিক ফেশ্বন আলোচনী "গ্ৰেজিয়া" ৰ শেহতীয়া সংখ্যাৰ বেটুপাতত জিলিকি উঠিল সৰুপথাৰৰ এই নিমাখিত ছোৱালীজনী (Lovlina Borgohain Grazia cover girl) ।

"ভগ" ৰ বেটুপাতত লাভলীনা

ট'কিঅ' অলিম্পিকত পদক জয়ৰে অসমীয়া জাতিৰ বুকুত আথেবেথে বহি লোৱা লাভলীনা বৰগোহাঁই এইবাৰৰ "গ্ৰেজিয়া" ৰ কভাৰ গাৰ্ল । উল্লেখযোগ্য যে ইটালিৰ এই বিখ্যাত ফেশ্চন আলোচনীখন বিশ্বৰ ২১ খন দেশৰ পৰা প্ৰকাশিত হয় । স্মৰ্তব্য যে ইয়াৰ পূৰ্বে আন এখন বিশ্ববিখ্যাত আলোচনী আমেৰিকাৰ পৰা প্ৰকাশিত "ভগ" ৰ বেটুপাততো স্থান পাইছিল লাভলীনা বৰগোহাঁয়ে(Lovlina Borgohain Vogue cover girl) ।

লগতে পঢ়ক: Commonwealth Games 2022: কমনৱেল্থ গেমছলৈ অসম সন্তান শিৱ থাপা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.