অসম

assam

অগপত মতানৈক্য থাকিব পাৰে বিসম্বাদ নাইঃ অতুল বৰা

By

Published : Aug 12, 2020, 7:02 PM IST

শিল্পী জুবিন গাৰ্গে অলপতে তেওঁক সাক্ষাৎ কৰা সন্দৰ্ভত বিভিন্ন সামাজিক মাধ্যমত নানা ধৰণে নেতিবাচক সমালোচনা চলি থকাটো দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ।

অতুল বৰা
অতুল বৰা

গুৱাহাটী, ১২ আগষ্টঃ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ বাকী থকা অৱস্থাতে অসম গণ পৰিষদৰ একাংশ বিধায়কে ৰাজহুৱাকৈ দলীয় নেতৃত্বৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰি অহাৰ সময়ত বুধবাৰে অগপৰ সভাপতি তথা কৃষিমন্ত্ৰী অতুল বৰাই দিছপুৰৰ জনতা ভৱনত এখন সংবাদমেলত ভাগ লৈ কয় যে অগপত মতানৈক্য থাকিব পাৰে, বিসম্বাদ নাই । আগন্তুক নিৰ্বাচনত অগপৰ ফালৰ পৰা কেইবাখনো নতুন মুখ দেখা যাব বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে শিল্পী জুবিন গাৰ্গে অলপতে তেওঁক সাক্ষাৎ কৰা সন্দৰ্ভত বিভিন্ন সামাজিক মাধ্যমত নানা ধৰণে নেতিবাচক সমালোচনা চলি থকাটো দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰে মন্ত্ৰী বৰাই । তেওঁ কয় " জুবিনে নিজৰ বাবে কিবা বিচাৰি মোৰ ওচৰলৈ অহা নাছিল । আহিছিল ৰাজহুৱা স্বাৰ্থত ।"

অগপত মতানৈক্য থাকিব পাৰে বিসম্বাদ নাইঃ অতুল বৰা

ইপিনে, ক'ভিডৰ পিছৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কৃষি বিভাগে খুব সোণকালেই "এপাৰ্ট" ৰ সহযোগত ৰাজ্যত ২৯ খন বজাৰ স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে বুলিও তেওঁ মন্তব্য কৰে । প্ৰতিখন বজাৰৰ বাবে ব্যয় হ'ব আঢ়ৈ কোটি টকা । অক্টোবৰ মাহৰ ভিতৰত ১২ টা ৱেৰ হাউচো "নাবাৰ্ড" ৰ সহযোগত স্থাপন কৰা হ'ব অসমত । একেসময়তে "আত্মনিৰ্ভৰ অসম" ৰ আধাৰত বৰ্হিৰাজ্যৰ পৰা উভতি অহা অসমৰ যুৱক যুৱতীক সংস্থাপনৰ বাবে কৃষি বিভাগে চেষ্টা চলাই আছে ।

আনহাতে, অসম চুক্তিৰ ছয় নম্বৰ দফা সন্দৰ্ভত মন্তব্য কৰি অগপৰ সভাপতিগৰাকীয়ে কয় যে কেন্দ্ৰই ক্ষীপ্ৰতাৰে এই দফা কাৰ্যকৰীকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক । কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীকো অগপই এই বিষয়ে অৱগত কৰিছে বুলি মন্তব্য কৰে অতুল বৰাই ।

লগতে পঢ়কঃবহিঃৰাজ্যৰ পৰা শ্ৰমিকৰ মাজত কৰ্মৰ সঁজুলি বিতৰণ বিধায়ক মৃণাল শইকীয়াৰ

ABOUT THE AUTHOR

...view details