ETV Bharat / state

বহিঃৰাজ্যৰ পৰা শ্ৰমিকৰ মাজত কৰ্মৰ সঁজুলি বিতৰণ বিধায়ক মৃণাল শইকীয়াৰ

author img

By

Published : Aug 12, 2020, 2:05 PM IST

নিৱনুৱা সমস্যাৰে ভৰপূৰ ৰাজ্যত বৰ্তমান বহিঃৰাজ্যৰ পৰা লোকসকলে কৰ্মবিহীনভাৱে পাৰ কৰিবলগীয়া হৈছে দিন ৷ উক্ত লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে গোলাঘাট জিলাৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই নিজববীয়া প্ৰচেষ্টাৰে একাংশ শ্ৰমিকৰ মাজত বিতৰণ কৰে কামৰ সঁজুলি ৷

MLA Mrinal Shaikia distributes work equipment among workers from abroad Khumtai golaghat assam etv bharat news
শ্ৰমিকৰ মাজত কৰ্মৰ সঁজুলি বিতৰণ

খুমটাই,12 আগষ্ট: কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে বহিঃৰাজ্যত কৰ্মৰত প্ৰায় অধিকাংশ লোকে ঘূৰি আহিছে নিজ ৰাজ্যলৈ ৷ নিৱনুৱা সমস্যাৰে ভৰপূৰ ৰাজ্যত বৰ্তমান বহিঃৰাজ্যৰ পৰা লোকসকলে কৰ্মবিহীনভাৱে পাৰ কৰিবলগীয়া হৈছে দিন ৷ উক্ত লোকসকলক কিছু সকাহ দিয়াৰ উদ্দেশ্যে গোলাঘাট জিলাৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই নিজববীয়া প্ৰচেষ্টাৰে একাংশ শ্ৰমিকৰ মাজত বিতৰণ কৰে কামৰ সঁজুলি ৷

শ্ৰমিকৰ মাজত কৰ্মৰ সঁজুলি বিতৰণ

বিধায়কগৰাকীয়ে শ্ৰমিকসকলক উৎসাহ প্ৰদানৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰে ৷ উক্ত কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় 300 গৰাকী বহিঃৰাজ্যৰ পৰা অসমলৈ অহা শ্ৰমিকে ৷ পৰৱৰ্তী সময়তো বিধায়কগৰাকীয়ে এনেদৰে শ্ৰমিকসকলক সহায় আগবঢ়াই যাব বুলি ব্যক্ত কৰে ৷

লগতে চাওকঃ বনৰীয়া ঘোঁৰাৰ আক্ৰমণত ছাত্ৰী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.