অসম

assam

অসমে দেশৰ মেডিকেল হাব হিচাপে প্ৰতিষ্ঠা লাভ কৰিব: মন্ত্রী অতুল বৰা

By

Published : Oct 1, 2022, 5:48 PM IST

অসমে দেশৰ মেডিকেল হাব হিচাপে প্ৰতিষ্ঠা লাভ কৰিব
অসমে দেশৰ মেডিকেল হাব হিচাপে প্ৰতিষ্ঠা লাভ কৰিব ()

"ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস"ৰ (National Voluntary Blood Donation Day) অনুষ্ঠানত মন্ত্রী অতুল বৰা । থেলাচেমিয়া সাহায্য আঁচনি মুকলি । আঁচনিখনৰ অধীনত থেলাচেমিয়া ৰোগীসকলে বছৰত ১০ হাজাৰ টকাকৈ এককালীন সাহায্য লাভ কৰাৰ লগতে ২ ইউনিট ৰক্ত লাভ কৰিব । ৰক্তদানৰ দিশত উৎকৃষ্ট অৱদান আগবঢ়োৱা ১০টা সংস্থাক বঁটা প্ৰদান ।

গুৱাহাটী, ১ অক্টোবৰ : ৰক্তদান মহান দান আৰু আপোনাৰ ৰক্তই বচাব পাৰে আন দহজনৰ জীৱন । ৰক্তদানৰ সৈতে ধন-সম্পত্তি একোৰেই তুলনা নহয় । সকলোৱে মানৱ কল্যাণ সাধনৰ উদ্দেশ্যে ৰক্তদান কৰা উচিত ।

অসমে দেশৰ মেডিকেল হাব হিচাপে প্ৰতিষ্ঠা লাভ কৰিব : মন্ত্রী অতুল বৰা

এই আহ্বান মন্ত্রী অতুল বৰাৰ । আজি গুৱাহাটীৰ অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত স্বাস্থ্য বিভাগৰ (Health Department of Assam) দ্বাৰা আয়োজন কৰা "ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস" (National Voluntary Blood Donation Day) অনুষ্ঠানত ভাগ লৈ মন্ত্রীগৰাকীয়ে ৰক্তদানৰ মহানতাৰ বিষয়ে উল্লেখ কৰে (Atul Bora on National Blood Donation Day) ।

অসমে দেশৰ মেডিকেল হাব হিচাপে প্ৰতিষ্ঠা লাভ কৰিব

উল্লেখ্য যে দেশৰ লগতে অসমতো ১৯৭৫ চনৰ পৰাই প্ৰতি বছৰে ১ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস পালন কৰি অহা হৈছে । প্ৰধানকৈ দেশৰ লগতে অসমতো ১০০ শতাংশ স্বেচ্ছামূলক ৰক্তদানৰ লক্ষ্যত উপনীত হোৱাৰ উদ্দেশ্যে এই দিৱস উদযাপন কৰা হয় । তদুপৰি, জনসাধাৰণক স্বেচ্ছামূলক ৰক্তদানৰ গুৰুত্বৰ বিষয়ে সজাগ কৰাও এই দিৱস উদযাপনৰ অন্যতম প্ৰধান উদ্দেশ্য ।

অসমে দেশৰ মেডিকেল হাব হিচাপে প্ৰতিষ্ঠা লাভ কৰিব : মন্ত্রী অতুল বৰা

ভাষণত মন্ত্রী বৰাই স্বেচ্ছামূলক ৰক্তদান প্ৰক্ৰিয়াক ত্বৰান্বিত কৰিবলৈ এক গণ আন্দোলন গঢ়ি তুলিবলৈ সকলোকে আহ্বান জনায় । অনুষ্ঠানত স্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰৱৰ্তিত মানৱ কল্যাণমূলক আচঁনি "থেলাচেমিয়া সাহায্য আঁচনি"খন (Thalassaemia Relief Scheme) মন্ত্রী বৰাই উদ্বোধন কৰে ।

অসমে দেশৰ মেডিকেল হাব হিচাপে প্ৰতিষ্ঠা লাভ কৰিব : মন্ত্রী অতুল বৰা

এই আঁচনিৰ অধীনত থেলাচেমিয়া ৰোগীসকলে বছৰত ১০ হাজাৰ টকাকৈ এককালীন সাহায্য লাভ কৰাৰ লগতে ২ ইউনিট ৰক্ত লাভ কৰিব । এই আঁচনিয়ে অনাগত সময়ত থেলাচেমিয়া ৰোগী আৰু তেওঁলোকৰ পৰিয়ালক কিছু সকাহ দিবলৈ সক্ষম হ'ব বুলি মন্ত্রী বৰাই আশা প্ৰকাশ কৰে ।

অসমে দেশৰ মেডিকেল হাব হিচাপে প্ৰতিষ্ঠা লাভ কৰিব : মন্ত্রী অতুল বৰা

মন্ত্রী বৰাই লগতে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা স্বাস্থ্যমন্ত্ৰী হৈ থকাৰ সময়ৰে পৰাই অসমৰ স্বাস্থ্য খণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা হৈছিল । বৰ্তমানেও মুখ্যমন্ত্ৰীৰ (CM Himanta Biswa Sarma)সবল নেতৃত্বত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দক্ষতাৰে স্বাস্থ্য খণ্ডৰ বিকাশৰ সেই ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে । অনাগত সময়ত মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ সুদক্ষ নেতৃত্বত অসমৰ স্বাস্থ্য খণ্ডত যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হোৱাৰ লগতে অসমে দেশৰ "মেডিকেল হাব" হিচাপে প্ৰতিষ্ঠা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

অনুষ্ঠানত মানৱ কল্যাণ সাধনেৰে ৰক্তদানৰ দিশত উৎকৃষ্ট অৱদান আগবঢ়োৱা ১০টা সংস্থাক বঁটা প্ৰদান কৰা হয় । তদুপৰি, ৰক্তদান সম্বন্ধীয় সজাগতা সৃষ্টি কৰা কেইবাখনো চিকিৎসা প্ৰতিষ্ঠানক স্বীকৃতি প্ৰদান তথা বঁটা প্ৰদান কৰা হয় (Minister Atul Bora) ।

অসমে দেশৰ মেডিকেল হাব হিচাপে প্ৰতিষ্ঠা লাভ কৰিব : মন্ত্রী অতুল বৰা

অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নীল মাধৱ দাস, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ (GMCH) অধ্যক্ষ ডাঃ অচ্যুৎ বৈশ্য, চিকিৎসা শিক্ষাৰ অতিৰিক্ত সঞ্চালক তথা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যবাহী সঞ্চালক ডাঃ মনোজ চৌধুৰী, অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ ছ'চাইটীৰ প্ৰকল্প সঞ্চালক পমী বৰুৱা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হেমাট'ল'জী বিভাগৰ মুৰব্বী ডাঃ জিনা ভট্টাচাৰ্য প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা চিকিৎসকসকল উপস্থিত থাকে ।

লগতে পঢ়ক :টীয়কত ২২১ জন ৰোগীৰ মাজত চেক বিতৰণ

ABOUT THE AUTHOR

...view details