অসম

assam

12 ছেপ্তেম্বৰৰ পৰা বিধানসভাৰ বৰ্ষাকালিন অধিবেশন

By

Published : Aug 20, 2022, 2:50 PM IST

12 ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বৰ্ষাকালিন অধিবেশন (Assembly session from 12th sept)। ৰাজ্যপাল জগদীশ মুখীৰ আহ্বানক্ৰমে মাত্ৰ পাঁচদিনীয়া কাৰ্যক্ৰমণিকাৰেহে চলিব এইবাৰৰ বৰ্ষাকালীন অধিবেশন ৷

Assembly session from 12th sept
12 ছেপ্তেম্বৰৰ পৰা বিধানসভাৰ বৰ্ষাকালিন অধিবেশন

নিউজ ডেস্ক, 20 আগষ্ট:12 ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বৰ্ষাকালিন অধিবেশন । অৱশ্যে দীঘলীয়া কাৰ্যসূচীৰে এই অধিৱেশন অনুষ্ঠিত নহ’ব ৷ ৰাজ্যপাল জগদীশ মুখীৰ আহ্বানক্ৰমে মাত্ৰ পাঁচদিনীয়া কাৰ্যক্ৰমণিকাৰেহে চলিব এইবাৰৰ বৰ্ষাকালীন অধিবেশন ৷ উল্লেখ্য যে এই অধিবেশনত এইবাৰ 15খনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে ৷ ইয়াৰে কেইবাখনো হ’ব নতুন বিধেয়ক (Assembly session from 12th sept) ৷

অসম বিধান সভাৰ আগন্তুক বৰ্ষাকালিন অধিৱেশন এইবাৰ গুৰুত্বপূৰ্ণ হোৱাৰ আন এক কাৰণো আছে ৷ কিয়নো কংগ্ৰেছৰ দুই নিলম্বিত বিধায়ক শশীকান্ত দাস আৰু শ্বেৰমান আলী আহমেদৰ বিধায়ক পদ খাৰিজ কৰিব লাগে বুলি ইতিমধ্যে কংগ্ৰেছ বিধায়নী দলে অভিযোগ দিছে ৷ সেই অভিযোগৰ ভিত্তিত ইতিমধ্যে বিধানসভাৰ অধ্যক্ষই দুয়োগৰাকী বিধায়কৰ শুনানিও গ্ৰহণ কৰিছে ৷

অৱশ্যে তেওঁলোকৰ বিধায়ক পদ খাৰিজ হ’বনে নহয় সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ কিন্তু এই প্ৰক্ৰিয়া যদি 12 ছেপ্তেম্বৰৰ পূৰ্বে সম্পূৰ্ণ হয় আৰু ইয়াৰ সিদ্ধান্ত যদি দুয়োগৰাকী বিধায়কৰ বিপক্ষে যায় তেন্তে নিশ্চিতভাৱে শ্বেৰমান আলী আহমেদ আৰু শশীকান্ত দাসে বিধায়ক পদ ত্যাগ কৰিব লাগিব ৷ গতিকে ৰাজনৈতিক মহলত আগন্তুক বৰ্ষাকালিন অধিবেশনক লৈ কিছু পৰিমানে হ’লেও এতিয়া উৎকণ্ঠা বিৰাজ কৰিছে ৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে বানত ক্ষতিগ্ৰস্ত লোকৰ বাবে সাহাৰ্য পুঁজি

ABOUT THE AUTHOR

...view details