অসম

assam

অভিনয় জগতৰ লগত কেনেকৈ জড়িত হৈছিল পৰিচালক কৃপাল কলিতা ?

By ETV Bharat Assamese Team

Published : Dec 28, 2023, 6:34 PM IST

Flimmaker Kripal Kalita's interview: কেনেদৰে অভিনয় জগতৰ লগত জড়িত হৈ পৰিছিল পৰিচালক কৃপাল কলিতা ? 'হাতীবন্ধু', 'ব্ৰিজ'ৰ সন্দৰ্ভত কি ক’লে ক’লে কলিতাই ? নৱবৰ্ষৰ পৰিকল্পনা সন্দৰ্ভতো পৰিচালকগৰাকীয়ে ক’লে এই কথা ।

Assamese Filmmaker Kripal Kalita's special interview With ETV Bharat Assam
ইটিভি ভাৰত অসমৰ সৈতে কৃপাল কলিতাৰ সাক্ষাৎকাৰ

ইটিভি ভাৰত অসমৰ সৈতে কৃপাল কলিতাৰ সাক্ষাৎকাৰ

গুৱাহাটী, ২৮ ডিচেম্বৰ: পৰিচালক কৃপাল কলিতা ১৯৯৩ চনত এটা সৰু চাকৰিৰ বাবে গুৱাহাটীলৈ আহিছিল । গুৱাহাটীলৈ অহাৰ পিচত তেওঁ নাটক স্কুল এখনত নামভৰ্তি কৰিছিল । তেনেদৰেই তেওঁ সাংস্কৃতিক জগতত ভৰি দিয়ে । নাটকৰ জৰিয়তে অভিনয় জগতৰ পাতনি মেলা কলিতাই বৰ্তমানলৈ বহুত কেইখন ছবিত অভিনয় কৰাৰ লগতেই পৰিচালনাও কৰিছে ।

পূৰ্ণদৈৰ্ঘৰ অসমীয়া ছবিৰ লগতে বহু কেইখন চুটি ছবিও নিৰ্মাণ কৰিছে কৃপাল কলিতাই । শেহতীয়াকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ ধাৰাভাষ্যকাৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় কলিতাই পৰিচালনা কৰা ছবি "হাতী বন্ধুৱে"।

ইফালে পৰিচালক কৃপাল কলিতাৰ অন্য এখন ছবি ‘ব্ৰিজ’এ বহুকেইটা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয় । কেৱল ইমানেই নহয়, পৰিচালক কৃপাল কলিতাই বহু কেইখন ভিচিডিতো কাম কৰিছিল । আজিৰ পৰা কেইবছৰমান পূৰ্বে ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিৰ এই সময়ছোৱাত মুক্তি পাইছিল অসমীয়া ভি চি ডি সমূহ । বৰ্তমান সেইসমূহ বন্ধ হৈ গ’ল ।

শেহতীয়াকৈ ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পৰিচালকগৰাকীয়ে সেই দিনবোৰৰ সন্দৰ্ভত মন্তব্য কৰি কয়,‘‘সেইদিনবোৰলৈ খুবেই মনত পৰে । সেইটো আচলতে খুবেই এটা দীঘলীয়া পৰিক্ৰমা আছিল । প্ৰথমতে কেছেট ওলাইছিলে তাৰ পিচত চি ডি ওলাইছিল ৷ সেইটোৱে গোটেই অসমত এটা বিহুৰ পৰিৱেশ আনিছিল । এতিয়া সেই বস্তুবোৰ নোহোৱা হৈ গ’ল । সেই সময়ত কেছেটতে হওক বা চি ডিতে হওক বিহুৰ এটা ভাল চর্চা আছিল ।’’

ইফালে নৱবৰ্ষৰ পৰিকল্পনা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত মন্তব্য কৰি কলিতাই কয়,‘‘নতুন বছৰত বহু কেইটা পৰিকল্পনা আছে । চুটি ছবি, গানৰ লগতে বহু কেইটা কাম হাতত লোৱা হৈছে ।’’

লগতে পঢ়ক:কণ্ঠশিল্পী চাজুৰ সৈতে ইটিভি ভাৰত অসমৰ সাক্ষাৎকাৰ

ABOUT THE AUTHOR

...view details