ETV Bharat / state

কণ্ঠশিল্পী চাজুৰ সৈতে ইটিভি ভাৰত অসমৰ সাক্ষাৎকাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 27, 2023, 6:28 PM IST

Interview with Assamese Singer Saju: কেনেকৈ ‘‘বিদেশত আপোন মানুহ’’ গীতটিৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল কণ্ঠশিল্পী চাজু । কেনেকৈ সংগীত জগতৰ যাত্ৰা আৰম্ভ কৰিছিল শিল্পীগৰাকীয়ে। চাজুৰ সৈতে ইটিভি ভাৰত অসমৰে হোৱা সাক্ষাৎকাৰত জানক এই সকলোবোৰ ৷

ETV Bharat Assams special interview with Singer Saju
কণ্ঠশিল্পী চাজুৰ A টু Z

কণ্ঠশিল্পী চাজুৰ A টু Z

গুৱাহাটী, 27 ডিচেম্বৰ: ‘বিদেশত আপোন মানুহ’ গীতটিৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছিল কণ্ঠশিল্পী চাজুৱে । অৱশ্যে সকলোৱে হয়তো ভাৱে কণ্ঠশিল্পীগৰাকীৰ জীৱনৰ প্ৰথমটো গীত হৈছে ‘বিদেশত আপোন মানুহ’ ৷ কিন্তু বহুতে হয়তো নাজানে এইটো গীতটিৰ পূৰ্বে তেওঁ এখন ছবিত কণ্ঠদান কৰিছিল ৷ কিন্তু বিদেশত আপোন মানুহ গীতটিয়ে বিশেষ ভাৱে সমাদৰ লাভ কৰিবলৈ সক্ষম হয় ৰাইজৰ মাজত । গীতটি আজিও শ্ৰোতাৰ মাজত জনপ্ৰিয় । শেহতীয়াকৈ ইটিভি ভাৰত অসমৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কণ্ঠশিল্পীগৰাকীয়ে নিজৰ জীৱনৰ বিষয়ে বহু কথা প্ৰকাশ কৰে ৷

প্ৰথমে গীতটিৰ সম্পৰ্কে কণ্ঠশিল্পীগৰাকীয়ে কয়, ‘‘বিদেশত আপোন মানুহ গীতটিৰ বাবে মইও ভাগ্যৱান, আজিও মানুহে গীতটিক পূৰ্বৰ দৰেই মৰমেৰে আদৰি লয় । বিশেষকৈ নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলেও গীতটি ভাল পায় । বিদেশত আপোন মানুহৰ যেতিয়া কাম কৰিছিলো মই তেতিয়া একেবাৰে নতুন আছিলোঁ । এই গীতটিৰ পূৰ্বে 'মৰমী হ’বা নে লগৰী' ছবিখনত গীত গাইছিলোঁ । ’’

সংগীত জগতৰ যাত্ৰাৰ সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে কয়, ‘‘মই জীৱনত কেতিয়াও ভবা নাছিলো যে মোৰ বৃত্তি সংগীত হ’ব । স্কুলীয়া জীৱনত মই একেবাৰে সংগীতৰ লগত জড়িত নাছিলোঁ । ঘৰখন সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত আছিল যদিও মই সংগীতৰ পৰা সদায় দূৰত আছিলো । কলেজ যোৱাৰ পিচৰে পৰা মই সংগীতৰ লগত জড়িত হৈ পৰিছিলোঁ । পৰৱৰ্তী সময়ত মই মঞ্চত অনুষ্ঠান কৰিব আৰম্ভ কৰিলোঁ । তেনেকৈয়ে মই সংগীত ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিলোঁ । বৰ্তমানলৈ মই ২৬ খন ছবিত কাম কৰিছোঁ ।’’

উল্লেখ্য যে, কেৱল অসমীয়া ছবিতে নহয়, বহু কেইখন ভি চি ডিতো কণ্ঠদান কৰিছে চাজুৱে । আজিৰ পৰা কেইবছৰমান পূৰ্বে ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিৰ এই সময়চোৱাত মুক্তি পাইছিল অসমীয়া ভি চি ডিসমূহ । বৰ্তমান সেইসমূহ বন্ধ হৈ গ’ল । শিল্পীগৰাকীয়ে এই সন্দৰ্ভত মন্তব্য কৰি কয়, ‘‘সেই সময় এক সোণালী সময় আছিল, সেই সময়ত বহুত ছবি, ভি চি ডি মুক্তি পাইছিল । তেতিয়া সেই আনন্দটো বেলেগ আছিল । মানুহে কেচেটসমূহলৈ অধীৰ আগ্ৰহেৰে বাট চায় থাকে ।’’

লগতে পঢ়ক: কুসুম কৈলাসৰ বসন্তৰ উতলা বা শীৰ্ষক গীতৰ এলবাম মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.