অসম

assam

Assam primary school teacher: সমল কেন্দ্ৰ সমন্বয়কৰ গোটৰ পৰা আঁতৰিব প্ৰাথমিক শিক্ষক

By

Published : May 28, 2023, 8:25 PM IST

ৰাজ্যৰ সকলো প্ৰাথমিক শিক্ষকে সমল কেন্দ্ৰ সমন্বয়কৰ ৱাটচআপ গোটৰ পৰা ওলাই অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শিক্ষকসকলৰ বিৰোধিতাৰ পাচতো শিক্ষাসেতু এপত শিক্ষকৰ তথ্য শিক্ষা বিভাগে কৌশলেৰে অন্তৰ্ভূক্ত কৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ন কৰিব তেওঁলোকে (Assam primary school teacher) ৷

Assam primary school teachers Protest
ৱাটচআপ গোটৰ পৰা ওলাই অহাৰ সিদ্ধান্ত প্ৰাথমিক শিক্ষকৰ

সমল কেন্দ্ৰ সমন্বয়কৰ ৱাটচআপ গোটৰ পৰা ওলাই অহাৰ সিদ্ধান্ত

গুৱাহাটী, 28 মে’: সোমবাৰে দিনৰ 11 বজাত ৰাজ্যৰ সকলো প্ৰাথমিক শিক্ষকে সমল কেন্দ্ৰ সমন্বয়কৰ ৱাটচআপ গোটৰ পৰা ওলাই অহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ শিক্ষক সকলৰ বিৰোধিতাৰ পাছতো শিক্ষাসেতু এপত শিক্ষকৰ তথ্য শিক্ষা বিভাগে কৌশলেৰে অন্তৰ্ভূক্ত কৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী ৰূপায়ন কৰিব তেওঁলোকে ৷ একাংশ সমল কেন্দ্ৰ সমন্বয়কে গোপনে শিক্ষকৰ তথ্য আপডেট কৰাৰ অভিযোগ লাভ কৰাত সন্মিলনীৰ জৰুৰী কৰ্মকৰ্তা সভাই এই সিদ্ধান্ত গ্ৰহণ কৰে (Assam primary school teachers Protest) ৷

আনহাতে এনেদৰে শিক্ষকৰ অগোচৰে তথ্য আপডেট কৰাৰ ফলত শিক্ষকৰ তথ্য বিভ্ৰান্তি হ’লে ইয়াৰ বাবে কাৰ্যালয় জগৰীয়া হ’ব বুলি সকলো শিক্ষা বিষয়াক স্মাৰক পত্ৰও প্ৰদান কৰিব তেওঁলোকে ৷ ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে শিক্ষাবিভাগে গ্ৰহণ কৰা সিদ্ধান্ত তিনিবছৰে কাৰ্যকৰী নকৰাত ক্ষোভিত প্ৰাথমিক শিক্ষক সকলে নতুন কামৰ দায়িত্ব গ্ৰহণ নকৰাৰ বাবে লোৱা সিদ্ধান্তত অটল আছে বুলি জনাইছে বিষয়ববীয়াসকলে ৷ যোৱা 22 মে’ত ৰাজ্যৰ সকলো বিদ্যালয়ে টেবলেট ঘূৰাই দি কৰা প্ৰতিবাদৰ পাচত শিক্ষাসেতু এপৰ কামত অসহযোগ অব্যাহত আছে ৷ তেনে সময়তে শিক্ষা বিভাগে শিক্ষকৰ তথ্য আপডেটৰ সপ্তাহ কাৰ্যসূচী ৰূপায়নৰ সিদ্ধান্ত লৈছে (Assam primary school teachers) ৷

আনকি শিক্ষামন্ত্ৰীয়ে দৰমহাৰ প্ৰসংগ টানি আনি শিক্ষকক ভাবুকি প্ৰদান কৰাত সন্মিলনীয়ে ক্ষোভ প্ৰকাশ কৰিছে ৷ সন্মিলনীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে যে শিক্ষকসকলে শৈক্ষিক কাম নিয়াৰিকৈ পালন কৰি আহিছে ৷ আনকি নতুনকৈ জাপি দিয়া কামৰ বাদে পূৰ্বৰ পৰা কৰি অহা সকলো কাম পৰিচালনা কৰি আছে ৷ প্ৰাপ্য আদায় নিদিয়াকৈ নতুনকৈ কাম জাপি থাকিব সেয়া কোনো নীতিগত কথা হ’ব নোৱাৰে ৷ সেয়ে এজনো শিক্ষকৰ বেতনত হাত দিলে ন’ পে ন’ ৱৰ্ক কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলিও কয় তেওঁলোকে ৷

ইয়াৰ দ্বাৰা হ’ব পৰা শৈক্ষিক ক্ষতিৰ বাবে শিক্ষামন্ত্ৰী জগৰীয়া হ’ব ৷ নিজৰ বিভাগে লোৱা সিদ্ধান্তটো কাৰ্যকৰী কৰিব পৰা নাই, শিক্ষকসকলৰ সৰলতাৰ সুযোগ লৈ চাৰ্ভিচ ৰুলৰ কথা কৈ ভাবুকি দিয়াৰ পৰা বিৰত থকাৰ আহ্বান জনায় তেওঁলোকে ৷ আজিও চাৰ্ভিচৰুলখন সম্পূৰ্ণ কৰিব নোৱাৰা মন্ত্ৰীগৰাকীয়ে বিফলতা স্বীকাৰ কৰা উচিত বুলিও মন্তব্য কৰে সন্মিলনীয়ে ৷ সন্মিলনীৰ এই সিদ্ধান্তসমূহত নিখিল বড়ো প্ৰাথমিক শিক্ষক সংস্থা, সদৌ অসম টেট উৰ্ত্তীৰ্ণ শিক্ষক সমাজ, ষ্টেটপুল শিক্ষক সন্থা আদি সংগঠনেও সহযোগ কৰিব (Teachers protest against Assam Govt) ৷

লগতে পঢ়ক:All Assam Tribal Sangha: সংবিধান প্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত জনজাতি লোকসকল; ট্ৰাইবেল সংঘ

ABOUT THE AUTHOR

...view details