ETV Bharat / state

All Assam Tribal Sangha: সংবিধান প্ৰদত্ত অধিকাৰৰ পৰা বঞ্চিত জনজাতি লোকসকল; ট্ৰাইবেল সংঘ

author img

By

Published : May 28, 2023, 6:50 PM IST

All Assam Tribal Sangha
সদৌ অসম ট্ৰাইবেল সংঘৰ কাৰ্যনিৰ্বাহক সভা

গুৱাহাটীৰ পল্টন বজাৰস্থিত ট্ৰাইবেল গেষ্ট হাউচত সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলৰ পূৰ্বে সদৌ অসম ট্ৰাইবেল সংঘৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় ৷ এই সভাত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

সদৌ অসম ট্ৰাইবেল সংঘৰ সংবাদমেল

গুৱাহাটী, 28 মে' : আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে চৰকাৰে বাস্তৱমুখী পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত বিশেষকৈ সীমামূৰীয়া জনজাতি লোকসকলে ভয়াৱহ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ এই অভিযোগ সদৌ অসম ট্ৰাইবেল সংঘৰ ৷ দেওবাৰে গুৱাহাটীৰ পল্টন বজাৰস্থিত ট্ৰাইবেল গেষ্ট হাউচত সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীয়ে এখন সংবাদমেল সম্বোধন কৰে ৷ উল্লেখ্য যে সংবাদমেলৰ পূৰ্বে সদৌ অসম ট্ৰাইবেল সংঘৰ এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় আৰু সভাত কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Press Meet of All Assam Tribal Sangha in Guwahati) ৷

সংবাদমেলত সভাৰ সিদ্ধান্তসমূহ উল্লেখ কৰি সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীয়ে কয় যে সদৌ অসম ট্ৰাইবেল সংঘ আৰু জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতি অসমৰ নেতৃবৃন্দই 30 মে'ত পশ্চিম কাৰ্বি আংলং জিলাৰ অশান্ত জৰ্জৰ জিৰিকিন্দিং অঞ্চল ভ্ৰমণ কৰি অসম-মেঘালয় সীমা সমস্যাৰ বুজ ল'ব ৷ তেওঁ কয় যে পশ্চিম কাৰ্বি আংলং জিলাৰ জিৰিকিন্দিং অঞ্চলত মেঘালয়ৰ দুষ্কৃতিকাৰীয়ে অসমৰ চাৰিসীমাৰ ভিতৰত 10 কিলোমিটাৰ পৰ্যন্ত সোমাই আহি অসমৰ মাটি বলপূৰ্বকভাৱে দখল কৰাৰ লগতে অসমৰ জনসাধাৰণৰ খেতি-পথাৰ ধ্বংস কৰাৰ লগতে ঘৰ-বাৰী জ্বলাই দিয়া পৰিলক্ষিত হৈছে (Press Meet of All Assam Tribal Sangha) ৷

অসম চৰকাৰে অসম-মেঘালয়, অসম-অৰুণাচল, অসম-নাগালেণ্ড আৰু অসম-ত্ৰিপুৰাৰ সীমা সমস্যা সমাধানৰ বাবে বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰা নাই ৷ যাৰফলত সীমামূৰীয়া জনজাতি লোকসকলে শান্তিত থাকিব পৰা নাই ৷ আন্তঃৰাজ্যিক সীমা সমস্যা অগ্ৰাধিকাৰ ভিত্তিত তাৎক্ষণিক ফলপ্ৰসু সমাধান কৰাতো ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য বুলি তেওঁ কয় ৷ তেওঁ লগতে কয় যে সদৌ অসম ট্ৰাইবেল সংঘৰ কাৰ্যনিৰ্বাহক সভাই অসম-মেঘালয়, অসম-অৰুণাচল, অসম-নাগালেণ্ড আৰু অসম-ত্ৰিপুৰাৰ সীমা সমস্যাৰ শীঘ্ৰে সমাধান কৰাৰ দাবী উত্থাপন কৰিছে ৷ আনহাতে জনজাতীয় সংগঠন দুটাৰ নেতৃবৃন্দই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ টিৰাপ অঞ্চলো ভ্ৰমণ কৰি অসম-অৰুণাচল প্ৰদেশৰ সীমামূৰীয়া জনজাতি ৰাইজৰ অৱস্থাৰ বুজ ল'ব (All Assam Tribal Sangha in) ৷

অৰুণাচল প্ৰদেশৰ সীমমূৰীয়া ঠাইত অতীজৰে পৰা বসবাস কৰি থকা চিংফৌ, তাংচা, চেমা, সোণোৱাল-কছাৰী, মিচিং, দেউৰী ৰাইজে অনিশ্চয়তাত দিন কটাইছে ৷ কয়লাৰ অবাধ মুক্ত খননে এই ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীসমূহৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনিছে ৷ এই জনগোষ্ঠীসমূহে দীর্ঘদিন ধৰি টিৰাপ ট্ৰাইবেল স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবী কৰি আহিছে ৷ তেওঁ কয় যে আজিৰ সভাই মাৰ্ঘেৰিটাৰ টিৰাপ অঞ্চলত বসবাস কৰি থকা চিংফৌ, তাংচা, চেমা, সোনোৱাল-কছাৰী, মিচিং, দেউৰী সকলক স্বায়ত্ব শাসন প্ৰদান কৰিবলৈ দাবী জনায় (Assam Meghalaya Border Dispute) ৷

সংবাদমেলত মিছন বসুন্ধৰা-2ৰ প্ৰসংগত তেওঁ কয় যে ইয়াৰ সেৱাসমূহ গ্ৰহণ কৰাৰ ক্ষেত্ৰত বহু জনজাতীয় লোক বঞ্চিত হৈছে ৷ জনজাতি অধ্যুষিত বহু অঞ্চলত এতিয়াও কেডেষ্ট্ৰেল জৰীপ হোৱা নাই ৷ জৰীপ নোহোৱাৰ ফলত এই অঞ্চল বিলাকৰ মেপ তৈয়াৰ হোৱা নাই আৰু যাৰবাবে অধিক সংখ্যক জনজাতি লোক মিছন বসুন্ধৰা-2ত আবেদন কৰিব নোৱাৰিলে ৷ ইয়াৰ বাবে তেওঁ অসম চৰকাৰক জনজাতি অধ্যুষিত সকলো অঞ্চল নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কেডেষ্ট্ৰেল জৰীপ কৰি ভূমি অধিকাৰ প্ৰদান কৰিবলৈ মিছন বসুন্ধৰা-3 আৰম্ভ কৰিবলৈ দাবী জনায় (Mission Basundhara 2) ৷

তেওঁ লগতে অভিযোগ কৰি কয় যে অসমৰ জনজাতি সকল ভাৰতীয় সংবিধান আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰা অধিকাৰসমূহৰ পৰা বঞ্চিত হৈ আহিছে ৷ অসম ভূমি আৰু ৰাজহ আইন 1886ৰ দশম অধ্যায় যথাযথ ভাবে কার্যকৰী নোহোৱাৰ ফলত ট্ৰাইবেল বেল্টসমূহ আজিৰ তাৰিখত সুৰক্ষিত নহয় ৷ চুপাৰলাইট এ এ চি ব্লকচ ইণ্ডাষ্ট্ৰী, পূৰ্বাঞ্চল চিমেন্ট কোম্পানীয়ে ট্ৰাইবেল বেল্টৰ শ শ বিঘা মাটি অবৈধভাৱে অধিগ্ৰহণ কৰি ফেক্টৰি চলাই আহিছে ৷ শেহতীয়াকৈ অসংৰক্ষিত শ্ৰেণীৰ মালিকীস্বত্ব থকা “MAY FAIR” নামৰ প্ৰতষ্ঠানটোৱে সোনাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত দক্ষিণকামৰূপ ট্ৰাইবেল বেল্টৰ কমাৰকুচি গাঁৱৰ জৰীপ নোহোৱা 22 বিঘা মাটি জালিয়াতিৰে নামজাৰি কৰি পঞ্চতাৰকা ৰিজৰ্ট বনাই আছে বুলি তেওঁ অভিযোগ কৰে ৷

আনহাতে “PROTECH BUILDCOM PVT LTD" নামৰ প্ৰতিষ্ঠানে দক্ষিণ কামৰূপৰ ট্ৰাইবেল বেল্টৰ অন্তৰ্গত কমাৰকুচি এন চি গাঁৱৰ আমচাং অভয়াৰণ্যৰ ইক' চেনছিটিভ জ’নৰ এলিফেন্ট কৰিড'ৰৰ পাহাৰ কাটি তহিলং কৰা পৰিলক্ষিত হৈছে বুলি তেওঁ সংবাদমেলত সদৰী কৰে ৷ এই প্ৰতিষ্ঠানটোক কোনে, কেতিয়া, কি ভিত্তিত ইক' চেনছিটিভ জ'নৰ তথা বেল্টৰ অন্তৰ্ভূক্ত পাহাৰ কাটিবলৈ অনুজ্ঞা পত্ৰ প্ৰদান কৰিলে সেয়া এক অবুজ সাঁথৰ বুলি তেওঁ কয় ৷ তেওঁ সংৰক্ষিত এলেকাত এনে অবৈধ কার্যকলাপ শীঘ্ৰে বন্ধ কৰিবলৈ চৰকাৰক দাবী জনায় ৷

সেইদৰে মিছন ভূমিপুত্ৰৰ ক্ষেত্ৰত হোৱা অনিয়মৰ প্ৰসংগত তেওঁ কয় যে অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত মিছন ভূমিপুত্ৰ এপৰ জৰিয়তে জাতিগত প্ৰমাণপত্ৰ পাবলৈ চাৰি মাহ পৰ্যন্ত ৰ’বলগীয়া অৱস্থাৰ সৃষ্টি হৈছে ৷ আধাৰ কাৰ্ড, পিতৃৰ জাতিগত প্ৰমাণপত্ৰ আৰু ট্ৰাইবেল সংঘৰ চিনাক্তকৰণ থকাৰ পাচতো Court Afidevit বিছৰা হৈছে আৰু চাৰ্কোল অফিচলৈ দৰ্খাস্ত পঠিয়াই প্ৰাৰ্থীক হাৰাশাস্তি কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ বিপৰীতে শকত অংকৰ বিনিময়ত পিছত আবেদন কৰা সকলক দুদিনতেই জাতিগত প্ৰমাণপত্ৰ দিয়া হয় বুলি তেওঁ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷

মিছন ভূমিপুত্ৰ এপৰ জৰিয়তে জাতিগত প্ৰমাণপত্ৰ পোৱাৰ ক্ষেত্ৰত দেখা দিয়া আসোঁৱাহসমূহ শীঘ্ৰে দূৰ কৰাৰ লগতে নিৰ্দেশনাত সদৌ অসম ট্ৰাইবেল সংঘৰ নাম স্পষ্টকৈ উল্লেখ কৰি আই টি ডিপি আৰু মহকুমা জনজাতি উন্নয়ন বৰ্ডৰ অধ্যক্ষই চিনাক্তকৰণ কৰা প্ৰক্ৰিয়া বন্ধ কৰিবলৈ তেওঁ দাবী জনায় ৷ তেওঁ লগতে কয় যে 15 জুনত গুৱাহাটীত বিশিষ্ট জনজাতীয় চিন্তাবিদসকলক লৈ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ সুৰক্ষা, বন অধিকাৰ আইন 2006ৰ কাৰ্যকৰীকৰণ, সংৰক্ষণ আইনৰ যথাযথ কার্যকৰীকৰণ আদি সংবিধান প্ৰদত্ত অধিকাৰৰ পৰা জনজাতি সকলক বঞ্চনা কৰাৰ বিষয় সন্দৰ্ভত এখন কর্মশালা অনুষ্ঠিত কৰা হ'ব ৷ সংবাদমেলত ট্ৰাইবেল সংঘৰ কেইবাজনো বিষয়ববীয়া উপস্থিত আছিল ৷

লগতে পঢ়ক: AASU protest : চৰকাৰৰ মাতৃভাষা বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে আছুৰ মাহজোৰা আন্দোলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.