অসম

assam

৮ জুনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ লগতে বিটিচিৰ এটা সমষ্টিৰ উপ-নিৰ্বাচন

By

Published : May 12, 2022, 4:13 PM IST

ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰৰ সংবাদমেল । সংবাদমেলত নিৰ্বাচন আয়ুক্তগৰাকীয়ে উল্লেখ কৰা অনুসৰি ৮ জুনত অনুষ্ঠিত হ'বলগীয়া কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে' (Assam Election Commission Announces KAAC Poll Dates)। ইয়াৰোপৰি বিটিচিৰ বাক্সা জিলাৰ ক'কলাবাৰী সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২৩ মে' । ১২ জুনত অনুষ্ঠিত হ'ব ভোট গণনা ।

Assam Election Commission Announces KAAC Poll Dates
ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰৰ সংবাদমেল

গুৱাহাটী, ১২ মে' :ঘোষণা হ’ল কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ দিন(Assam Election Commission Announces KAAC Poll Dates) । লগতে ঘোষণা কৰা হ'ল বিটিচিৰ ক'কলাবাৰী সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন । আজি অৰ্থাৎ বৃহস্পতিবাৰে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ গুৱাহাটীস্থিত কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত নিৰ্বাচনৰ দিন ঘোষণা কৰে ৰাজ্যিক নিৰ্বাচন আয়ুক্ত আলোক কুমাৰে (Press meet by Assam election commission regarding KAAC election)।

সেই অনুসৰি ৮ জুনত অনুষ্ঠিত হ’ব কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন । পুৱা ৭:৩০ বজাৰ পৰা বিয়লি ৪:৩০ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব । আজিৰে পৰা জাৰি হৈছে নিৰ্বাচনী অধিসূচনা । কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুঠ ২৬ টা সমষ্টিত ৮ জুনত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন ২৩ মে' ।

৮ জুনত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ লগতে বিটিচিৰ এটা সমষ্টিৰ উপ-নিৰ্বাচন

আনহাতে, মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন হৈছে ২৪ মে' ।

সেইদৰে মনোনয়ন পত্ৰ পৰীক্ষণৰ অন্তত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব ২৪ মে'ত । ১২ জুনত অনুষ্ঠিত হ'ব ভোট গণনা । পৰিষদখনৰ মুঠ ২৬ টা সমষ্টিৰ ভোটাৰৰ সংখ্যা হৈছে ৭,০৩,২৯৮ গৰাকী । ইয়াৰে ৩,৫৫,৫০৩ জন পুৰুষ, ৩,৪৭,৭৯০ গৰাকী মহিলা আৰু ৫ গৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

আনহাতে, মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৯০৬ টা । কাৰ্বি আংলঙৰ লুমবাজং সমষ্টিত সৰ্বাধিক ৬৯,৮১৫ গৰাকী ভোটাৰ থকাৰ বিপৰীতে বোকাজানৰ সৰুপথাৰ সমষ্টিত সবাতোকৈ কম ১০,১২৮ গৰাকী ভোটাৰ আছে । ইফালে পশ্চিম কাৰ্বি আংলং জিলাৰ ৫৭ টা ভোটকেন্দ্ৰ অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে ।

লগতে পঢ়ক :আলফা স্বাধীনত যোগদান কৰিলে নেকি ৰঙিয়াৰ ৰিংকু আলীয়ে ?

তদুপৰি ৩২৫ টা ভোটকেন্দ্ৰ স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে । পৰিষদৰ নিৰ্বাচনত একোজন প্ৰাৰ্থীয়ে প্ৰচাৰৰ নামত সৰ্বাধিক ৪:৫০ লাখ টকা ব্যয় কৰিব পাৰিব । আনহাতে, ষ্টাৰ কেম্পেইনাৰৰ ক্ষেত্ৰত স্বীকৃতপ্ৰাপ্ত ৰাষ্ট্ৰীয় দলৰ বাবে ৩০ গৰাকী, স্বীকৃতপ্ৰাপ্ত আঞ্চলিক দলৰ বাবে ২৫ গৰাকী আৰু পঞ্জীয়ন প্ৰাপ্ত অস্বীকৃত দলৰ বাবে ১৫ গৰাকী ধাৰ্য কৰা হৈছে ।

পুৱা ৯ বজাৰ পৰ সন্ধিয়া ৬ বজালৈ প্ৰচাৰ চলাব পাৰিব । ভোটগ্ৰহণৰ সময়ত মাস্ক পৰিধান কৰা, চেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ বাবে আয়োগৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছে । ইফালে বিটিচিৰ বাক্সা জিলাৰ ক'কলাবাৰী সমষ্টিৰ উপ নিৰ্বাচন অনুষ্ঠিত হ'ব ৮ জুনত ।

ইয়াৰ বাবে মনোনয়ন দাখিলৰ অন্তিম দিন হৈছে ২৩ মে' । মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব ২৪ মে'ত আৰু চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব ২৬ মে'ত । মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ মে' । আনহাতে, ভোট গণনা অনুষ্ঠিত হ'ব ১২ জুনত । সমষ্টিটোত ভোটাৰৰ সংখ্যা হৈছে ৭২,৪১৬ গৰাকী । ইয়াৰে ৩৫,৭৫৬ জন পুৰুষ, ৩৬,৬৬০ গৰাকী মহিলা আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰ ।

মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ৯৭ টা । নিৰ্বাচনী প্ৰচাৰৰ বাবে একোজন প্ৰাৰ্থীয়ে সৰ্বাধিক ৭ লাখ টকা ব্যয় কৰিব পাৰিব । উল্লেখ যে, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ আৰু বিটিচিৰ ক'কলাবাৰী সমষ্টিত আজিৰে পৰা বলবৎ হৈছে নিৰ্বাচনী আচৰণ বিধি ।

লগতে পঢ়ক :খেল' ইণ্ডিয়াত ৰূপৰ পদক অৰ্জন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰী ইমন গগৈৰ

TAGGED:

ABOUT THE AUTHOR

...view details