ETV Bharat / state

আলফা স্বাধীনত যোগদান কৰিলে নেকি ৰঙিয়াৰ ৰিংকু আলীয়ে ?

author img

By

Published : May 12, 2022, 2:06 PM IST

পুনৰ আলফা(স্বা)ত যোগদান এজন অসমীয়া যুৱকৰ (Youths from Assam joining ULFA I) ৷ ৰঙিয়াৰ এজন নিৰুদ্দিষ্ট যুৱকৰ আলফালৈ সাম্ভাব্য গমনৰ খবৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ যুৱকজনৰ নাম চিৰাজুল আলম ওৰফে ৰিংকু আলী ৷

rinku-ali-from-rangia-suspected-to-join-ulfa-i
আলফা স্বাধীনত যোগদান কৰিলে নেকি ৰঙিয়াৰ ৰিংকু আলীয়ে ?

ৰঙিয়া, 12 মে’ : পুনৰ আলফা(স্বা)মুখী হৈছে নতুন প্ৰজন্ম (Youths from Assam joining ULFA I) ৷ শেহতীয়াভাৱে ৰাজ্যৰ একাংশ যুৱক-যুৱতী আলফাত যোগদান কৰাৰ খবৰে তোলপাৰ লগাইছে ৰাজ্য ৷ এনে সময়তে ৰঙিয়াৰ এজন নিৰুদ্দিষ্ট যুৱকৰ আলফালৈ সাম্ভাব্য গমনৰ খবৰে এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

যুৱকজন হৈছে ৰঙিয়াৰ চিৰাজুল আলম ওৰফে ৰিংকু আলী । ৰঙিয়া বালাগাঁৱৰ 35 বছৰীয়া যুৱকজন বিগত 4 মে'ৰ পৰা নিৰুদ্দেশ হৈ আছিল । ৰিংকু আহমেদৰ বায়েক আৰু ভাগিনীয়েকে জানিবলৈ দিয়া মতে, ঈদৰ পিছদিনাখন অৰ্থাৎ 8 মে’ৰ দিনা ৰঙিয়া ষ্টেচনৰ ফালে যাওঁ বুলি কৈ ওলাই আহিছিল ঘৰৰ পৰা ।

ৰিংকু যি গ’ল যে গ’লেই ৷ তাৰ পিছৰ পৰা ৰিংকুৰ লগত কোনো যোগাযোগ নাই পৰিয়ালৰ লোকৰ । তথ্য অনুসৰি, প্ৰায় 15 দিন ধৰি উদিয়ানাস্থিত বায়েকৰ ঘৰতে আছিল ৰিংকু ।

লগতে পঢ়ক : সন্তান-পত্নীক ঘৰত এৰি আলফাত যোগদান কণ্ঠশিল্পীৰ

বুধবাৰে গাঁওবুঢ়া আৰু আৰক্ষী সূত্ৰে উল্লেখ কৰা অনুসৰি, ৰিংকুৱে আলফা(স্বা)ত যোগদান কৰিছে (Rinku Ali from Rangia suspected to join ULFA I) ৷ ধনৰ অভাৱৰ বাবে ৰিংকুৱে বহু সময়ত চিন্তিত হৈ আছিল ৷ সাংবাদিকৰ আগত এই কথা সদৰি কৰে ৰিংকুৰ ভাগিনীয়েকে ৷

ৰিংকু আলীৰ ভগ্নী

ৰিংকুৰ ভাগিনীয়েকে উল্লেখ কৰা অনুসৰি, সংগীতৰ প্ৰতি ৰাপ আছে ৰিংকুৱে ৷ সেয়ে বিভিন্ন সময়ত ৰিংকুৱে নিজে লিখা পেৰডি গানৰ গাই ইউটিউবত প্ৰচাৰো কৰিছিল । আনহাতে, পত্নী হত্যাৰ অভিযোগত ৰিংকুৰে জেল হাজোতলৈ যাব লগা হৈছিল বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, আলফা(স্বা)এ চোৰাংচোৱা কৰাৰ অভিযোগত দুগৰাকীকৈ অসমীয়া যুৱকক মৃত্যুদণ্ড দিয়াৰ খবৰৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ ৰঙিয়াৰ যুৱকে আলফা(স্বা)ত যোগদানৰ খবৰে ব্যপক চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক : পুনৰ আলফা(স্বা)মুখী নতুন প্ৰজন্ম: উজনি-নামনিত অন্তৰ্ধান বহুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.