ETV Bharat / state

কিয় ৰৈ গ'ল ধীৰাজৰ প্লাষ্টিক বটলৰ নাও ? কোনে দিলে বাধা ? - Plastic Free Brahmaputra

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 5:53 PM IST

Plastic Free Assam: 'প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ'ৰ লক্ষ্যৰে আৰম্ভ কৰা নৌকা যাত্ৰাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বাধা । প্ৰকৃতিৰ সৈতে এই যাত্ৰাই অন্তিম যাত্ৰা হ'ব বুলি দুখ প্ৰকাশ প্ৰকৃতিপ্ৰেমী ধীৰাজ বিকাশ গগৈৰ । বোকাখাটৰ পৰা এখন ট্ৰাকত নাওখন উঠাই আনি শিলঘাটৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰে ধীৰাজে ।

Kaziranga National Park Authority obstructs nature lover Dhiraj Bikas Gogoi's boat ride
কিয় ৰৈ গ'ল ধীৰাজৰ প্লাষ্টিক বটলৰ নাও ? (ETV Bharat Assam)

কলিয়াবৰ,৬ জুন: 'প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ' লক্ষ্য়ৰে ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰা প্ৰকৃতি প্ৰেমী ধীৰাজ বিকাশ গগৈৰ নৌকাযাত্ৰাত বাধা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ । ট্ৰাকত প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰা নাও উঠাই শিলঘাটৰ পৰা পুনৰ যাত্ৰা আৰম্ভ কৰিলে প্ৰকৃতিপ্ৰেমী যুৱকজনে । শিলঘাটত কণ কণ ছাত্ৰ-ছাত্ৰীৰে মত বিনিময় কৰি সংবাদ মাধ্যমৰ আগত দুখ প্ৰকাশ কৰিলে ধীৰাজে ।

তিনি বন্ধুৰ সৈতে লগ হৈ প্লাষ্টিকৰ বটলেৰে নিৰ্মাণ কৰা নাওখন লৈ বিশাল ব্ৰহ্মপুত্ৰত উপঙি থকা, প্লাষ্টিকৰ পেলনীয়া বটল আৰু আন প্লাষ্টিকৰ আৱৰ্জনাসমূহ বুটলি বুটলি গুৱাহাটীলৈ বুলি ৰাওনা হৈছিল ধীৰাজ । নাওখনেৰে ব্ৰহ্মপুত্ৰৰ কোবাল সোঁত ফালি গৈ থকাৰ সময়তে প্ৰকৃতিপ্ৰেমী যুৱক ধীৰাজ বিকাশ গগৈ সন্মুখীন হ'ল এক বাধাৰ । প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ গঢ়াৰ লক্ষ্যত বিধি-পথালি অহাত মানসিকভাৱে আঘাত পাইছে প্ৰকৃতিপ্ৰেমী যুৱকজনে ।

হয়তো প্ৰকৃতিৰ সৈতে এই যাত্ৰাই অন্তিম যাত্ৰা হ'ব বুলি দুখ প্ৰকাশ কৰে প্ৰকৃতিপ্ৰেমীজনে । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বাধাৰ সন্মুখীন হৈ বোকাখাটৰ পৰা এখন ট্ৰাকত নাওখন উঠাই আনি শিলঘাটত উপস্থিত হয় দলটো । শিলঘাটবাসী আৰু অসম সমবায় মৰাপাট কলৰ কৰ্মচাৰীয়ে দলটোক আদৰণি জনাই সহায়-সহযোগিতা আগবঢ়ায় । ইফালে প্লাষ্টিকৰ বটলেৰে নিৰ্মিত নাওখন চাবলৈ শিলঘাটত উপস্থিত হয় এজাক কণমানি আহি উপস্থিত হয় । ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰি, কিদৰে প্লাষ্টিকৰ পুনৰ ব্যৱহাৰ কৰিব পাৰি সেই সন্দৰ্ভত অৱগত কৰে প্ৰকৃতিপ্ৰেমী যুৱকজনে । শিলঘাটবাসীৰ মৰম বুটলি পুনৰ তিনি বন্ধুৰ সৈতে গুৱাহাটী অভিমুখে ৰাওনা হয় ধীৰাজ বিকাশ গগৈ ।

লগতে পঢ়ক: পেলনীয়া প্লাষ্টিকৰ বটলৰ নাৱত উঠি বগীবিলৰ পৰা দুঃসাহসিক যাত্ৰা - Plastic Free Brahmaputra

প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ গঢ়াৰ লক্ষ্য ডিব্ৰুগড়ৰ ধীৰাজ বিকাশ গগৈৰ - Plastic Free Brahmaputra

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.