অসম

assam

PM Modi’s Assam visit : বিহুৰ দিনা আহিব প্ৰধানমন্ত্ৰী মোদী; তৎপৰ হৈছে চৰকাৰ আৰু প্ৰশাসন

By

Published : Apr 9, 2023, 9:04 PM IST

এদিনীয়া ভ্ৰমণসূচীৰে ১৪ এপ্ৰিলত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi to visit Assam)৷ উক্ত দিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে কেবা কোটি টকাৰ কেইবাটাও প্ৰকল্প মুকলি কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব (Modi will lay foundation stone of various project) । ইয়াৰ উপৰিও উক্ত দিনা আয়োজন কৰা বিশাল বিহুনাচৰ অনুষ্ঠানতো অংশ ল’ব প্ৰধানমন্ত্ৰী মোডীয়ে (Guinness world record through Bihu) ৷

PM Modi’s Assam visit
১৪ এপ্ৰিলত গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

গুৱাহাটী, ৯ এপ্ৰিল :এদিনীয়া ব্যস্ততাৰ কাৰ্যসূচীৰে গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi to visit Assam) । ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী মোডীয়ে প্ৰায় ৮৫০০ কোটি টকাৰ কেইবাটাও প্ৰকল্প মুকলি কৰাৰ লগতে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । লগতে ১১ হাজাৰৰো অধিক বিহুৱা-বিহুৱতীৱে একেটা স্থানতে প্ৰদৰ্শন কৰিবলগীয়া বিহুনাচ উপভোগ কৰিব (PM Modi’s Assam visit)।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণ সন্দৰ্ভত দেওবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে, ১৪ এপ্ৰিলৰ দিনা দিনৰ প্ৰায় ১১:৩০ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী গুৱাহাটীৰ বৰঝাৰস্থিত বিমানবন্দৰত উপস্থিত হ’ব । তাৰ পৰা হেলিকপ্টাৰেৰে আই আই টি গুৱাহাটীত উপস্থিত হৈ চাংসাৰিৰ এইমছ গুৱাহাটীত আয়োজন কৰা অনুষ্ঠানত অংশ গ্ৰহণ কৰিব (Assam CM press meet on PM Modi’s Assam visit) ।

ইতিমধ্যে এইমছ গুৱাহাটীৰ ৮৫ শতাংশ কাম সম্পূৰ্ণ হৈছে আৰু বাকী ১৫ শতাংশ কাম সময়ৰ লগে লগে হ’ব । ১১২৩ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ৭৫০ খন বিছনাযুক্ত এইমছ গুৱাহাটী সিদিনা প্ৰধানমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব । উক্ত অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি নগাঁও, কোকৰাঝাৰ আৰু নলবাৰী মেডিকেল কলেজ মুকলি কৰিব ।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে, নলবাৰী মেডিকেল কলেজৰ ক্ষেত্ৰত ৬১৫ কোটি টকা, নগাঁও মেডিকেল কলেজৰ ক্ষেত্ৰত ৫৬০ কোটি টকা আৰু কোকৰাঝাৰ মেডিকেল কলেজৰ ক্ষেত্ৰত ৫৩৫ কোটি টকা ব্যয় হৈছে । আনহাতে, এইমছ গুৱাহাটীৰ পৰাই প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনি অনুসৰি ১ কোটি ১০ লাখ মানুহৰ বাবে আয়ুষ্মান কাৰ্ড মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে (Modi will lay foundation stone of various project) ।

সেইদিনা প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতীকী ৰূপত বিতৰণ কৰিব কাৰ্ড । ১০ মে'ত চৰকাৰখনৰ দুবছৰ পূৰ্তি উপলক্ষ্যে অয়ুষ্মান অসম আঁচনিখন কাৰ্যকৰী কৰা হ'ব । আনহাতে প্ৰধানমন্ত্ৰীয়ে এইমছৰ পৰাই আই আই টি গুৱাহাটী আৰু অসম চৰকাৰৰ মাজত হোৱা বুজাবুজিৰ সিদ্ধান্ত মৰ্মে নিমাৰ্ণ কৰিবলগীয়া 'আৰ্হি' নামৰ অত্যাধুনিক প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰিব ।

৬০০ কোটি ব্যয় সাপেক্ষে আই আই টি গুৱাহাটী চৌহদত নিৰ্মাণ কৰিবলগীয়া এই প্ৰতিষ্ঠানখনত স্বাস্থ্যসেৱাৰ লগতে হেল্থ ইঞ্জিনিয়াৰিং উপলব্ধ হ’ব । এখন বিশ্বমানৰ গৱেষণা প্ৰতিষ্ঠান হ’ব । মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এইমছৰ পৰা হেলিকপ্টাৰ যোগে প্ৰধানমন্ত্ৰী দিনৰ ১:৪৫ বজাত খানাপাৰা খেলপথাৰত উপস্থিত হৈ কলাক্ষেত্ৰলৈ যাব । কলাক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হীৰক জয়ন্তী অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত অংশ গ্ৰহণ কৰি ভাষণ আগবঢ়াব ।

কলাক্ষেত্ৰৰ অনুষ্ঠানৰ পাচত প্ৰধানমন্ত্ৰীয়ে আধাঘণ্টা সময় কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত জিৰণি ল’ব । কইনাধৰাৰ পৰা প্ৰধানমন্ত্ৰী ৪:৩০ বজাত সৰুসজাই ষ্টেডিয়াম অভিমুখে যাত্ৰা কৰিব । সৰুসজাই ষ্টেডিয়ামত ৪:৪৫ বজাৰ পৰা অনুষ্ঠান আৰম্ভ হ’ব আৰু প্ৰধানমন্ত্ৰীয়ে তিনিটা আঁচনি মুকলি কৰিব ।

সৰুসজাইৰ পৰা প্ৰধানমন্ত্ৰীয়ে ভাৰচুৱেলি নামৰূপৰ ৫০০ টিপিডি মিথানেল প্ৰকল্পৰ শুভাৰম্ভণি কৰিব । ১৭০৯ কোটি টকা ব্যয় সাপেক্ষৰ এই প্ৰকল্পটোৰ ৫১ শতাংশ ব্যয় অসম চৰকাৰৰ আৰু ৪৯ শতাংশ ব্যয় অইল ইণ্ডিয়াৰ । তদুপৰি, প্ৰধানমন্ত্ৰীয়ে ভাৰচুৱেলি ১০০ কোটি টকা ব্যয় সাপেক্ষে ৰংঘৰৰ সৌন্দৰ্যবৰ্ধনৰ বাবে লোৱা আঁচনিৰ কামৰো শুভাৰম্ভ কৰিব ।

দুয়োটা কাৰ্যসূচীৰ পিচত ব্ৰহ্মপুত্ৰৰ ওপৰত স্থাপন হ’বলগীয়া পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ আধাৰশিলাও প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলি স্থাপন কৰিব । ৩১৯৭ কোটি টকা ব্যয় সাপেক্ষে দলঙখন নিৰ্মাণ কৰা হ’ব । মুখ্যমন্ত্ৰীয়ে কয় যে, এইসমূহ কাৰ্যসূচীৰ পাচতে অনুষ্ঠিত হ’ব বিহুনাচৰ বিশাল অনুষ্ঠানটো ।

সৰুসজাইত ১১ হাজাৰ ১০ গৰাকী বিহুৱা আৰু বিহুৱতীয়ে প্ৰধানমন্ত্ৰীৰ সন্মুখত প্ৰদৰ্শন কৰিব বিহুনাচ (Guinness world record through Bihu)। বিহুনাচ এই অনুষ্ঠান ১৫ মিনিট সময়ৰ হ’ব আৰু ইয়াৰ দ্বাৰা বিহুনাচে আন এক কৃতিত্বৰ অধিকাৰী হ’ব । একেটা স্থানত এনেদৰে বিশাল পৰিসৰত বিহুনাচ প্ৰদৰ্শন কৰা আৰু ঢোল বাদনৰ বাবে গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ স্থান লাভৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব । অনুষ্ঠানত গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ লোক থাকিব ।

এই অনুষ্ঠানত গামোচাৰ জি আই টেগৰ প্ৰমাণপত্ৰও দিব পাৰে বুলি মুখ্যমন্ত্ৰীয়ে কয় । বিহুনাচ উপভোগ কৰাৰ পাচতে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ আগবঢ়াব আৰু সিদিনাই বিয়লি দিল্লীলৈ উভতি যাব । সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে, ১০ এপ্ৰিলৰ দিনা সকলো বিহুৱা-বিহুৱতী গুৱাহাটীত আহি উপস্থিত হ’ব আৰু ১১ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ সৰুসজাই ষ্টেডিয়ামত ড্ৰেচ আখৰা কৰিব ।

১৪ এপ্ৰিলত সকলোৱে একেলগে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত বিহুনাচ প্ৰদৰ্শন কৰি নতুন অভিলেখ গঢ়িব । অনুষ্ঠান উপভোগ কৰাৰ বাবে ১১ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ কলাক্ষেত্ৰত ১০ হাজাৰ পাছ দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে । তদুপৰি গুৱাহাটীৰ ৰাইজে ১১ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ বিয়লি ৪:৩০ বজাৰ পৰা ৬:৩০ বজালৈ সৰুসজাই ষ্টেডিয়ামত আখৰা উপভোগ কৰিব পাৰিব ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা বিহুৱা-বিহুৱতী সকলক ৰখাৰ বাবে গুৱাহাটীৰ হোটেলসমূহ বুক কৰা হৈছে । দৈনিক এহাজাৰ টকা মূল্যৰ কোঠা বুক কৰা হৈছে । সংবাদমেলত মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী নন্দিতা গাৰ্লোচা, মুখ্য সচিব পবন বৰঠাকুৰ, আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং উপস্থিত আছিল ।

লগতে পঢ়ক :Guinness world record through Bihu : মাজুলীত বিহুৰ আখৰা পৰ্যবেক্ষণ মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ

ABOUT THE AUTHOR

...view details