অসম

assam

APSC controversy : ৭২ ঘণ্ট‍াৰ ভিতৰত অসমীয়া ভাষা প্ৰত্য‍াহাৰৰ সিদ্ধান্ত বাতিলৰ দাবী কংগ্ৰেছৰ

By

Published : Nov 26, 2021, 9:51 PM IST

অসম লোকসেৱা আয়োগ(Assam Public Service Commission)ৰ পৰীক্ষাত ‍অসমীয়া ভাষ‍া প্ৰত্য‍াহাৰ কৰা কেবিনেটৰ সিদ্ধান্তক লৈ সৰৱ প্ৰদেশ কংগ্ৰেছ । ৰ‍াজীৱ ভৱনত জ্যেষ্ঠ মুখপাত্র তথা বিধায়ক ভৰত চন্দ্ৰ নৰহৰ সংবাদমেল । মুখ্যমন্ত্রীকে ধৰি মন্ত্রী পৰিষদক অসমবাসীৰ ওচৰত ক্ষম‍া খোজাৰ দাবী । অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা হৈছে(Insult to Assamese language) বুলি মন্তব্য ।

Removal of Assamese Language Mandatory in Apsc Examination
APSCৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্য‍াহাৰ

গুৱাহাটী, ২৬ নবেম্বৰ : অসম চৰকাৰৰ ৰাজ্যিক কেবিনেটত অসম লোক সেৱা আয়োগৰ পৰীক্ষাত ভাষা বিষয়ক বাধ্যতামূলক প্ৰশ্নকাকত প্ৰত্যাহাৰ কৰাৰ( Assamese Language paper not Compulsory for APSC) সিদ্ধান্তই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে । কেবিনেটৰ এই সিদ্ধ‍ন্তক চৰম দুৰ্ভাগ্যজনক আখ্যা দিছে প্ৰদেশ কংগ্ৰেছে (APCC reacts on Assam Cabinet decision)। শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ভৰত চন্দ্ৰ নৰহে বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ।

অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্য‍াহাৰ কৰাৰ(Removal of Assamese Language Mandatory in Apsc Examination) কেবিনেটৰ সিদ্ধান্ত বাতিল কৰাৰ বাবে চৰকাৰক ৭২ ঘণ্টাৰ সময়সীমা বান্ধি দিলে প্ৰদেশ কংগ্ৰেছে । লগতে জাতিদ্ৰোহী এই সিদ্ধ‍‍‍ান্ত গ্ৰহণৰ বাবে মুখ্যমন্ত্রীকে ধৰি মন্ত্রী পৰিষদক অসমবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী জনালে প্ৰদেশ কংগ্ৰেছে । সংবাদমেলত ভৰত নৰহে কয় যে, বঙাইগাঁৱত চৰকাৰে কেবিনেট পাতি বহু সিদ্ধান্ত ল'লে ৷

"APSCৰ পৰীক্ষাৰ পৰা ভাষাৰ কাকত প্ৰত্যাহাৰ কৰা সিদ্ধান্ত অত্যন্ত দুৰ্ভাগ্যজনক । ইয়াৰ দ্বাৰা অসমীয়া ভাষাক চূড়ান্ত অপমান কৰা হৈছে’’ । মুখ্যমন্ত্ৰীয়ে অসমত অসমীয়া ক'ব নাজানিলে চাকৰি কৰিব নোৱাৰিব বুলি কৈছিল । কিন্তু এতিয়া APSC ৰ পৰীক্ষাৰ পৰা ভাষাই প্ৰত্যাহাৰ কৰিলে । কি কাৰণে চৰকাৰে এই হঠকাৰী আৰু ভাষা বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিলে সেই কথা ৰাইজক জনাওক ।" এই মন্তব্য ভৰত চন্দ্ৰ নৰহৰ ৷

APSCৰ পৰীক্ষাত অসমীয়া ভাষা প্ৰত্য‍াহাৰ

সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয়, ‘‘বিজেপি চৰকাৰৰ ক্ষমতাই মূৰত ধৰিছে । আইৰ মুখৰ মাত কাঢ়ি নিব বিচাৰিছে ৷ মোৰ মাটি, মোৰ ভাষা উপেক্ষিত হ'ব ৷ বিষয়াৰ ভাষাক আমি শিকিব লাগিব ৷ নাগপুৰে আমাৰ ভাষা-সাহিত্য আৰু আমাৰ সংস্কৃতিক গো-গ্ৰাসে গিলিবলৈ আৰম্ভ কৰিছে ।’’

তেওঁ লগতে কয় যে, ‘‘১৫ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ গুৱ‍‍াহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত কংগ্ৰেছৰ ৰাজ্যিক পৰ্যায়ৰ দলীয় কৰ্মীৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ'ব । এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰাহুল গান্ধীয়ে অংশগ্ৰহণ কৰিব’’ । সংবাদমেলত দলৰ কেইবাজনো নেতা উপস্থিত আছিল ৷

লগতে পঢ়ক:Mission Basundhara : মিছন বসুন্ধৰাত কৰা আবেদনৰ ১৫ শতাংশ কামৰ অগ্ৰগতি

ABOUT THE AUTHOR

...view details