অসম

assam

বিজেপিৰ অপৰাধ বিৰোধী মেচিনত সোমালেই সকলো নিকা হৈ পৰে : কংগ্ৰেছ

By

Published : Aug 27, 2021, 7:47 PM IST

apcc-general-secretary-slams-bjp-government
বিজেপিৰ অপৰাধ বিৰোধী মেচিনত সোমালেই সকলো নিকা হৈ পৰে : কংগ্ৰেছ ()

ৰাজ্য চৰকাৰখনৰ কোনো অস্তিত্বই নোহোৱা হৈছে ৷ আকৌ ক'লা দিনবোৰ ঘূৰি আহিল। বিজেপিৰ অপৰাধ আৰু দুৰ্নীতিবিৰোধী মেচিনত সোমোৱাৰ লগে লগে সকলো নিকা হৈ পৰে নেকি ইত্যাদি অভিযোগ আৰু প্ৰশ্নৰ উত্থাপন কৰি এক সংবাদমেলত সৰৱ হোৱা দেখা গ’ল প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যক ।

গুৱাহাটী, ২৭ আগষ্ট : বিজেপি মিত্রজোঁটৰ চৰকাৰখনক বিজ্ঞাপনত চৰকাৰ চলোৱাৰ পৰিৱর্তে বিজ্ঞজনৰ দিহা-পৰামর্শৰে চৰকাৰ চলাবলৈ আহ্বান জনালে প্ৰদেশ কংগ্ৰেছে । শুকুৰবাৰে, গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজন কৰা এখন সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই ৰাজ্য চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ।

চৰকাৰখন আইন-শৃংখলা ৰক্ষাৰ ক্ষেত্রত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে, আকৌ ক'লা দিনবোৰ ঘূৰি আহিল । ডিমা হাছাও জিলাত পাঁচখনকৈ কয়লা ভৰ্তি ট্ৰাকৰ লগতে পাঁচ জন ড্ৰাইভৰকো জীৱন্তে হত্যা কৰিলে উগ্ৰপন্থী সংগঠনে । ৰাজ্য চৰকাৰখনৰ কোনো অস্তিত্বই নোহোৱা হৈছে বুলিও অভিযোগ কৰে জ্যেষ্ঠ নেতা গৰাকীয়ে ।

বিজেপিৰ অপৰাধ বিৰোধী মেচিনত সোমালেই সকলো নিকা হৈ পৰে : কংগ্ৰেছ

ৰাজ্যখনৰ সীমান্ত এলেকাত অব্যাহত থকা আগ্ৰাসন ৰোধত তথা শংকিত সীমান্তবাসী জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যথোচিত গুৰুত্ব প্ৰদান কৰা উচিত বুলি তেওঁ এক পৰামৰ্শ আগবঢ়ায় ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বৰ্তমানৰ বিজেপি চৰকাৰৰ আমোলতে আমাৰ ভূখণ্ডৰ ওপৰত সঘনাই আক্ৰমণ চলিছে । ইয়াৰ পূৰ্বে প্ৰতিবেশী ৰাজ্যই এনেধৰণৰ যুদ্ধং দেহি মনোভাৱ প্ৰদৰ্শন কৰা নাছিল। এয়া চৰকাৰৰ আত্মসমৰ্পন নে অসহায় অৱস্থা বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ৷ গো-মাতাৰ সুৰক্ষাত অধিক গুৰুত্ব প্ৰদান কৰাৰ পৰিৱৰ্তে চৰকাৰক সীমা সুৰক্ষাত অধিক গুৰুত্ব প্ৰদান কৰাৰো পৰামৰ্শ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে ৷

বিত্তীয় তথা প্ৰশাসনীয় সংস্কাৰেৰে দূৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়া ৰাজ্য চৰকাৰে সচাঁকৈয়ে শূণ্য সহনশীল নীতি পালন কৰিছেনে । সমাজ কল্যাণ বিভাগত হোৱা ২২৫০ কোটি টকাৰ বিয়াগোম কেলেংকাৰীৰ ঘটনাৰ নায়ক মন্ত্ৰীদ্বয়ে বিজেপিত যোগদানৰ লগে লগে সমগ্ৰ ঘটনাৰ সামৰণি পৰিল আৰু অভিযুক্তদ্বয় নিকা হৈ পৰিল । উক্ত দুৰ্নীতিত জড়িত বহুদিন পলাই থকা আই এছ এছ বিষয়াদ্বয় কোন শক্তিশালী বিজেপি নেত্ৰীৰ বাবে আজিও শাস্তি নোপোৱাকৈ আছে বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে ।

আনহাতে, গুৱাহাটী বেতকুছি অঞ্চলৰ হাইৱে সংলগ্ন "নৰ্থ ইষ্ট এলাইড এগ্ৰিকালচাৰ এণ্ড ৰিচাৰ্ছ ছ'ছাইটি" নামে এন জি অ'ৰ নামত আৱন্টিত ছয় বিঘা চৰকাৰী ভূমি ভুৱা প্ৰিমিয়াম ৰছিদৰে নিজৰ নামত পঞ্জীয়ন কৰি পিছত জনৈক আগৰৱালাক বিক্ৰী কৰা ঘটনাৰ সৈতে জড়িত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিচিত আৰু আগন্তুক দিনত তেওঁৰেই ৰাজনৈতিক সতীৰ্থ হ'বলৈ ওলোৱা ব্যক্তিগৰাকীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখাই দাখিল কৰা প্ৰতিবেদন মতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হ'ব নে। বিজেপিৰ অপৰাধ আৰু দুৰ্নীতিবিৰোধী মেচিনত সোমোৱাৰ লগে লগে সকলো নিকা হৈ পৰে নেকি।

সম্পদ লুন্ঠনৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, দেশৰ লাওলোৱা অৰ্থনৈতিক অৱস্থাৰ জোৰা মাৰিবলৈ প্ৰধানমন্ত্ৰী মোডীয়ে অষ্ট লক্ষ্মীৰ দেশ অসমৰ সম্পদ বিক্ৰীৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । "নেচনেল মনিটাইজেছন পলিচি" ৰ অধীনত আদানি আৰু আম্বানীক বিমান বন্দৰ, ৰেল ষ্টেচন বাদেই নিউ ফিল্ডত থকা "ছাই" ক্ৰীড়া প্ৰকল্প, মাৰ্ঘেৰিটাৰ কয়লা ক্ষেত্ৰ, গুৱাহাটী-শ্বিলং পথ,বাৰাউনী লৈকে থকা গেছৰ পাইপ লাইন ইত্যাদি বিক্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি ভট্ৰাচাৰ্যই অসমবাসীয়ে নিজৰ ভৱিষ্যত সম্পৰ্কে এতিয়াই সজাগ হোৱাৰ আহ্বান জনায় ৷
লগতে পঢ়ক :মহাজোঁটৰ পৰা মুক্তি বিচাৰে গৌৰৱ গগৈয়ে

ABOUT THE AUTHOR

...view details