অসম

assam

Amrit Kalash Yatra: গুৱাহাটীতো আৰম্ভ হ’ল অমৃত কলহ যাত্রা

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 5:45 PM IST

গুৱাহাটীতো বৃহস্পতিবাৰে অমৃত কলহ যাত্রা আৰম্ভ হয় ৷ পৌৰ নিগম এলেকাত আৰম্ভ হোৱা এই অমৃত কলহ যাত্রাৰ নেতৃত্ব দিয়ে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ৷

Amrit Kalash Yatra begins in Guwahati
বৃহস্পতিবাৰে গুৱাহাটীতো অমৃত কলহ যাত্রা আৰম্ভ

গুৱাহাটী, 21 ছেপ্টেম্বৰ : বুধবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হৈছে ‘মোৰ মাটি মোৰ দেশ' শীর্ষক অমৃত কলহ যাত্রা ৷ এই উপলক্ষে গুৱাহাটীতো বৃহস্পতিবাৰে অমৃত কলহ যাত্রা আৰম্ভ হয় ৷ গুৱাহাটী পৌৰ নিগম এলেকাত আৰম্ভ হোৱা এই অমৃত কলহ যাত্রাৰ নেতৃত্ব দিয়ে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ৷

গুৱাহাটীত গুৱাহাটী পৌৰ নিগমৰ ২৯ নং ৱাৰ্ডৰ পৰা এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় ৷ এই সন্দৰ্ভত মেয়ৰ মৃগেন শৰণীয়াই কয় যে এই অমৃত কলহ যাত্রা গুৱাহাটী পৌৰ নিগমৰ সকলো ৱাৰ্ডতে কৰা হ'ব ৷ গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডতে প্ৰতিজন নাগৰিকৰ গৃহৰ পৰা ভূমি সংগ্ৰহ কৰি দেশৰ ৰাজধানী নতুন দিল্লীত নিৰ্মাণ হ'বলগীয়া "অমৃত উদ্যান" ত ব্যৱহাৰ কৰিবলৈ প্ৰেৰণ কৰা হ'ব ৷

অমৃত কলহ যাত্রাৰ নেতৃত্বত মেয়ৰ মৃগেন শৰণীয়াই

এই অমৃত কলহৰ মাটি সংগ্রহ অভিযানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰৰ লগতে পাৰিষদ, বিশিষ্ট ব্যক্তি, জ্যেষ্ঠ নাগৰিক, বিভিন্ন দল-সংগঠন, স্বেচ্ছাসেৱী সংগঠন, ৱাৰ্ড উন্নয়ন সমিতি আদিয়ে অংশগ্ৰহণ কৰে ৷

গুৱাহাটী পৌৰ নিগমৰ ২৯ নং ৱাৰ্ডৰ পৰা এই কাৰ্যসূচীৰ শুভাৰম্ভণি

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন জিলাৰ গাঁও অথবা পৌৰসভা এলেকাৰ নিৰ্দিষ্ট ৱাৰ্ডৰ প্ৰতিটো পৰিয়ালৰ ঘৰৰপৰা মাটি অথবা চাউল, অমৃত কলহত সংগ্ৰহৰ এই অভিযান অহা পহিলা অক্টোবৰলৈ চলিব ৷ প্রতিঘৰৰ পৰা সংগৃহীত মাটি/চাউল অমৃত কলহত সংগ্ৰহ কৰি চহৰ বা গাঁৱৰ ২০০/৩০০ ব্যক্তিয়ে শোভাযাত্রা কৰি আনি অহা ২ অক্টোবৰত দিনৰ ১১ বজাত গাঁও পঞ্চায়ত/পৌৰ কাৰ্যালয়ত গতাই দিব লাগিব ৷

অমৃত কলহ যাত্রা

৮ আৰু ১৫ অক্টোবৰত জিলা ভেদে অমৃত কলহ প্ৰতিখন গাঁও পঞ্চায়ত/ৱাৰ্ডৰপৰা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়লৈ শোভাযাত্ৰা কৰি লৈ যোৱা হ’ব ৷ খণ্ড উন্নয়ন বিষয়া/পৌৰ কাৰ্যালয়ৰপৰা অহা সমুদায় অমৃত কলহ অহা ২৬ অক্টোবৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ প্ৰাংগনত সংগ্ৰহ কৰা হ’ব ৷ সদৌ শেষত অমৃত কলহসমূহ ২৭ অক্টোবৰত নতুন দিল্লীলৈ নি ২৮ অক্টোবৰত অমৃত উদ্যানস্থলীত অৰ্পণ কৰা হ'ব ৷

লগতে পঢ়ক :Assam irrigation: কৃষিখণ্ডৰ দুৰৱস্থা; ৰাজ্যৰ ৩৯ লাখ হেক্টৰ কৃষিভূমিৰ কেৱল ১৪ শতাংশতহে আছে জলসিঞ্চনৰ ব্যৱস্থা

ABOUT THE AUTHOR

...view details