অসম

assam

ভেজাল খাদ্য সামগ্ৰীৰ ব্যৱসায় ৰোধত ব্য়ৰ্থ চৰকাৰ

By

Published : Sep 24, 2022, 9:00 PM IST

k

অসমত চাৰি বছৰত কৰা খাদ্য সামগ্ৰীৰ নমুনা পৰীক্ষাৰ প্ৰায় ২৫ শতাংশতেই পোৱা গৈছে ভেজাল । ৰাজ্যৰ বজাৰে বজাৰে ভেজাল খাদ্য সামগ্ৰীৰ ক’লা বেহা অসাধু ব্যৱসায়ীৰ (Adulterated food trade in Assam)। ৰাজ্যখনত খাদ্য-সামগ্ৰী প্ৰস্তুত কৰা ১৫,৯০২খন প্রতিষ্ঠানৰ আছে পঞ্জীয়ন । খাদ্য সামগ্ৰীৰ পৰীক্ষা কৰা ২,২১৮ টা নমুনাৰ ভিতৰত ৪৮৮ টাত পোৱা গৈছে ভেজালকৰণ । অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে ৰুজু হৈছে ২২৩ টা গোচৰ ।

গুৱাহাটী,২৪ ছেপ্টেম্বৰঃ চৰকাৰী ব্যৱস্থাপনাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে ৰাজ্যত ভেজাল খাদ্য সামগ্ৰীৰ (Adulterated food bussiness in Assam)ব্যৱসায় চলাই আহিবলৈ সক্ষম হৈছে। জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ ভেজাল খাদ্য সামগ্ৰীয়ে ছানি ধৰিছে ৰাজ্যৰ বজাৰ । একাংশ অসাধু ব্যবসায়ী (dishonest businessman)অথবা খাদ্য প্রস্তুতকাৰীয়ে খাদ্য সামগ্রীত নিম্নমানৰ পদাৰ্থ মিহলাই তৈয়াৰ কৰা এই ভেজাল সামগ্ৰীয়ে ৰাজ্যবাসী অথবা উপভোক্তাৰ স্বাস্থ্যক গুৰুৰভাৱে ক্ষতি কৰি অহাৰ পিছতো নির্বিকাৰ-নির্লিপ্ত প্ৰতিৰোধকাৰী সংশ্লিষ্ট বিভাগ।

ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ খাদ্য সুৰক্ষা বিভাগৰ (Department of Food Safety) ৰহস্যজনক মৌনতাৰ সুযোগ লৈ একাংশ খাদ্য প্রস্তুতকাৰী অথবা অসাধু ব্যৱসায়ীয়ে বজাৰে বজাৰে মেলি দিছে বিহস্বৰূপ ভেজাল খাদ্য সামগ্রী । এই ভেজাল খাদ্য সামগ্রী অসাধু ব্যবসায়ীয়ে বাধাহীনভাৱে বিক্ৰী কৰি থকাৰ পিছতো ব্যৱস্থা গ্ৰহণ কৰা নাই খাদ্য সুৰক্ষা বিভাগ অথবা আৰক্ষী প্রশাসনে । মাজে মাজে দুই-এটা অভিযান চলায়ে দায়িত্ব সামৰিছে ।

ভেজাল খাদ্য সামগ্ৰীৰ ব্যৱসায় ৰোধত ব্য়ৰ্থ চৰকাৰ

সমগ্ৰ দেশৰ লগতে অসমতো খাদ্য সুৰক্ষা আইন, ২০০৬ (Food Safety Act 2006)প্ৰৱৰ্তন হৈ থকাৰ পিছতো এনে এখনকঠোৰ আইনৰ সহায়ত ভেজাল খাদ্য সামগ্রী বিক্ৰী ৰোধ কৰিবলৈ সক্ষম হোৱা নাই সংশ্লিষ্ট বিভাগ । উত্থাপিত অভিযোগ অনুসৰি বিভাগীয় একাংশ বিষয়াৰ সৈতে অসাধু ব্যৱসায়ীৰ গোপন বুজাবুজি থকাৰ বাবেই ৰাজ্যত এনেদৰে বজাৰে বজাৰে ছানি ধৰিছে ভেজাল খাদ্য-সামগ্ৰীয়ে। এই ভেজাল সামগ্রী জব্দ কৰাৰ পিছত ভেজাল সামগ্রী প্রস্তুতকাৰী অথবা ব্যবসায়ী চিনাক্ত কৰাৰ পিছতো বিভাগীয় বিষয়াৰ ৰহস্যজনক নির্লিপ্ততাৰ বাবেই অসাধু ব্যবসায়ী অনায়াসে সাৰি যোৱাৰ অভিযোগ উঠি আহিছে ।

ভেজাল খাদ্য সামগ্ৰীৰ ব্যৱসায় ৰোধত ব্য়ৰ্থ চৰকাৰ

খাদ্য সুৰক্ষা বিষয়াই খাদ্য-সামগ্ৰীৰ সংগ্ৰহ কৰা নমুনাৰ পৰীক্ষাত খাদ্য-সামগ্ৰীত ভেজালকৰণ, নিম্নমানৰ খাদ্য-সামগ্ৰী বুলি প্রমাণিত হোৱা সত্বেও বহু ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ এটাও ৰুজু নকৰা বা ন্যূনতম জৰিমনাও আদায় নকৰাৰ অভিযোগ আছে । আনকি ব্ৰেণ্ডবিহীন খাদ্য-সামগ্ৰীৰ লগতে ম্যাদ উকলা সামগ্ৰীৰ 'ৰি-পেকেটিং'(Re packaging of expired goods in Assam) কৰি নিম্নমানৰ সামগ্ৰী বজাৰত মুকলিকৈ বিক্ৰী কৰি থকাৰ পিছতো দায়িত্ববাহী খাদ্য সুৰক্ষা বিষয়াসকল ৰহস্যজনকভাৱে নীৰৱতা অৱলম্বন কৰা দেখা যায় ।

ভেজাল খাদ্য সামগ্ৰীৰ ব্যৱসায় ৰোধত ব্য়ৰ্থ চৰকাৰ

উল্লেখ্য যে ৰাজ্যত ভেজাল সামগ্ৰী ৰোধত চৰকাৰ তথা সংশ্লিষ্ট বিভাগ ব্যৰ্থবহৈ অহা বাবেই প্ৰতি বছৰে অসমৰ খাদ্য সুৰক্ষা সূচাংক নিম্নগামী(Assam's food safety index decline) হৈ আহিছে । ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণে দাখিল কৰা প্ৰতিবেদনত অসমৰ এনে পুতৌ লগা অৱস্থাৰ ছবি প্রকাশ পাইছে । ইয়াৰ পিছতো চৰকাৰৰ আজিকোপতি গা লৰা দেখা নাযায়। সমগ্ৰ দেশৰ লগতে অসমৰ দৰে ৰাজ্যতো প্ৰতিগৰাকী খাদ্য সামগ্রী বিক্রেতা বা প্রস্তুতকাৰীয়ে বিধি ব্যৱস্থাৰ অধীনত অনুজ্ঞাপত্ৰ আৰু তেওঁলোকৰ প্ৰতিষ্ঠানৰ পঞ্জীয়ন কৰাটো বাধ্যতামূলক । পিছে একাংশ অসাধু ব্যৱসায়ীয়ে কোনোধৰণৰ অনুজ্ঞাপত্ৰ বা পঞ্জীয়ন নকৰি ৰাজ্যত ভেজাল সামগ্ৰীৰ বেহা চলাই কোটি কোটি টকা অসৎভাৱে উপার্জন কৰি আহিছে।

ভেজাল খাদ্য সামগ্ৰীৰ ব্যৱসায় ৰোধত ব্য়ৰ্থ চৰকাৰ

তথ্য অনুসৰি ৰাজ্যখনত খাদ্য-সামগ্ৰী প্ৰস্তুত কৰা এনে ১৫,৯০২খন প্রতিষ্ঠানেহে পঞ্জীয়ন কৰিছে । তেনেদৰে ৰাজ্যত থকা সক্রিয় খাদ্য-সামগ্ৰীৰ প্ৰতিষ্ঠানৰ ভিতৰত মাথোঁ ১,০৭৭ খন প্রতিষ্ঠানে কেন্দ্ৰীয় চৰকাৰৰ অনুজ্ঞাপত্ৰ লৈছে (1077 institutions taken central government licence) আৰু ৰাজ্য চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰ গ্ৰহণ কৰা প্ৰতিষ্ঠানৰ সংখ্যা হৈছে ১০,১৯৬ খন । ইয়াৰ বিপৰীতে সৰহভাগ ব্যৱসায়ীয়ে নীতি-নিয়ম অমান্য কৰি ব্যৱসায় চলাই গৈছে । ফলত ৰাজ্য চৰকাৰেও বছৰি বহু পৰিমাণৰ ৰাজহ হেৰুৱাই আহিছে । তথ্য অনুসৰি ৰাজ্যখনত বিগত চাৰিটা বছৰত বিভিন্ন বজাৰৰ পৰা খাদ্য সুৰক্ষা বিষয়াৰ দলে মুঠ ২,২১৮ টা সামগ্ৰীৰ নমুনা সংগ্ৰহ (Collection of product samples in Assam)কৰিছে । এই নমুনাৰ পৰীক্ষাৰ অন্তত মুঠ ৪৮৮টা খাদ্য-সামগ্ৰীৰ নমুনাত ভেজালকৰণ ধৰা পৰিছিল । এই ভেজালকৰণৰ বিপৰীতে অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে ২২৩ টা ।

ভেজাল খাদ্য সামগ্ৰীৰ ব্যৱসায় ৰোধত ব্য়ৰ্থ চৰকাৰ

একে সময়ত এনে অসাধু ব্যৱসায়ীৰ পৰা জৰিমনা হিচাপে খাদ্য সুৰক্ষা আয়োগে আদায় কৰিছে ন্যূনতম আর্থিক জৰিমনা । দেখা গৈছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনস্থ খাদ্য সুৰক্ষা আয়োগে ৰাজ্যৰ বজাৰে বজাৰে গৈ যিধৰণে সামগ্ৰীৰ নমুনা সংগ্রহ কৰিব লাগিছিল, সেয়া কৰা নাই । তদুপৰি নমুনাত বিসংগতি পোৱাৰ পিছতো গুৰু দোষতো লঘু শাস্তি প্ৰদান কৰিয়েই দায়িত্ব সামৰিছে ।

ভেজাল খাদ্য সামগ্ৰীৰ ব্যৱসায় ৰোধত ব্য়ৰ্থ চৰকাৰ

উল্লেখ্য় যে যোৱা ২০১৮-১৯ বিত্তীয় বৰ্ষত খাদ্য সুৰক্ষা বিষয়াই ৰাজ্যৰ বজাৰৰ পৰা মুঠ ৫১৫ টা খাদ্য সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰিছিল । এই সামগ্ৰীৰ নমুনাৰ ভিতৰত ১১১টা সামগ্ৰীৰ নমুনাতে বিসংগতি ধৰা পৰে । এই ভেজাল বা বিসংগতিৰ বিৰুদ্ধে ৭টা ফৌজদাৰী আৰু ১৪ টা দেৱানী গোচৰ ৰুজু কৰে । দেখা গৈছে এই গোচৰতো এজনকো পিছলৈ দোষী সাব্যস্ত কৰা নহ'ল। মাথোঁ ৫টা খাদ্য-সামগ্ৰীৰ প্ৰতিষ্ঠানৰ পৰা ন্যূনতম জৰিমনা আদায় কৰা হয় ।

ভেজাল খাদ্য সামগ্ৰীৰ ব্যৱসায় ৰোধত ব্য়ৰ্থ চৰকাৰ

তেনেদৰে ২০১৯-২০ বিত্তীয় বৰ্ষত ৰাজ্যৰ বজাৰৰ পৰা ৪৫৯টা খাদ্য-সামগ্ৰীৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাত ১২৯ টাত ভেজালকৰণ ধৰা পৰে । এই সন্দৰ্ভত ৬৩টা গোচৰ ৰুজু কৰিছিল যদিও পৰৱৰ্তী সময়ত ১০টা প্রতিষ্ঠানক দোষী সাব্যস্ত কৰিছিল । ইপিনে,২০২০-২১ বৰ্ষত ৰাজ্যৰ বজাৰৰ পৰা সংগ্ৰহ কৰা ৬৭২টা নমুনা ভিতৰত ১৪৪ টা নমুনাত ভেজালকৰণ ধৰা পৰিছিল আৰু ইয়াৰ বিপৰীতে ৪১টা গোচৰ ৰুজু হৈছিল আৰু ৪৬জন ব্যক্তিক দোষী সাব্যস্ত কৰি জৰিমনা আদায় কৰা হয় । তেনেদৰে ২০২১-২২ বৰ্ষতো ৰাজ্যৰ বজাৰৰ পৰা খাদ্য সামগ্ৰীৰ ৫৭৪ টা নমুনা সংগ্ৰহ কৰা হৈছিল আৰু এই নমুনাৰ পৰা ১৩৯ টা নমুনাত ভেজালকৰণ ধৰা পৰিছিল । বিগত এই চাৰি বছৰৰ তথ্যই এই কথাকে প্রমাণিত কৰে যে ৰাজ্যখনত ভেজাল সামগ্রী প্রস্তুতকাৰী অথবা ভেজাল সামগ্রী বিক্ৰী কৰা অসাধু ব্যৱসায়ীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে । কিন্তু বৃদ্ধি পোৱা নাই নমুনা পৰীক্ষাৰ সংখ্যা ।

ভেজাল খাদ্য সামগ্ৰীৰ ব্যৱসায় ৰোধত ব্য়ৰ্থ চৰকাৰ

ইফালে, ৰাজ্য চৰকাৰৰ খাদ্য সুৰক্ষা বিষয়াৰ অভাৱেও এনে ব্যৱসায়ীক উৎসাহিত কৰি তুলিছে । লক্ষণীয় বিষয় যে মূল্যবৃদ্ধি নিয়ন্ত্রণ কৰিবলৈ অসমৰ্থ হোৱা চৰকাৰখনে খাদ্য-সামগ্ৰীৰ ভেজালকৰণ নিয়ন্ত্রণতো চূড়ান্ত ব্যৰ্থ হৈছে । উল্লেখ যে ভেজাল খাদ্য সামগ্ৰীয়ে জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰি আহিছে যদিও এই কথা বহু সময়ত ৰোগীয়েও উপলব্ধি কৰিব নোৱাৰে । নাইবা চিকিৎসকেও স্পষ্ট ৰূপত ক'ব নোৱাৰে যে কি ভেজাল খাদ্যৰ বাবে নিৰ্দ্দিষ্ট ৰোগটো হৈছে । কাৰণ খাদ্য সামগ্ৰীৰ গুণাগুণ নিৰূপণ কৰাৰ দায়িত্ব খাদ্য সুৰক্ষা বিভাগৰ । যিটো দায়িত্ব সংশ্লিষ্ট বিভাগে পালন কৰা নাই। যাৰ পৰিপ্ৰেক্ষিতত ভেজাল খাদ্য সামগ্ৰীয়ে লেহেমীয়া বিহ স্বৰূপে মানুহৰ শৰীৰত নানান ব্যাধিৰ সৃষ্টি কৰি আহিছে ।

লগতে পঢ়ক:নলবাৰীৰ অসামৰিক চিকিৎসালয়ত বিদ্যুৎস্পৃষ্ট হৈ টেকনিচিয়ানৰ মৃত্যু

ABOUT THE AUTHOR

...view details