অসম

assam

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধ কৰিবলৈ নিদিয়ে আছুৱে

By

Published : Dec 27, 2021, 7:01 PM IST

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ একেবাৰে বন্ধ কৰা সিদ্ধান্তক তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ (AASU opposes Closing of Akashvani Guwahati mediumwave) ৷ আকাশবাণী গুৱাহাটী অসমীয়া জাতিৰ স্বাভিমান আখ্যা দি জাতিৰ স্বাভিমানত আক্ৰমণ কৰিব খোজা বিষয়টো মানি লোৱা নহ’ব বুলি গৰজি উঠিল মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৷

aasu-opposes-closing-of-akashvani-guwahati-mediumwave
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধ কৰিব নিদিয়ে আছুৱে

গুৱাহাটী, ২৭ ডিচেম্বৰ :ভাৰত চৰকাৰৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ একেবাৰে বন্ধ কৰা সিদ্ধান্তক তীব্ৰ বিৰোধিতা সদৌ অসম ছাত্ৰ সন্থাৰ(AASU opposes Closing of Akashvani Guwahati mediumwave) । বৰ্তমান দৰে মিডিয়াম ৱেভ চলাই ৰখোৱা দাবী সংগঠনটোৰ । সোমবাৰে চানমাৰিত পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা( Padmashri Pratima Pande Baruah memorial award) প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই মিডিয়াম ৱেভ বন্ধ প্ৰসংগক বিৰোধিতা কৰে ৷

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধ কৰিব নিদিয়ে আছুৱে

তেওঁ কয়, আকাশবাণী গুৱাহাটী অসমীয়া জাতিৰ স্বাভিমান । জাতিৰ স্বাভিমানত আক্ৰমণ কৰিব খোজা বিষয়টো মানি লোৱা নহ’ব । আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধ(Closing of Akashvani Guwahati mediumwave) ব্যৱস্থা কৰা লগে লগেই অসমৰ সংস্কৃতিৰ বৰপেৰাত প্ৰচণ্ড আঘাত সানিছে । অসমীয়া জাতিৰ কলা-সংস্কৃতিক আক্ৰমণ কৰিব বিচৰাৰ সিদ্ধান্ত বাতিল কৰি মিডিয়াম ৱেভ অব্যাহত ৰখাৰ দাবী জনায় ভট্টাচাৰ্যই ।

আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে কয় , 'আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মিডিয়াম ৱেভ বন্ধ কৰাৰ লগে লগে অসমৰ গাঁৱে-ভূঞে, চহৰে নগৰে থকা ৰাইজৰ লগত সংযোগ বিচিন্ন হ’ব । কেন্দ্ৰীয় চৰকাৰে জাতিৰ প্ৰতি যি অন্যায় কৰিব বিচাৰিছে তাক বন্ধ কৰিব লাগে । এইক্ষেত্ৰত অসম চৰকাৰে বলিষ্ঠ পদক্ষেপ ল’ব লাগে ৷
মিডিয়াম ৱেভ বন্ধ কৰি অসমীয়া থলুৱা ভাষা সংস্কৃতি অনুষ্ঠানসমূহ সংকুচিত কৰিব বিচৰা হৈছে যি আমাৰ বাবে গ্ৰহণযোগ্য নহয় ৷

লগতে পঢ়ক :ধেমাজিত লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ঘেৰাও অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

ABOUT THE AUTHOR

...view details