ধেমাজিত লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ঘেৰাও অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

author img

By

Published : Dec 27, 2021, 4:30 PM IST

Updated : Dec 27, 2021, 4:54 PM IST

protest

ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ উত্তাল প্ৰতিবাদ ৷ মৰিধল নদীৰ ওপৰত আজি পৰ্যন্ত এখন পকী দলং নিৰ্মাণ নকৰাক লৈ ক্ষোভ প্ৰকাশ সংগঠনটোৰ (AJYP Protest at PWD office in Dhemaji) ৷

ধেমাজি, 27 ডিচেম্বৰ : সোমবাৰে ধেমাজিৰ লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ঘেৰাও কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে (AJYP Protest at PWD office in Dhemaji) ৷ দেশে স্বাধীনতা লাভ কৰাৰ 7 টা দশকৰ পিছতো ধেমাজি মৰিধলৰ 1 নং জামুগুৰি গাঁও, 2 নং জামুগুৰি গাঁও, কল্পনাপুৰ, চেনিমাৰী গাঁৱকে ধৰি কেইবাখনো গাঁৱৰ প্ৰায় 5 সহস্ৰাধিক ৰাইজে মৰিধল নদীৰ ওপৰত এখন পকী দলং নথকাত যমৰ যন্ত্ৰণা ভোগ কৰি আহিবলগা হৈছে (AJYP protest for a bridge) ৷

ধেমাজিত লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ঘেৰাও অসম জাতীয়তাবাদী যুৱ পৰিষদৰ

ভৰ বাৰিষাৰ সময়ত ৰাইজে নিৰ্মাণ কৰি লোৱা বাঁহৰ দলং আৰু সাঁকো মৰিধলৰ পানীয়ে উটুৱাই নিলেই তথৈবচ অৱস্থা হয় গঞা ৰাইজৰ ৷ অথচ তিলমাত্ৰও কাণসাৰ নাই ধেমাজি লোকনিৰ্মাণ বিভাগৰ (PWD office Dhemaji) ৷ মৰিধল নদীৰ ওপৰত পকী দলং নিৰ্মাণৰ ওপৰত গুৰুত্ব নাই ৰজাঘৰীয়াৰ ৷ ৰাইজৰ শতাধিকবাৰ চৰকাৰৰ ওচৰত কৰা আবেদন নিবেদন অৰণ্যৰোদনত পৰিণত হোৱাত অৱশেষত অঞ্চলবাসীৰ সহযোগত সোমবাৰে ধেমাজি জিলা জাতীয়তাবাদী যুৱ পৰিষদে ঘেৰাও কৰে ধেমাজি লোক নিৰ্মাণ বিভাগৰ কাৰ্যালয় ৷

শতাধিক প্ৰতিবাদীয়ে এই কাৰ্যসূচীত অংশ লৈ লোক নিৰ্মাণ বিভাগ তথা চৰকাৰ বিৰোধী শ্ল’গানেৰে সমগ্ৰ পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰায় 1 ঘণ্টাজোৰা উত্তাল শ্ল’গানৰ সমান্তৰালকৈ ঘেৰাও কাৰ্যসূচী ৰূপায়নেৰে জাতীয়তাবাদী যুৱ পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ জাতীয়তাবাদী যুৱ পৰিষদৰ হুংকাৰ পকী দলং নিৰ্মাণ নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় যুৱ পৰিষদ ৷ মৰিধলবাসীৰ সংগ্ৰাম চলি থাকিব বুলিও জানিবলৈ দিছে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক : Repeal of AFSPA : নাগালেণ্ডত প্ৰত্যাহাৰ হ’ব নেকি AFSPA ?

Last Updated :Dec 27, 2021, 4:54 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.