অসম

assam

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন দেউলীয়া চৰকাৰ চলিছে: আম আদমী পাৰ্টী

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 8:07 PM IST

দেশৰ সংবিধানে নাগৰিকক প্ৰদান কৰা মৌলিক অধিকাৰ খৰ্ব কৰিছে অসম চৰকাৰে এই মন্তব্য আপৰ ৰাজ্যিক উপ সভাপতি জিতুল ডেকাৰ ৷ বুধবাৰে এক সংবাদমেল সম্বোধন কৰি চৰকাৰৰ নতুন কৰ আৰোপ সন্দৰ্ভত সৰৱ হৈ পৰে আম আদমী পাৰ্টী অসমে ।

Assam New Fees Policy
অসম চৰকাৰৰ নতুন মাচুল সন্দৰ্ভত আম আদমী পাৰ্টী

অসম চৰকাৰৰ নতুন মাচুল সন্দৰ্ভত আম আদমী পাৰ্টী

গুৱাহাটী, 22 নৱেম্বৰ : ৰাজ্য চৰকাৰৰ নতুন কৰ আৰোপ সন্দৰ্ভত আম আদমী পাৰ্টীৰ সংবাদমেল । বুধবাৰে আম আদমী পাৰ্টীৰ গণেশগুৰিস্থিত কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে আপৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকা ।

সংবাদমেল সম্বোধন কৰি জিতুল ডেকাই কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখন দেউলীয়া চৰকাৰ চলিছে । চৰকাৰে ধাৰ লৈ বিহু, অমৃত কলহ যাত্ৰা আদি চৰকাৰী কাৰ্যসূচী পাতিছে । ঋণত ডুব গৈ এতিয়া এই কৰ জনসাধাৰণৰ মূৰত জাপি দিছে চৰকাৰখনে ।’’

ইয়াৰোপৰি গৃহ বিভাগে জাৰি কৰা নিৰ্দেশনাক অবৈধ আখ্যা দিয়ে আপ নেতা জিতুল ডেকাই । এই সন্দৰ্ভত ডেকাই কয়, ‘‘পূৰ্বতে ৰজাৰ শাসন আৰু ব্ৰিটিছৰ দিনত এনেদৰে কৰ সংগ্ৰহ কৰিছিল । জনসাধাৰণক হতবাক কৰি চৰকাৰখনে ৰাজ্যত নিতৌ কৰ সংগ্ৰহৰ নতুন নতুন ফৰ্মূলা, পেটাৰ্ণ আৱিস্কাৰ কৰাত নামি পৰিছে ৷’’

অসমত এতিয়া গণতন্ত্ৰ চলা নাই, ৰাজতন্ত্ৰ চলিছে বুলিও মন্তব্য কৰি জিতুল ডেকাই কয়, ‘‘পৰিৱৰ্তনৰ নামত এতিয়া কেৱল শোষণ চলিছে ৰাজ্যত ৷ সংবিধানৰ ১৯ নং অনুচ্ছেদত থকা অধিকাৰ এই চৰকাৰখনে খৰ্ব কৰিছে ৷ আৰক্ষীৰ দায়িত্ব আইন-শৃংখলা নিয়ন্ত্ৰণ কৰা, কিন্তু আৰক্ষীক কৰ সংগ্ৰহৰ দায়িত্ব দিছে চৰকাৰে ।’’

লগতে তেওঁ কয়, ‘‘ শান্তিৰ ৰক্ষক, আইন-শৃংখলাৰ ৰক্ষক আৰক্ষীয়ে এতিয়া দেউলীয়া চৰকাৰৰ বাবে কৰ সংগ্ৰহ কৰিব লাগিব । এতিয়া নতুনকৈ আৰক্ষীৰ দ্বাৰা পুনৰ যিসমূহ শিতানত কৰ সংগ্ৰহ কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে সেয়া চৰম অগণতান্ত্ৰিক আৰু ৰাজতন্ত্ৰৰ বহিঃপ্ৰকাশ ৷ ৮-১০ হাজাৰ টকাত ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰিবলৈ হ’লেও এতিয়া নিবনুৱা এজনে কৰৰ নামত দিব লাগিব ৩০০ টকা ।’’

ৰাইজৰ মাজলৈ যাবলৈ ৰাজনৈতিক দলসমূহে ২০০০ টকাকৈ দিব লাগিব বুলি উল্লেখ কৰি আপ, অসমৰ উপ-সভাপতি জিতুল ডেকাই কয় যে উশাহ-নিশাহ লোৱাৰ বাহিৰে কৰ দিবলৈ আৰু একো বাকী নাৰাখিল চৰকাৰে ৷ এইখন চৰকাৰে জনতাৰ সংবিধানৰ অধিকাৰ খৰ্ব কৰিছে বুলি মন্তব্য কৰে জিতুল ডেকাই ।

এতিয়া গাঁৱে-ভূঞে যুৱকসকলে খেল অনুষ্ঠিত কৰিবলৈও ভৰিব লাগিব দুই হাজাৰ টকা । মুঠতে এই চৰকাৰৰ দিনত ঘৰৰ পৰা বাহিৰ ওলাই আহিলেই কৰ ভৰিব লাগিব বুলি মন্তব্য কৰে জিতুল ডেকাই ৷ সেইসমূহ কামৰ বাবে টকাৰ প্ৰয়োজন কিয় বুলি সংবাদ মেলত আপ নেতা জিতুল ডেকাই প্ৰশ্ন উত্থাপন কৰে । চৰকাৰৰ এনে জনবিৰোধী কাৰ্য তথা শোষণ নীতিৰ বিৰুদ্ধে গণতন্ত্ৰত বিশ্বাসী প্ৰতিগৰাকী ব্যক্তি, অনুষ্ঠানক এই কৰ ব্যৱস্থাৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক :বিজেপি চৰকাৰ ইষ্ট ইণ্ডিয়া কোম্পানীতকৈও ভয়ংকৰ : লুৰীণজ্যোতি গগৈ

ABOUT THE AUTHOR

...view details