অসম

assam

68th National Film Awards declared: অসমেও আঁজুৰিলে কেইবাটাও ৰাষ্ট্ৰীয় সন্মান

By

Published : Jul 22, 2022, 7:21 PM IST

শুকুৰবাৰে ঘোষণা কৰা হয় ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (68th National Film Awards declared) । আজি ঘোষণা কৰা ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰত অসমলৈও আহিল কেইবাটাও বঁটা (Assam won several awards at 68th National Film Awards) ৷

Diamasa language film Semkhor got selected for 68th National Film Awards
68th National Film Awards declared: অসমেও আঁজুৰিলে কেইবাটাও ৰাষ্ট্ৰীয় সন্মান

গুৱাহাটী, ২২ জুলাই: শুকুৰবাৰে ঘোষণা কৰা হয় ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (68th National Film Awards declared) । এই সমাৰোহত বিভিন্ন শিতান আৰু বিভিন্ন ভাষাৰ বাবে শ্ৰেষ্ঠ সন্মান ঘোষণা কৰা হয় । আজি ঘোষণা কৰা ৬৮ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰত অসমলৈও আহিল কেইবাটাও বঁটা ((Assam won several awards at 68th National Film Awards) ৷

কৃপাল কলিতাৰ পৰিচালিত ‘ব্ৰীজ’ লৈ ৰজত কমল বঁটা

এই বঁটা ঘোষণা কৰাৰ লগে লগে উচাহৰ ঢল নামিছে অসমৰ চলচিত্ৰ জগতলৈ । কিয়নো অসমৰ কেইবাখনো ছবিয়ে কঢ়িয়াই আনে এই সন্মান । কৃপাল কলিতাৰ পৰিচালিত ‘ব্ৰীজ’ নামৰ ছবিখনে আঞ্চলিক ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে লাভ কৰে ৰজত কমল বঁটা (Rajat Kamal Award for best Best regional language film) । আনহাতে আইমী বৰুৱাৰ পৰিচালিত ‘চেমখৰ’য়ে লাভ কৰে দুটাকৈ বঁটা (Aimee Baruah Semkhor won two awards) ।

আইমী বৰুৱাৰ পৰিচালিত ‘চেমখৰ’য়ে লাভ কৰে দুটাকৈ বঁটা

আইমী বৰুৱাৰ ‘চেমখৰ’ ছবিলৈ ডিমাছা ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰজত কমল বঁটা আগবঢ়োৱা হয় । ‌লগতে ছবিখনত অভিনয়ৰ বাবে আইমী বৰুৱালৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ ‘জুৰীৰ বিশেষ উল্লেখ’ সন্মান আগবঢ়োৱা হয় । আনহাতে অ-কাহিনী চিত্ৰ শিতানত অসমৰ দুখন ছবিয়ে লাভ কৰে এই পুৰস্কাৰ । পৰিৱেশ শিতানত দীপ ভূঞা পৰিচালিত 'মানাহ আৰু মানুহ' নামৰ ছবিখনে শ্ৰেষ্ঠ পৰিৱেশ চলচ্চিত্ৰ বঁটা লাভ কৰে ।

সেইদৰে খঞ্জন কিশোৰ নাথৰ কাৰ্বি চুটি ছবি ‘কাচিচিনিথু’লৈ শ্ৰেষ্ঠ চুটি ছবি হিচাপে ৰজত কমল বঁটা আগবঢ়োৱা হয় ।

লগতে পঢ়ক:68th National Film Awards declared: অজয় ​​দেৱগণ আৰু সূৰ্যাই লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা

ABOUT THE AUTHOR

...view details