যোৰহাট,১৬ নৱেম্বৰ:৫০টি সোণালী বসন্ত অতিক্ৰম কৰিব যুৱপ্ৰজন্মৰ হাৰ্থথ্ৰব জুবিন গাৰ্গে । ১৮ নৱেম্বৰত অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পীগৰাকীৰ ৫০ সংখ্যক জন্মদিন(50th birthday of Zubeen Garg) । জুবিন ফেন ক্লাৱে প্ৰিয় শিল্পীগৰাকীৰ জন্মদিনটো উলহ-মালহেৰে উদযাপন কৰাৰ আয়োজন কৰিছে(Zubeen Fan Club) । জন্মজিলা যোৰহাটত ৫০ সংখ্যক জন্মদিন উদযাপন কৰিব জুবিনে(Birthday of Zubeen Garg to be celebrated in Jorhat) । সেয়েহে মঙলবাৰে নিশাই যোৰহাটত উপস্থিত হয় জুবিন গাৰ্গ(Zubeen Garg in Jorhat) ।
যোৰহাট কৰ্ট ফিল্ডত বৰ্ণাঢ্য কাৰ্যসূচীৰে জুবিন ফেন ক্লাৱে আয়োজন কৰিছে পঞ্চাশ বছৰীয়া জন্মদিনৰ । ১৮ নৱেম্বৰত গীতে-মাতে আৰু বিভিন্ন সজাগতামূলক কাৰ্যসূচীৰে নিজ জন্মজিলাত উদযাপন কৰিব জুবিন গাৰ্গে নিজৰ জন্মদিন । দিনে-নিশাই প্ৰস্তুতি আৰম্ভ কৰিছে জুৱিন ফেন ক্লাৱে ।
মঙলবাৰে নিশা শিল্পীগৰাকী যোৰহাটত উপস্থিত হোৱাৰ লগে লগে অনুৰাগীৰ মাজত ব্য়াপক উচাহ দেখিবলৈ পোৱা যায় । কাষতে মৰমৰ শিল্পী গৰাকীক পোৱাৰ হেপাঁহৰ বাবেই এতিয়া যোৰহাটবাসীৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে ।