অসম

assam

Naga aggression at Mariani : অসমৰ মাটিত নগাক নিদিলে প্ৰাণে মৰাৰ ভাবুকি অসমীয়াক

By

Published : May 4, 2023, 2:25 PM IST

সীমান্তত অব্যাহত আছে নগা দুৰ্বৃত্তৰ সন্ত্ৰাস (Terror of Naga miscreants) ৷ অসমৰ মাটিত অস্ত্ৰধাৰী নগাই ভাবুকি প্ৰদান কৰিলে ক্ষুদ্ৰ চাহ খেতিয়কক ৷ অসমৰ মাটি নগাক এৰি নিদিলে গুলীয়াই মৰাৰ ভাবুকি প্ৰদান কৰিলে চহা অসমীয়াক ৷

Naga aggression at Mariani
অসমৰ মাটিত অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ সন্ত্ৰাস

অসমৰ মাটিত অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ সন্ত্ৰাস

যোৰহাট, 4 মে’ :উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ সীমা সমস্যা সমাধানৰ বাবে আলোচনা অব্যাহত থকাৰ মাজতে পোহৰলৈ আহিছে এক ভয়ংকৰ তথ্য (Discussions to resolve border dispute north eastern states) ৷ এইবাৰ উজনি অসমৰ উত্তৰ-পূৱ সীমান্তৰ ৰে’ল বিভাগৰ ৰে’লপথলৈকে থকা ভূমি নাগালেণ্ডৰ বুলি দাবী কৰিলে নগা দুৰ্বৃত্তই (Terror of Naga miscreants)। আনকি অসমৰ এই ভূমিসমূহ নাগালেণ্ডক ঘূৰাই নিদিলে ভয়ংকৰ পৰিণতিৰ বাবে সাজু থাকিবলৈ খোদ অসমৰ মাটিতে অসমীয়াক ভাবুকি প্ৰদান কৰিলে নগা দুবৃত্তই ।

মৰিয়নিৰ মগ্ৰৈ গাঁৱৰ লোকে উল্লেখ কৰা অনুসৰি, বৃহস্পতিবাৰে মৰিয়নিৰ মগ্ৰৈ গাঁৱৰ সীমান্তলৈ আহিছিল অস্ত্ৰধাৰী তিনিজনীয়া নগাৰ এটা দল ৷ নগাৰ এই দলটোৱে মগ্ৰৈ গাঁৱৰ অসীম গগৈ নামৰ এজন ক্ষুদ্ৰ চাহ খেতিয়কক তেওঁ মাটি নগাক এৰি দিবলৈ ভাবুকি প্ৰদান কৰে (Naga aggression at Mariani) ৷ মগ্ৰৈৰ গাঁৱৰ ভূমি এৰি নিদিলে অসীম গগৈক গুলীয়াই মৰাৰো ভাবুকি প্ৰদান কৰে অস্ত্ৰধাৰী নগাৰ দলটোৱে । এই ঘটনাৰ পিচতে সমগ্ৰ সীমান্ত অঞ্চলত এক আতংকময় পৰিৱেশৰ সৃষ্টি হয় ।

লগতে পঢ়ক :Raped and killed at Margherita : জঘন্য: কিশোৰীক ধৰ্ষণ কৰি চেপটিক টেংকত ভৰালে মৃতদেহ

সংবাদ মাধ্যমৰ আগত অসীম গগৈয়ে উল্লেখ কৰা মতে, অস্ত্ৰধাৰী নগা দুৰ্বৃত্তৰ দলটোৱে মৰিয়নিৰ মগ্ৰৈ গাঁৱৰ ক্ষুদ্ৰ চাহ বাগান, মৎস্য পালনৰ ফিচাৰিসমূহৰ লগতে সমগ্ৰ মগ্ৰৈ গাঁওখনে নাগালেণ্ডৰ বুলি দাবী কৰিছে । কেৱল মগ্ৰৈ গাঁওখনেই নহয়, উজনিৰ উত্তৰ পূৱ সীমান্তৰ ৰে’ল বিভাগৰ ৰে’লপথলৈকে থকা অসমৰ ভূমি নাগালেণ্ডৰ বুলি দাবী কৰিছে এই অস্ত্ৰধাৰী নগা দুবৃত্তৰ দলটোৱে । যাক লৈ শংকিত হৈ পৰিছে এতিয়া সামান্তবাসী ৷

ইফালে এই ঘটনা সন্দৰ্ভত মৰিয়নিৰ মগ্ৰৈ গাঁওবাসী ৰাইজে আৰক্ষীক অৱগত কৰে ৷ কিন্তু এই সন্দৰ্ভত জ্ঞাত হৈয়ো বাতৰি যুগুত কৰা পৰলৈকে ঘটনাস্থলীলৈ ৰাওনা হোৱা নাই আৰক্ষীৰ কোনো লোক ৷ অসম আৰক্ষীৰ এই ভূমিকাক লৈয়ো এতিয়া ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ তথা গাঁওবাসী ৷

লগতে পঢ়ক :Manipur violence updates : মণিপুৰত সেনাৰ ফ্লেগ মাৰ্চ; আঠখন জিলাত কাৰ্ফিউ, ৫ দিনৰ বাবে বন্ধ ইণ্টাৰনেট সেৱা

ABOUT THE AUTHOR

...view details