অসম

assam

Felicitation programme: পৰিৱৰ্তনৰ উদ্যোগত যোৰহাটত বিশেষ সম্বৰ্ধনা অনুষ্ঠান

By

Published : Jun 17, 2023, 9:12 PM IST

বেচৰকাৰী সংস্থা 'পৰিৱৰ্তন'ৰ উদ্যোগত অনুষ্ঠিত কৰা হয় বিশেষ সম্বৰ্ধনা অনুষ্ঠান । প্ৰায় দুশ কৃতি শিক্ষাৰ্থীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় এই অনুষ্ঠানত ।

Special felicitation programme in Jorhat
পৰিৱৰ্তনৰ উদ্যোগত যোৰহাটত বিশেষ সম্বৰ্ধনা অনুষ্ঠান

যোৰহাট,১৭ জুন:যোৰহাটৰ আগশাৰীৰ সামাজিক, সাংস্কৃতিক তথা বেচৰকাৰী অনুষ্ঠান 'পৰিৱৰ্তন'ৰ উদ্যোগত শনিবাৰে যোৰহাটৰ ক্লাব ৰোডস্থিত মল্লিকা ভৱনত অনুষ্ঠিত কৰা হয় এক ব্যতিক্ৰমী সম্বৰ্ধনা অনুষ্ঠান । পৰিৱৰ্তনৰ উদ্যোগত বাঘচোং ব্লকৰ ৫১ নং গাঁও পঞ্চায়তৰ অন্তৰ্গত কৃতি শিক্ষাৰ্থীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

যিসময়ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে, সেইসময়ত বেচৰকাৰী সংস্থা পৰিৱৰ্তনে বাঘচোং ব্লকৰ ৫১ নং গাঁও পঞ্চায়তৰ কৃতি শিক্ষাৰ্থীক গামোচা, স্মাৰকৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে ।

এই অনুষ্ঠানত বাঘচোং ব্লকৰ ৫১ নং গাঁও পঞ্চায়তৰ অন্তৰ্গত এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ প্ৰায় ২০০ শিক্ষাৰ্থীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় পৰিৱৰ্তনৰ উদ্যোগত । পৰিৱৰ্তন বেচৰকাৰী সংস্থাৰ সভাপতি তথা বিশিষ্ট সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে আদৰণি ভাষণ প্ৰদান কৰি কয় যে, ২০১২ বৰ্ষত পৰিৱৰ্তন প্ৰতিষ্ঠা কৰা হৈছিল কেইজনমান যুৱকৰ তৎপৰতাত ।

‘‘প্ৰতিষ্ঠা কালৰে পৰাই পৰিৱৰ্তনে বানপানী, ক'ভিদৰ সময়ত আর্তজনৰ কাষত থিয় দিয়াৰ লগতে বিভিন্ন আৰ্থিকভাৱে দুৰ্বল তথা বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত লোকক আৰ্থিকভাৱে সহায় আগবঢ়াই আহিছে । তদুপৰি যোৰহাটৰ বিভিন্ন ব্লকৰ অন্তৰ্গত পঞ্চায়তৰ বিভিন্ন কৃতি ছাত্ৰ-ছাত্ৰীসকলক ঘৰে ঘৰে গৈ সম্বৰ্ধনা জ্ঞাপন কৰি আহিছে । কিন্তু এইবাৰ আমি ৰাজহুৱা সম্বৰ্ধনা জ্ঞাপন কৰাৰ ব্যৱস্থা কৰিছো । আজি বাঘচোং ব্লকৰ অন্তৰ্গত ৫১ নং পঞ্চায়তৰ পৰা এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্রীক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হৈছে । পৰৱৰ্তী পৰ্যায়ত বিভিন্ন পঞ্চায়তত এইদৰে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব ।’’

আনহাতে এই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিশিষ্ট শিক্ষাবিদ শ্বেহনাজ আহমেদে কয় যে, ‘‘এই বিশেষ সম্বৰ্ধনা অনুষ্ঠান পৰিৱৰ্তনে আয়োজন কৰিছে, ই এক শুভ লক্ষণ । আমি কেৱল স্থান প্ৰাপ্ত সকলক সম্বৰ্ধনা জ্ঞাপন কৰিলে নহ'ব । আমি সুখ্যাতিৰে উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্রীক সন্মান জনোৱা উচিত । তেতিয়া তেওঁলোক অনাগত দিনত অধিক আগ্ৰহেৰে অধ্যয়ন কৰিবৰ বাবে উৎসাহিত হ'ব ।

ছাত্ৰ-ছাত্ৰীসকলে কেৱল পাঠ্যপুথিৰ জ্ঞানৰ ওপৰত গুৰুত্ব দি অধ্যয়ন কৰিলে নহ'ব । তেওঁলোকে সমাজৰ জ্ঞানো আহৰণ কৰিব লাগিব । তেতিয়া হে জীৱনত সফলতা লাভ কৰা সম্ভৱ হৈ উঠিব । আনহাতে আজিৰ সভাত উপস্থিত থাকি যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত আকাশী দুৱৰাই কয় যে, পৰিৱৰ্তনে প্ৰত্যেক গাঁও পঞ্চায়তত যি সম্বৰ্ধনা অনুষ্ঠান লৈছে, এই পদক্ষেপ সচাই আদৰণীয় । ’’

‘‘ছাত্ৰ-ছাত্ৰীয়ে জীৱনত বহু প্ৰত্যাহ্বান পাব । সেয়ে নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ শক্তি সামৰ্থ্যৰ বলত আগবাঢ়ি যাব লাগিব । নিজৰ প্ৰতিভা সদায় প্ৰদৰ্শন কৰা উচিত । লগতে ছাত্ৰ ছাত্ৰী সকলে সপোন দেখা উচিত ভৱিষ্যত জীৱনৰ বাবে । এক লক্ষ লৈ আগবাঢ়ি যোৱা উচিত ছাত্ৰ অৱস্থাৰ পৰাই । ’’ আনহাতে আজিৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি এই বক্তব্য প্ৰদান কৰে যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীয়ে ।

লগতে পঢ়ক:Diphu Congress: ডিফু কংগ্ৰেছৰ বিশাল যোগদান কাৰ্যসূচী

ABOUT THE AUTHOR

...view details