অসম

assam

Court Employees Protest at TSK: ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদত স্তব্ধ ৰাজ্যৰ ন্যায়িক আদালত

By

Published : Jun 27, 2023, 5:36 PM IST

ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদত স্তব্ধ ৰাজ্যৰ ন্যায়িক আদালত ৷ মৰিগাঁও, তিনিচুকীয়াত আৰু যোৰহাটতো প্ৰতিবাদ ৷ শেট্টী কমিচন আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰীকৰণৰ দাবী ন্যায়িক কৰ্মচাৰীৰ ৷

Court Employees Protest in Assam
ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদত স্তব্ধ ৰাজ্যৰ আদালত

ন্যায়িক কৰ্মচাৰীৰ প্ৰতিবাদত স্তব্ধ ৰাজ্যৰ আদালত

মৰিগাঁও/যোৰহাট/তিনিচুকীয়া 27 জুন: সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে ৰাজ্যজুৰি ন্যায়িক আদালত কৰ্মৰত কৰ্মচাৰীয়ে ৰূপায়ন কৰিলে কৰ্মবিৰতি ৷ শেট্টী কমিচন আয়োগৰ পৰামৰ্শ কাৰ্যকৰী নকৰা, আদালতৰ ৰায়ক গুৰুত্ব নিদিয়া চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে ন্যায়িক আদালতত কৰ্মৰত কৰ্মচাৰীয়ে ৷

জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মৰিগাঁও জিলাতো কৰ্মবিৰতিৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ন্যায়িক কৰ্মচাৰীয়ে ৷

2009 চনত গুৱাহাটী উচ্চ ন্যায়লয়ে শেট্টী কমিচন আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিয়াৰ পাচতো চৰকাৰে পালন কৰা নাই ৷ যাৰ বাবে মৰিগাঁও জিলাতো জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ চৌহদত সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাই অৱস্থান ধৰ্মঘট পালন কৰে ৷

আনহাতে তিনিচুকীয়াতো সদৌ অসম ন্যায়িক কৰ্মচাৰী সন্থাৰ আহ্বানমৰ্মে তিনিচুকীয়া জিলাৰ ন্যায়িক কৰ্মচাৰীয়ে সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে । ন্যায়িক কৰ্মচাৰীসকলৰ এই অসহযোগৰ ফলত তিনিচুকীয়াত ন্যায়িক ব্যৱস্থা সম্পূৰ্ণ ৰূপে স্তব্ধ হৈ পৰে ।

পদোন্নতিৰ ক্ষেত্ৰত ২৫% চতুৰ্থ বৰ্গৰ কৰ্মচাৰীক সুবিধা দিয়া, ROP 2017 ত ন্যায়িক কৰ্মচাৰীৰ দৰমহা গাঁথনি অন্তৰ্ভুক্ত, মুখ্য ন্যায়িক দণ্ডাধীশ কাৰ্যালয়ৰ মুখ্য সহায়কৰ দৰমহা জিলা ন্যায়াধীশ কাৰ্যালয়ৰ মুখ্য সহায়কৰ সমপৰ্যায়ৰ কৰা, পদ অনুসৰি স্নাতক হাৰত দৰমহা প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ ন্যায়িক কৰ্মচাৰী সকলৰ ৷

সমান্তৰালকৈ যোৰহাট নায়্যালয় প্ৰাংগণৰ সন্মুখত সৰ্বাত্মক কৰ্মবিৰতি পালন কৰে ন্যায়িক কৰ্মচাৰীসকলে ৷ 14 বছৰে ন্যায়িক আদালত কৰ্মচাৰীসকলৰ প্ৰাপ্য লাভ নকৰিলে ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায় অসম চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰিলে । সেয়ে মঙলবাৰে সমগ্ৰ ৰাজ্যতে কৰ্মবিৰতি পালন কৰিলে ন্যায়িক কৰ্মচাৰী সকলে ৷

শীঘ্ৰে ন্যায়িক আদাল কৰ্মচাৰী সকলৰ ক্ষেত্ৰত শেট্টী আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰী নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী ন্যায়িক কৰ্মচাৰী সকলে ৷

লগতে পঢ়ক:Assam flood: ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি; প্ৰথমটো বানত মৃত্যু 5 জনৰ

ABOUT THE AUTHOR

...view details