অসম

assam

Man murdered his wife: তিতাবৰত দোকানৰ ভিতৰতে পত্নীক হত্যা কৰিলে সুৰাপায়ী স্বামীয়ে

By

Published : Mar 14, 2023, 8:11 AM IST

তিতাবৰত চাঞ্চল্যকৰ হত্যাকাণ্ড । দোকানৰ ভিতৰতে স্বামীয়ে হত্যা কৰিলে পত্নীক ৷ অঞ্চলজুৰি চাঞ্চল্য (Mysterious murder at Titabor) ৷

Husband brutally killed wife
তিতাবৰত চাঞ্চল্যকৰ হত্যাকাণ্ড

তিতাবৰত চাঞ্চল্যকৰ হত্যাকাণ্ড

যোৰহাট, 14 মাৰ্চ :ৰাজ্যত নিত্য নৈমত্তিকভাৱে ঘটিবলৈ ধৰিছে বিভিন্ন অপৰাধজনিত ঘটনা ৷ এইবাৰ যোৰহাট জিলাৰতিতাবৰত সংঘটিত হ'ল আন এক লোমহৰ্ষক হত্যাকাণ্ড । সুৰাপায়ী স্বামীয়ে দোকানৰ ভিতৰতে হত্যা কৰিলে পত্নীক । এই ঘটনাই সম্প্ৰতি সমগ্ৰ অঞ্চলটোতে সৃষ্টি কৰিছে চাঞ্চল্যৰ (Murder cases increase in Assam) ৷

তিতাবৰ তিনিআলিত সোমবাৰৰ সন্ধিয়া সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনাটো । দীৰ্ঘদিন ধৰি সুৰাপায়ী স্বামী পংকজ বৰা আৰু পত্নী জ্যোতিকা বৰাই তিতাবৰ তিনি আলিত এখন জোতা-চেণ্ডেলৰ দোকান খুলি উলিয়াইছিল উপাৰ্জনৰ পথ । সোমবাৰৰ সন্ধিয়াৰ ভাগত সেই দোকানখনৰ চাটাৰ বন্ধ কৰি দম্পতীয়ে কাজিয়াত লিপ্ত হোৱা বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজৰ লগতে প্ৰত্যক্ষদৰ্শীয়ে (Husband kills wife at Titabor)।

বহু সময় ধৰি দোকানৰ চাটাৰ বন্ধ হৈ দেখি স্থানীয় ৰাইজৰ সন্দেহ ওপজে আৰু তিতাবৰ আৰক্ষীক বিষয়টো অৱগত কৰে । তিতাবৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বন্ধ হৈ থকা দোকানখনৰ চাটাৰ খোলাত মৃত অৱস্থাত পত্নী জুতিকা বৰাক মাটিত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে ৷ আনহাতে দোকানৰ ভিতৰত বহি থকা অৱস্থাতে স্বামী পংকজ বৰাক আৰক্ষীয়ে কৰায়ত্ত কৰে । ইতিমধ্যে তিতাবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী স্বামী পংকজ বৰাক (Mysterious murder at Titabor) ।

সমগ্র ঘটনাটোক কেন্দ্র কৰি তিতাবৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । উল্লেখ্য কৰা প্ৰয়োজন যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দীৰ্ঘদিন ধৰি যোৰহাট জিলাখনতো ক্ৰমৱৰ্ধমান হাৰত বৃদ্ধি পাবলৈ ধৰিছে হত্যা, মাৰপিট তথা বিভিন্ন অপৰাধজনিত ঘটনা । কিন্তু এনেধৰণ অপৰাধজনিত ঘটনা ৰোধ কৰাত চূড়ান্তভাৱে বিফল হোৱা পৰিলক্ষিত হৈছে যোৰহাট জিলা আৰক্ষী । ইয়াৰ বিপৰীতে নিৰীহক প্ৰহাৰ কৰাৰ এটা অভিযোগ বিশেষভাৱে চৰ্চিত হৈ পৰা দেখিবলৈ পোৱা গৈছে (Innocent beaten by Jorhat Police) ।

লগতে পঢ়ক :Barbarism of Jorhat Police: মন্দিৰৰ ভিতৰলৈ জোতা পৰিধান কৰি গৈ নিৰীহক প্ৰহাৰ যোৰহাট আৰক্ষীৰ

ৰাজ্যৰ ভিতৰতে সাক্ষৰতাৰ হাৰ অধিক থকা যোৰহাট জিলাত দিনক দিনে আইন শৃংখলাজনিত পৰিস্থিতি বিঘ্নিত হোৱাৰ খবৰে চিন্তান্বিত কৰি তুলিছে যোৰহাটবাসীক ।

ABOUT THE AUTHOR

...view details