Barbarism of Jorhat Police: মন্দিৰৰ ভিতৰলৈ জোতা পৰিধান কৰি গৈ নিৰীহক প্ৰহাৰ যোৰহাট আৰক্ষীৰ

author img

By

Published : Mar 13, 2023, 5:31 PM IST

Barbarism of Jorhat Police

যোৰহাট আৰক্ষীৰ বৰ্বৰতা ৷ এগৰাকী নিৰীহৰ ব্যক্তিক বিনা কাৰণত প্ৰহাৰ যোৰহাট পুলিবৰ আৰক্ষীৰ ৷ মন্দিৰৰ ভিতৰতো আৰক্ষীয়ে জোতা পৰিধান কৰি প্ৰৱেশ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ (Innocent beaten by Jorhat Police) ৷

মন্দিৰৰ ভিতৰলৈ জোতা পৰিধান কৰি গৈ নিৰীহক প্ৰহাৰ যোৰহাট আৰক্ষীৰ

যোৰহাট, 13 ফেব্ৰুৱাৰী: নিৰীহক প্ৰহাৰ কৰি বৰমতা যোৰহাট আৰক্ষী ৷ মন্দিৰৰ ভিতৰলৈ জোতা পৰিধান কৰি গৈ এগৰাকী নিৰীহক প্ৰহাৰ যোৰহাট পুলিবৰ আৰক্ষীৰ ৷ এই ঘটনাক কেন্দ্ৰ কৰি যোৰহাট জিলাত তীব্ৰ প্ৰতিক্ৰিয়া (Innocent beaten by Jorhat Police) ৷

উল্লেখ্য যে, যোৰহাট জিলাৰ ঐতিহ্যমন্দিত তৰাজান পূজা মন্দিৰত দেওবাৰে সংঘটিত হয় এই ঘটনা ৷ প্ৰাপ্ত তথ্য অনুসৰি দেওবাৰে নিশা তৰাজান পূজা মন্দিৰত অনুষ্ঠিত হৈছিল এক বিবাহ অনুষ্ঠান ৷ বিবাহ অনুষ্ঠান সম্পন্ন হোৱাৰ পাচত নিশা প্ৰায় 1.30 বজাত যোৰহাট পুলিবৰ থানাৰ আৰক্ষীৰ(Jorhat Pulibor police station) এটা দল এগৰাকী ব্যক্তিক বিচাৰি উপস্থিত হয়হি মন্দিৰত ৷ জিতেন ৰোহি দাস নামৰ এগৰাকী ব্যক্তিক বিচাৰি আহিছিল আৰক্ষীৰ দলটো (Jorhat police attack innocent) ৷

কিন্তু মন্দিৰত জিতেন ৰোহি দাসৰ পৰিৱৰ্তে পাপু ৰোহি দাস নামৰ মন্দিৰটোৰ এগৰাকী কৰ্মচাৰী উপস্থিত আছিল ৷ পৰৱৰ্তী পৰ্যায়ত জিতেন ৰোহি দাসক বিচাৰি নাপায় পাপু ৰোহি দাসকে বিনা কাৰণতে মন্দিৰৰ বাহিৰত উপৰ্যুপৰি প্ৰহাৰ কৰে আৰক্ষীৰ দলটোৱে ৷ মন্দিৰৰ ভিতৰলৈয়ো জোতা পৰিধান কৰি গৈ আৰক্ষীৰ দলটোৱে পাপু ৰোহি দাসক গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰি লৈ যায় থানালৈ ৷

মন্দিৰটোৰ এগৰাকী নিৰীহ কৰ্মচাৰীক বিনা কাৰণক প্ৰহাৰ কৰা আৰু আৰক্ষীয়ে মন্দিৰৰ ভিতৰলৈ জোতা পৰিধান কৰি যোৱা কাৰ্যক সহজভাৱে ল’ব পৰা নাই মন্দিৰ পৰিচালনা সমিতিৰ লগতে অঞ্চলটোৰ স্থানীয় ৰাইজে ৷ আৰক্ষীৰ এনে কাৰ্যক ধিক্কাৰ জনাই তৰাজান পূজা সন্মিলনীয়ে দেওবাৰে সম্বোধন কৰে এক সংবাদমেল ৷ আৰক্ষীৰ এনে কাৰ্যত হতভম্ব হৈ পৰিছে সকলো ৷

কেৱল সিমানেই নহয়, আৰক্ষীয়ে প্ৰহাৰ কৰা পাপু ৰোহি দাসক চিকিৎসালয়ত আঘাত পোৱা বুলি ক’বলৈ আৰক্ষীয়ে বাধা প্ৰদান কৰা বুলিও উত্থাপন হৈছে এনে অভিযোগ ৷ ৰাইজৰ ধৰ্মীয় অনুভূতিত আঘাত সনা আৰক্ষীৰ এনে কাৰ্যৰ উচিত বিচাৰ দাবী কৰিছে তৰাজান পূজা সন্মিলনীয়ে ৷

লগতে পঢ়ক: Pregnant Women Attack: যোৰহাটত গৰ্ভৱতী মহিলাক প্ৰহাৰ দুৰ্বৃত্তৰ দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.